গুৱাহাটী
হিন্দু মন্দিৰৰ সমীপত গো-মাংস পেলোৱাৰ অভিযোগক লৈ চলিত সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে ধুবুৰী চহৰত নিশা ‘শ্বুট-এট-চাইট’ৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে।
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, "ধুবুৰীত এটা সাম্প্ৰদায়িক গোট শান্তি বিঘ্নিত কৰিবলৈ সক্ৰিয় হৈ আছে।মই ৰাতি শ্বুট এট চাইট আদেশ জাৰি কৰিছো। কোনোবাই যদি শিলগুটি নিক্ষেপ কৰে আৰু আৰক্ষীয়ে তেওঁলোকৰ কাৰ্যক লৈ সন্দেহ কৰে তেন্তে গুলীচালনা কৰিব পাৰে।"
ধুবুৰীত দেওবাৰে ঈদ-উল-আজহাৰ এদিন পিছতে হনুমান মন্দিৰত এটা গৰুৰ মূৰ উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয়। ৰেপিড একচন ফৰ্চ আৰু চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চক আইন-শৃংখলা বজাই ৰখাৰ বাবে মোতায়েন কৰা হৈছে।
"মই ধুবুৰী ভ্ৰমণ কৰি আইন ৰক্ষক বিষয়াসকলক আমাৰ মন্দিৰ, নামঘৰ, আৰু পবিত্ৰ স্থানক অপবিত্ৰ কৰা উপাদানৰ বিৰুদ্ধে শূন্য সহনশীলতা অনুসৰণ কৰিবলৈ নিৰ্দেশ দিলোঁ। চহৰখনৰ হনুমান মন্দিৰত গো-মাংস পেলোৱাৰ কাণ্ড কেতিয়াও হ'ব নালাগিছিল, আৰু ইয়াৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ'ব।" - শৰ্মাই এক্সত পোষ্ট কৰে।
দুটা স্থানত পথৰ কাষৰ বিক্ৰেতাৰ ওচৰত মাংস উদ্ধাৰ আৰু ই-ৰিক্সা চালকৰ ওপৰত জনসাধাৰণৰ আক্ৰমণৰ হোৱাৰ অভিযোগ উত্থাপনৰ পিছতে ধুবুৰী জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছিল। সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।
"জিলাখনত আইন-শৃংখলা বজাই ৰখাটো নিশ্চিত কৰি সকলো সাম্প্ৰদায়িক শক্তিক পৰাস্ত কৰাৰ বাবে আমি সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। ধুবুৰীত নতুনকৈ গো-মাংস মাফিয়া সৃষ্টি হৈছে যিয়ে ঈদৰ ঠিক আগতেই হাজাৰ হাজাৰ জীৱ-জন্তু ক্ৰয় কৰিছিল। তদন্ত চলি আছে আৰু দোষীক কাৰাগাৰত ৰখা হ’ব।" - শৰ্মাই কয়।
বাংলাদেশৰ ৰাজনৈতিক পৰিঘটনাই ছ’চিয়েল মিডিয়া আৰু স্থলভাগত “উগ্ৰপন্থী উপাদান”ৰ জন্ম দিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। "ধুবুৰীত সংঘটিত ঘটনা দুখজনক আৰু ঘৃণনীয়। প্ৰথম দিনাই ধুবুৰীৰ এটা হনুমান মন্দিৰত এটা গৰুৰ মূৰ ৰখা হৈছিল। সেই অঞ্চলত শান্তি সমিতি গঠন হোৱাৰ পিছতো একেটা মন্দিৰতে আন এটা গৰু মুৰ ৰখা হৈছিল।"
শৰ্মাই লগতে কয়, "একাংশ লোকে গৰু-ম’হক অস্ত্ৰৰে সজ্জিত কৰাৰ চেষ্টা কৰিছে। কিছুমানে ভাবে যে আমি যদি বাৰে বাৰে কোনো বিশেষ স্থানত গৰুৰ মাংস ৰাখোঁ তেন্তে অঞ্চলটোৰ হিন্দু বাসিন্দাসকলে সেই অঞ্চল এৰি যাবলৈ বাধ্য হ’ব," শৰ্মাই লগতে কয়।