'বিশ্বৰ সৰ্ববৃহৎ সন্ত্ৰাসবাদ বিৰোধী পুঁজি' সংগ্ৰহৰ প্ৰস্তাৱ; প্ৰতিজন ভাৰতীয় মুছলমানক ১০০ টকাকৈ বৰঙণিৰ আহ্বান

Story by  atv | Posted by  [email protected] • 4 h ago
কলা বেজ পৰিধান কৰি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ শান্তিপূৰ্ণ প্ৰতিবাদ ভাৰতীয় মুছলমানৰ
কলা বেজ পৰিধান কৰি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ শান্তিপূৰ্ণ প্ৰতিবাদ ভাৰতীয় মুছলমানৰ
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী 

পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে স্থানীয় ঘোঁৰাচালককে ধৰি মুঠ ২৭ জন লোকক নৃশংসভাৱে হত্যা কৰা পেহেলগাম কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশৰ মুছলমান সমাজে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে।
 
এই সময়তে আই এ এছৰ প্ৰশিক্ষক একাডেমী (IAS coaching Academy)ৰ এজন সুপৰিচিত মুৰব্বী সমীৰ আহমেদ ছিদ্দিকীয়ে এক প্ৰস্তাৱ দিছে যে, মুছলমানৰ সম্প্ৰদায়ে সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰ পৰিণতিৰ সৈতে মোকাবিলা কৰিবলৈ 'বিশ্বৰ সৰ্ববৃহৎ সন্ত্ৰাসবাদ বিৰোধী পুঁজি' সংগ্ৰহ কৰিব লাগে।   

এই পুঁজিয়ে সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকলৰ জীৱিত পৰিয়াল তথা আত্মীয়সকলক সহায় কৰিব বুলিও ছিদ্দিকীয়ে কয়। মুছলমান সমাজৰ প্ৰগতিশীল চিন্তাবিদ হিচাপে আত্মপ্ৰকাশ কৰা সমীৰ আহমেদ ছিদ্দিকীয়ে কয় যে, যদি ২০ লাখ ভাৰতীয় মুছলমানে ১০০ টকাকৈও বৰঙণি আগবঢ়ায়, তেন্তে এক বৃহৎ পুঁজিৰ সংগ্ৰহ  হব। আৰু এই পুঁজিৰ সহায়লতে পেহেলগাম আক্ৰমণত নিহতৰ পৰিয়ালৰ 'সাত প্ৰজন্ম' লৈ আৰ্থিক সাহায্য প্ৰদান কৰিব পৰা যাব। 
 

সমীৰ আহমেদ ছিদ্দিকী
 
সমীৰ আহমেদ ছিদ্দিকীৰ এই ধাৰণা কলকাতাৰ ৱলী ৰহমানীৰ দৰেই একে। কিয়নো ৰহমানীয়েও একে ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আৰ্থিক বৰঙণিৰ জৰিয়তে ১২ কোটি টকাত এখন অত্যাধুনিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।   

ছিদ্দিকীৰ ধাৰণা যে, এই পুঁজিৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই উদ্যোগ ল'ব লাগিব। তেওঁ কয় যে, যিহেতু কাশ্মীৰ দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদ আৰু নেতিবাচক ছবিৰ সৈতে জড়িত হৈ আছে, সেয়েহে এই ক্ষেত্ৰত আব্দুল্লাই আগভাগ ল'ব লাগিব। তেওঁ লগতে কয় যে, কাশ্মীৰক ইতিবাচক আৰু ঐতিহাসিক অভিলেখৰ সৈতেও জড়িত কৰাৰ সময় আহি পৰিছে।   

তেওঁ কয়, "যি ঠাইত নিৰীহ লোকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধাৰ পিছত হত্যা কৰা হৈছিল আৰু কলিমাক অসন্মান কৰাৰ চেষ্টা কৰা হৈছিল, সেয়েহে সেই ঠাইত থকা জনসাধাৰণৰ আহ্বানত 'বিশ্বৰ সৰ্ববৃহৎ সন্ত্ৰাসবাদ বিৰোধী পুঁজি' গঠন কৰা উচিত। ইয়াৰদ্বাৰা কেৱল যে কাশ্মীৰৰ প্ৰতিচ্ছবিয়ে সলনি হব তেনে নহয়, ই মানৱতাৰ সপক্ষে এক শক্তিশালী বাৰ্তাও প্ৰেৰণ কৰাৰ দৰে হ'ব।"   

ছয় দিন পূৰ্বে সমীৰ আহমেদ ছিদ্দিকীয়ে নিজৰ ইউটিউব চেনেল 'টিম সমীৰ ছিদ্দিকী'ত তেওঁৰ প্ৰস্তাৱ দাখিল কৰিছিল। এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত জনসাধাৰনে ইয়াক ‘দৃষ্টি খোল খোৱা পদক্ষেপ’ বুলি উল্লেখ কৰি শলাগ লৈছে।
   

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে মুছলমান নৱ-প্ৰজন্ম
 
সামাজিক মাধ্যমত জনসাধাৰনে মন্তব্য কৰিছে....

"ছাৰ, আপোনাৰ চিন্তাধাৰাক প্ৰণাম জনাইছো। আপুনি যি কৈছে সেয়া আজিৰ সময়ত অতি গুৰুত্বপূৰ্ণ।"

"শিক্ষাৰ পৰা দূৰত্ব,  যি আজি আমাৰ ব্যৰ্থতা বুলি কব পাৰি, আপোনাৰ দৰে পণ্ডিতসকলে আমাৰ আশা।" 

"ছুবহান আল্লাহ! ইমান গভীৰ চিন্তাৰে ইমান ডাঙৰ বাৰ্তা দিলে।" 

মন্তব্যৰ বিপৰীয়ে কিছুমান প্ৰতিক্ৰিয়া তলত উল্লেখ কৰা হ'ল....

"কিমান গভীৰভাৱে এই ইমান ডাঙৰ কথা এটা বুজাই দিলে।"

"আটাইতকৈ শক্তিশালী উত্তৰটো হ'ল - ঐক্য আৰু শিক্ষা।"  

সমীৰ আহমেদ ছিদ্দিকী এজন সুনাম ধন্য আই এ এছ প্ৰশিক্ষক আৰু ব্যৱসায়িক বিশ্লেষক। তথ্য প্ৰযুক্তি আৰু সেৱা উদ্যোগত তেওঁৰ অভিজ্ঞতা আছে। তেওঁ অপাৰেচন মেনেজমেণ্ট, কমিউনিকেচন, লিডাৰশ্বিপ আৰু ডাটা এনালাইছিছত পাকৈত। 

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ স্নাতক সমীৰ বৰ্তমান নতুন দিল্লীৰ এম পুৰী আই এ এছ ইনষ্টিটিউটত সাধাৰণ অধ্যয়নৰ মুৰব্বী। এই প্ৰতিষ্ঠানখন দেশৰ ভিতৰত অন্যতম শীৰ্ষ অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান। য'ৰ পৰা বহু আই এ এছ, আই পি এছ আৰু গ্ৰুপ-এ সেৱাত সৰ্বোচ্চ প্ৰাৰ্থী নিৰ্বাচিত হৈ আহিছে।    

তেওঁৰ গ্ৰন্থসমূহ বিশেষকৈ "আভ্যন্তৰীণ সুৰক্ষা আৰু দ্বিপাক্ষিক সম্পৰ্ক" শীৰ্ষক বিষয়ক গ্ৰন্থখন প্ৰতিযোগিতামূলক ছাত্ৰ-ছাত্ৰীৰ মাজত অতি জনপ্ৰিয়। সমীৰে ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি শিক্ষাৰ পৰিৱৰ্তন আৰু নতুন প্ৰজন্মক কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং আৰু ৰবটিক্সৰ যুগৰ বাবে প্ৰস্তুত কৰাৰ পোষকতা কৰি আহিছে। পৰম্পৰাগত আৰু আধুনিক বিজ্ঞানৰ নীতিৰ সুন্দৰ সংমিশ্ৰণৰ বাবেও তেওঁ বিখ্যাত। তেওঁৰ বক্তৃতা আৰু বিশ্লেষণ ইউটিউব আৰু অন্যান্য ইণ্টাৰনেট প্লেটফৰ্মত লাখ লাখ লোকে চোৱাৰ লগতে শ্বেয়াৰো কৰিছে।
 
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত আপোনজনক হেৰুৱাই নিথৰুৱা এগৰাকী মহিলা
 
যদি ভাৰতৰ মুছলমান লোকসকলে একত্ৰিত হৈ এই পৰিকল্পনা গ্ৰহণ কৰে আৰু কাশ্মীৰৰ জনসাধাৰণে উদ্যোগ লয়, তেন্তে দুখীয়া পৰিয়ালসমূহে সমৰ্থন পোৱাই নহয়, সমগ্ৰ বিশ্বলৈও এক নতুন বাৰ্তা প্ৰেৰণ কৰা হ’ব- যে সন্ত্ৰাসবাদৰ প্ৰতি ঘৃণাতকৈ মানৱতাৰ ঐক্য বহু বেছি শক্তিশালী।   

যদি ভাৰতৰ মুছলমানসকলে একত্ৰিত হৈ এই পৰিকল্পনা গ্ৰহণ কৰে আৰু কাশ্মীৰৰ জনসাধাৰণে উদ্যোগ লয়, তেতিয়া কেৱল দুখীয়া পৰিয়ালবোৰেই সমৰ্থন পোৱায়ে নহয়, সমগ্ৰ বিশ্বলৈও এক নতুন বাৰ্তা প্ৰেৰণ কৰা হ’ব, যিয়ে সন্ত্ৰাসবাদৰ ঘৃণাতকৈ মানৱতাৰ ঐক্য বহুত বেছি শক্তিশালী।


শেহতীয়া খবৰ