ইছলাম হিজড়া বিৰোধী নহয়

Story by  atv | Posted by  [email protected] • 1 d ago
ৰাজস্থানৰ উদয়পুৰৰ এটা ভোটদান কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত একাংশ হিজড়া ভোটাৰ
ৰাজস্থানৰ উদয়পুৰৰ এটা ভোটদান কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত একাংশ হিজড়া ভোটাৰ
 
ইমান ছাকিনা

ইছলাম হৈছে এক সম্পূৰ্ণ জীৱনশৈলী। ইয়াত লিংগকে ধৰি মানৱ পৰিচয়ৰ বহু অংশৰ কথা কোৱা হৈছে। হিজড়া (তৃতীয় লিংগ) হ’ল সেইসকল, যাৰ লিংগ তেওঁলোকে জন্মগ্ৰহণ কৰা লিংগতকৈ পৃথক অনুভৱ কৰে। “হিজড়া” শব্দটো নতুন। ইয়াক পুৰণি ইছলামিক কিতাপত পোৱা নাযায়। কিন্তু ইছলামিক পণ্ডিতসকলে শ শ বছৰ ধৰি বিভিন্ন শব্দ ব্যৱহাৰ কৰি একেধৰণৰ বিষয়ৰ কথা কৈ আহিছে।
 
ইছলামে দুটা মূল জৈৱিক লিংগক স্বীকৃতি দিয়ে: পুৰুষ (ধাকৰ) আৰু মহিলা (উন্থা)। ইছলামিক নিয়মত এই পাৰ্থক্যসমূহ গুৰুত্বপূৰ্ণ—উদাহৰণস্বৰূপে উত্তৰাধিকাৰ, নামাজ, কাপোৰ-কানি, পৰিয়ালৰ কৰ্তব্যৰ দৰে বিষয়ত। কিন্তু ইছলামে ধ্ৰুপদী আৰবী ভাষাত খুন্থা নামৰ তৃতীয়টো গোটৰ লোককো মানি লৈছে। খুন্ঠা হ’ল এনে এজন ব্যক্তি, যাৰ পুৰুষ আৰু নাৰী উভয়ৰে শাৰীৰিক বৈশিষ্ট্য থাকে আৰু জন্মৰ সময়ত তেওঁৰ লিংগ স্পষ্টকৈ জনা নাযায়।
 
ইছলামিক শিক্ষাত খুন্থা (ইণ্টাৰচেক্স) দুবিধ। সেয়া হৈছে-খুন্তা মুছকিলঃ (Khuntha Mushkil) এই শ্ৰেণীৰ ব্যক্তিৰ লিংগ অস্পষ্ট আৰু ভালদৰে পৰ্যবেক্ষণ কৰিও চিনাক্ত কৰিব নোৱাৰি। আনটো শ্ৰেণী হৈছে-খুন্থা ঘাইৰ মুছকিল (Khuntha Ghayr Mushkil)। এইসকল ব্যক্তিৰ বয়স বঢ়াৰ লগে লগে লিংগ স্পষ্ট হৈ পৰে। ইছলামিক আইনত খুন্তা ব্যক্তিৰ স্বাভিমান, অধিকাৰ আৰু সমাজত স্থান ৰক্ষাৰ বাবে বিশেষ নিয়ম দিয়া হৈছে। ইয়াৰ পৰা দেখা যায় যে ইছলামে লিংগ বৈচিত্ৰ্যক মানৱ সৃষ্টিৰ অংশ হিচাপে স্বীকৃতি দিয়ে।
 
ইছলামত খুন্থা বুলিলে পুৰুষ আৰু মহিলা উভয়ৰে শাৰীৰিক বৈশিষ্ট্য (আন্তঃলিংগ) থকা লোকক বুজোৱা হয়। কিন্তু হিজড়া হোৱাৰ অৰ্থ হ’ল এজন ব্যক্তিয়ে জন্মৰ সময়ত নিযুক্তি দিয়া লিংগতকৈ নিজকে বেলেগ লিংগ বুলি অনুভৱ কৰে। এইটো এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য। ধ্ৰুপদী ইছলামিক আইনত মূলতঃ আন্তঃলিংগ লোকৰ বিষয়ে আলোচনা কৰা হৈছিল, হিজড়া পৰিচয়ৰ বিষয়ে নহয়। লিংগ ডিছফ’ৰিয়া (নিজৰ লিংগ আৰু শৰীৰৰ মিল নাই বুলি অনুভৱ কৰা)ৰ ধাৰণাটো অধিক আধুনিক। 
 
কিন্তু বৰ্তমানৰ বহু ইছলামিক পণ্ডিতে বুজাবুজিৰ পৰিচয় দিছে। তেওঁলোকে কয় যে খুন্তাৰ দৰেই হিজড়া লোককো যত্ন আৰু মৰ্যাদাৰে ব্যৱহাৰ কৰা উচিত—বিশেষকৈ যেতিয়া তেওঁলোকৰ অৱস্থাই প্ৰকৃত মানসিক আৰু আৱেগিক যন্ত্ৰণাৰ সৃষ্টি কৰে আৰু চিকিৎসা বিশেষজ্ঞই নিশ্চিত কৰে।
 
পশ্চিম বংগৰ এটা মছজিদৰ সন্মুখত একাংশ মুছলমান হিজড়াৰ ছেলফী
 
ইছলামৰ অন্যতম প্ৰধান শিক্ষা হৈছে সকলো মানুহক সন্মান আৰু শ্ৰদ্ধা কৰা। কোৰানত আল্লাহে কৈছে: “সঁচাকৈয়ে আমি আদমৰ সন্তানসকলক সন্মান জনাইছো...” (চুৰা আল ইছৰা, ১৭:৭০)। এই সন্মান সকলোৰে বাবে, তেওঁলোকৰ লিংগ পৰিচয় যিয়েই নহওক কিয়। ইছলামে আমাক দয়ালু, ন্যায়পৰায়ণ আৰু যত্নশীল হ’বলৈ শিকাইছে। কাৰোবাৰ লগত একমত নহ’লেও আমি তেওঁক সন্মানেৰে ব্যৱহাৰ কৰিব লাগিব৷ হজৰত মহম্মদ (চঃ)-এ সদায় সকলোৰে প্ৰতি সদয়তাৰে ব্যৱহাৰ কৰিছিল, সমাজে হেয়জ্ঞান কৰা লোকসকলকো তেওঁ অন্তৰত স্থান দিছিল। 
 
হজৰত মহম্মদে সমাজত নাৰীসুলভ পুৰুষ (যাক মুখন্নাথুন বুলি কোৱা হয়)ৰ উপস্থিতিৰ বিষয়ে জানিছিল। সাজ-পোছাক বা আচৰণত বিপৰীত লিংগৰ নকল কৰাটো নিৰুৎসাহিত কৰা হৈছিল যদিও এই লোকসকলৰ লগত বেয়া বা অমানৱীয় ব্যৱহাৰ কৰা হোৱা নাছিল। আচলতে যদি তেওঁলোকৰ নাৰীৰ প্ৰতি কোনো যৌন আগ্ৰহ নাছিল, তেন্তে কিছুমানক আনকি মহিলাৰ স্থানত থাকিবলৈ দিয়া হৈছিল।
 
আজি বহু মুছলমান হিজড়াই দুটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে: নিজৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি সততা ৰাখি নিজৰ পৰিচয় গ্ৰহণ কৰা, আৰু সমাজৰ পৰা অহা মন্তব্যৰ সৈতে মোকাবিলা কৰা। ইছলামে ভাৰসাম্য শিকায়—নৈতিক মূল্যবোধক ৰক্ষা কৰা কিন্তু দয়া আৰু বুজাবুজিও দেখুৱাবা। গতিকে সেইবোৰ নাকচ কৰাৰ পৰিৱৰ্তে মুছলমানসকলক অধিক দয়ালু আৰু জ্ঞাত পন্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়।
 
সম্প্ৰদায়, পণ্ডিত আৰু পৰিয়ালে তিনিটা গুৰুত্বপূৰ্ণ কথাত গুৰুত্ব দিব লাগে। সেয়া হৈছেঃ বিষয়টো ভালদৰে বুজিবলৈ ইছলামিক পণ্ডিত, চিকিৎসক, আৰু মনোবিজ্ঞানীৰ পৰা পৰামৰ্শ লওক। ইছলামে স্পষ্টভাৱে শিকাইছে যে কথা বা কামৰ জৰিয়তে আনক আঘাত নিদিব। ইছলামিক জীৱনশৈলীৰ ভিতৰত মানুহক শান্তি আৰু দিশ বিচাৰি উলিয়াবলৈ সহায় কৰক।
 
ইছলামে শিক্ষা দিয়ে যে আল্লাহ সৰ্বজ্ঞানী, দয়ালু আৰু ন্যায়পৰায়ণ। প্ৰতিজন ব্যক্তিকে এটা উদ্দেশ্য লৈ সৃষ্টি কৰা হৈছে আৰু সন্মানেৰে ব্যৱহাৰ কৰিব লাগিব। মুছলমান সম্প্ৰদায়ৰ প্ৰত্যাহ্বান হৈছে সকলোৰে প্ৰতি দয়ালু আৰু যত্নশীল হোৱাৰ লগতে বিশ্বাসৰ প্ৰতি সত্যতা ৰক্ষা কৰা। হজৰত মহম্মদে কৈছেঃ “আল্লাহৰ আটাইতকৈ প্ৰিয় লোক সেইসকল, যিসকল আনৰ বাবে আটাইতকৈ উপকাৰী।” (আল-মু’জাম আল-আউছাত)
 
হিজড়া পৰিচয়ৰ বিষয়ে বিভিন্ন পণ্ডিতৰ মতামত বেলেগ বেলেগ হ’ব পাৰে, কিন্তু দয়া, ন্যায়, মৰ্যাদাৰ দৰে মূল্যবোধে সদায় কথা-বতৰাক পথ প্ৰদৰ্শন কৰা উচিত। সেইটোৱেই হৈছে ইছলামৰ প্ৰকৃত আত্মা।