আৰ্ছা খান / নতুন দিল্লী
ভাৰত হৈছে বৈচিত্ৰ্যতাৰ মাজত ঐক্যৰ এক অনুপম নিদৰ্শন। ইয়াত প্ৰতিটো ধৰ্ম, প্ৰতিটো সংস্কৃতি, প্ৰতিটো পৰম্পৰাক সন্মানেৰে চোৱা হয়। এই অনুভূতিৰ প্ৰতিধ্বনি সমগ্ৰ দেশৰ দৰগাহবোৰত শুনা যায়, য’ত কেৱল মুছলমানেই নহয়, হিন্দু ভক্তসকলেও মূৰ দোৱাই প্ৰণাম জনায় আৰু সঁচা অন্তৰেৰে প্ৰাৰ্থনা কৰে।
এই দৰগাহবোৰ কেৱলমাত্ৰ এক ধৰ্মীয় স্থান নহয়, হিন্দু-মুছলমান ঐক্যৰো প্ৰতীকস্বৰূপ। আজি আমি ভাৰতৰ কিছুমান প্ৰধান দৰগাহৰ বিষয়ে উল্লেখ কৰিম, য’ত বিশ্বাস, প্ৰেম আৰু ভাতৃত্ববোধে ধৰ্মৰ উৰ্ধত মানুহক একত্ৰিত কৰি আহিছে।
আজমেৰ শ্বৰীফ দৰগাহ (ৰাজস্থান)
আমি সকলোৱে জানো যে, ৰাজস্থানৰ আজমেৰত অৱস্থিত খোৱাজা মইনুদ্দিন চিষ্টিৰ সমাধি এই দৰগাহ কেৱল মাত্ৰ ভাৰততে নহয়, সমগ্ৰ বিশ্বতে চুফী ভক্তৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ। খোৱাজা চাহেবক ‘গৰীব নৱাজ’ বুলি কোৱা হয়- অৰ্থাৎ দুখীয়াৰ সহায়ক। তেওঁ গোটেই জীৱন প্ৰেম, সেৱা আৰু মানৱতাৰ বাৰ্তা বিলাইছিল। এই বাৰ্তাই তেওঁক প্ৰতিটো ধৰ্মৰ মানুহৰ মাজত প্ৰিয় কৰি তুলিছিল।
আজমেৰ শ্বৰীফ দৰগাহ (ৰাজস্থান)
প্ৰতি বছৰে ইয়ালৈ লাখ লাখ ভক্তৰ সমাগম ঘটে, ইয়াৰে বৃহৎ সংখ্যক ভক্ত হৈছে হিন্দু সম্প্ৰদায়ৰ। বলীউডৰ তাৰকাৰ পৰা সাধাৰণ মানুহলৈকে সকলোৱে ইয়ালৈ আহি চাদৰ আগবঢ়াই প্ৰাৰ্থনা কৰে। দৰগাহ চৌহদত কাৱালীৰ জৰিয়তে চুফী সংগীতৰ অনুৰণন ঘটে, যিয়ে আত্মাক স্পৰ্শ কৰে। ধৰ্মীয় দেৱাল ভাঙি মানৱতাক একত্ৰিত কৰাৰ নিদৰ্শন হৈছে আজমেৰ শ্বৰীফ দৰগাহ।
হজৰত নিজামুদ্দিন আউলিয়া দৰগাহ (দিল্লী)
দিল্লীৰ মাজমজিয়াত অৱস্থিত হজৰত নিজামুদ্দিন আউলিয়া দৰগাহ আচলতে চুফী সন্ত হজৰত নিজামুদ্দিন আউলিয়াৰ সমাধিস্থল। তেওঁ চিষ্টি ক্ৰমৰ এজন মহান সন্ত আছিল আৰু গোটেই জীৱন প্ৰেম, সৰলতা আৰু সেৱাৰ প্ৰচাৰ কৰিছিল। প্ৰতি বৃহস্পতিবাৰে তেওঁৰ দৰগাহলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে, যাৰ ভিতৰত বৃহৎ সংখ্যকে হৈছে হিন্দু ভক্ত।
হজৰত নিজামুদ্দিন আউলিয়া দৰগাহ (দিল্লী)
ধৰ্ম, জাতি আৰু ভাষাৰ সীমা মচি পেলোৱা দৰগাহৰ চোতালত কাৱালীৰ আধ্যাত্মিক সমাৱেশৰ আয়োজন কৰা হয়। এই দৰগাহত ‘ইছক-ই-হাকিকী’ (ঈশ্বৰৰ প্ৰতি প্ৰকৃত প্ৰেম) অনুভূতি প্ৰতিফলিত হয়, যিটো সকলো ধৰ্মতে সাধাৰণ। এই দৰগাহ হৈছে এনে এখন ঠাই য’ত বিশ্বাস আৰু সংগীত একেলগে চলে, আৰু প্ৰতিটো হৃদয়ক সংযোগ কৰে।
হাজী আলী দৰগাহ (মুম্বাই)
মুম্বাইৰ ৱাৰ্লি সাগৰৰ মাজত অৱস্থিত এই দৰগাহ হৈছে সন্ত হাজী আলী শ্বাহ বুখাৰীৰ সমাধি। এইখন অতি সুন্দৰ আৰু শান্তিপূৰ্ণ দৰগাহ, য'ত সাগৰৰ ঢৌ আহি বিশ্বাসৰ পাৰত জিৰণি লয়। ইয়াত হিন্দু আৰু মুছলমান ভক্তই একেলগে প্ৰাৰ্থনা কৰে। কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, স্থাপত্য আৰু সংস্কৃতিৰ দিশৰ পৰাও এই দৰগাহ আচৰিত।
মুম্বাইলৈ অহা পৰ্যটক আৰু ভক্তসকলে এই দৰগাহত চাদৰ, দিয়া জ্বলাই প্ৰাৰ্থনা কৰে। এই ঠাইখন যে কোনো এটা ধৰ্মৰ একচেটিয়া অধিকাৰ নহয়, বৰঞ্চ এক উমৈহতীয়া প্ৰাৰ্থনাস্থলীহে তাৰ এক নিখুঁত উদাহৰণ।
বাবা বুডান গিৰি দৰগাহ (কৰ্ণাটক)
কৰ্ণাটকৰ চিকমাগালুৰ জিলাত অৱস্থিত এই দৰগাহৰ এক সুকীয়া পৰিচয় আছে। ইয়াত চুফী সন্ত বাবা বুডানৰ সমাধিস্থল আছে। বিশেষ কথাটো হ’ল এই ঠাইখন হিন্দু-মুছলমান উভয়ৰে শ্ৰদ্ধাৰ স্থান। বাবা বুডানক তাত থকা স্থানীয় লোকসকলে "দত্তত্ৰেয় বাবা" বুলি গণ্য কৰে, আৰু হিন্দু লোকসকলেও ইয়ালৈ পূজা কৰিবলৈ আহে।
যিহেতু দৰগাহ আৰু মন্দিৰ একেটা চৌহদতে আছে, গতিকে ইয়াত একেলগে পূজা-পাতল আৰু নামাজ কৰা হয়। প্ৰতি বছৰে ইয়াত ‘উৰ্চ’ আৰু হিন্দু উৎসৱ পালন কৰা হয়। এই দৰগাহ ধৰ্মীয় সম্প্ৰীতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।
বাবা বুডান গিৰি দৰগাহ (কৰ্ণাটক)
উল্লেখ্য যে, ভাৰতৰ এই পবিত্ৰ দৰগাহবোৰ কেৱল ধৰ্মীয় স্থান নহয়, হিন্দু-মুছলমান ঐক্যৰ এক জীৱন্ত প্ৰতীক। ইয়াত মানুহক তেওঁলোকৰ ধৰ্মৰ দ্বাৰা নহয়, হৃদয়েৰে চোৱা যায়। এই দৰগাহবোৰৰ আটাইতকৈ ধুনীয়া কথাটো হ'ল ইয়াত কোনো "অচিনাকি" নাই। প্ৰতিজন ব্যক্তিৰ হৃদয়ত এটাই কথা আছে: "সঁচা হৃদয়েৰে প্ৰাৰ্থনা কৰক"।
পৃথিৱীখন ধৰ্মত বিভক্ত হৈ সংঘাতত লিপ্ত হোৱাৰ বিপৰীতে ভাৰতৰ এই দৰগাহবোৰত প্ৰতিদিনে প্ৰেম, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পূজা কৰা হয়। ইয়াৰ পৰা দেখা যায় যে ভাৰতৰ প্ৰকৃত শক্তি ইয়াৰ উমৈহতীয়া সংস্কৃতি আৰু সৰ্বাংগীন পৰম্পৰাত নিহিত হৈ আছে।