মালিক আছঘৰ হাচমী
আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ২৪১ জন লোকৰ কৰুণ মৃত্যুৱে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। পাকিস্তানকে ধৰি বহু মুছলমান দেশে এই কৰুণ ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ বিপৰীতে বিশ্বৰ দুটা প্ৰধান ইছলামিক সংগঠন ক্ৰমে মুছলিম কাউন্সিল অৱ এলডাৰছ আৰু মুছলিম ৱৰ্ল্ড লীগ (MWL)-এ বিশেষ তৎপৰতাৰে ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় ইছলামিক সংগঠনসমূহৰ মাজত ভাৰতৰ গভীৰ প্ৰৱেশৰ স্পষ্ট ইংগিতো এয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ ১১ বছৰত ভাৰত আৰু মুছলমান দেশৰ সম্পৰ্ক যথেষ্ট উন্নত হৈছে। বহু ইছলামিক ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰিছে। ছৌদি আৰৱৰ ৰাজকুমাৰ ছলমানৰ সৈতে তেওঁৰ বিশেষ ঘনিষ্ঠতা আছে।
কিন্তু এই বিমান দুৰ্ঘটনাৰ পিছত যি বিশ্বব্যাপী ইছলামিক সংহতিৰ সৃষ্টি হৈছে, সেয়াই প্ৰমাণ যে ভাৰত এতিয়া কেৱল এই সংগঠনসমূহৰ কূটনৈতিক অংশীদাৰ নহয়, বিশ্বাসযোগ্য বন্ধুও হৈ পৰিছে। দুৰ্ঘটনাৰ লগে লগে আল-আজহাৰৰ গ্ৰেণ্ড ইমাম মহামহিম অধ্যাপক ড° আহমেদ আল-তায়েবৰ অধ্যক্ষতাত আবুধাবিস্থিত মুছলিম কাউন্সিল অৱ এলডাৰে গভীৰ শোক প্ৰকাশ কৰি কয়, "এই কৰুণ ঘটনাৰ বলি হোৱা পৰিয়াল আৰু আপোনজনৰ প্ৰতি পৰিষদে গভীৰ সহানুভূতি আৰু সমবেদনা প্ৰকাশ কৰিছে।"
মুছলিম ৱৰ্ল্ড লীগৰ বিবৃতি
একেদৰে মুছলিম ৱৰ্ল্ড লীগেও নিজৰ বিবৃতিত কয়, "আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে সংঘটিত হোৱা এই কৰুণ দুৰ্ঘটনাৰ বাবে ভাৰত চৰকাৰ, তাত থকা ৰাইজ আৰু বিশেষকৈ নিহতসকলৰ পৰিয়ালৰ প্ৰতি এম ডব্লিউ এলে গভীৰ শোক প্ৰকাশ কৰিছে। এই ট্ৰেজেডীত প্ৰাণ হেৰুওৱা লোক আৰু তেওঁলোকৰ পৰিয়ালৰ দুখৰ সমভাগী হৈছে।"
মন কৰিবলগীয়া যে যোৱা কিছু বছৰত প্ৰধানমন্ত্ৰী মোদী আৰু মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব ড০ মহম্মদ আল ইছাৰ মাজত সম্পৰ্ক লক্ষণীয়ভাৱে গভীৰ হৈ পৰিছে। যোৱা বছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু খুছৰো ফাউণ্ডেচনৰ উদ্যোগত ড০ ইছা ভাৰতলৈ আহিছিল। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দীঘলীয়া কথা-বতৰা হোৱাই নহয়, অক্ষৰধম মন্দিৰ, জামা মছজিদ আৰু বহু সামাজিক সংগঠনো তেওঁ পৰিভ্ৰমণ কৰে।
ভাৰতত কম পৰিচিত যদিও মুছলিম কাউন্সিল অৱ এলডাৰছ হৈছে ২০১৪ চনৰ ১৯ জুলাই তাৰিখে আবুধাবিত প্ৰতিষ্ঠা হোৱা এক সন্মানীয় আন্তঃৰাষ্ট্ৰীয় স্বায়ত্তশাসিত ইছলামিক সংগঠন। ইয়াৰ অধ্যক্ষতা কৰে আল-আজহাৰ বিশ্ববিদ্যালয়ৰ গ্ৰেণ্ড ইমাম ড° আহমেদ আল-তায়েবে। এই পৰিষদত মুছলমান উম্মাহৰ বিশিষ্ট পণ্ডিত, ন্যায়প্ৰেমী নেতা আৰু চিন্তাবিদসকল আছে।
আল আজহাৰৰ গ্ৰেণ্ড ইমাম অধ্যাপক ড° আহমেদ আল তায়েব এই পৰিষদৰ শীৰ্ষ বিষয়া। ১৯৪৬ চনৰ ৬ জানুৱাৰীত ইজিপ্তৰ ওপৰৰ অংশৰ লুক্সৰ চহৰৰ ওচৰৰ কুৰ্না গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছিল। আল-আজহাৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ নিজৰ গৃহ চহৰত ধৰ্ম অধ্যয়ন কৰিছিল আৰু কোৰান মুখস্থ কৰিছিল। পিছলৈ তেওঁ কাইৰোৰ আল-আজহাৰ বিশ্ববিদ্যালয়ৰ কলেজ অৱ ‘বেচিক ইছলামিক প্ৰিন্সিপলছ’ত যোগদান কৰে আৰু তাৰ পৰা ১৯৬৯ চনত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।
অধ্যাপক ড° তায়েব
অধ্যাপক ড° তায়েবে বিশ্বৰ বহু ইছলামিক বিশ্ববিদ্যালয়ত কাম কৰি বহু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে মুছলমান বিশ্বত তেওঁৰ বৃত্তিৰ বাবে বহু সন্মানীয় বঁটা লাভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ আন্তৰিক সম্পৰ্কৰ বিষয়েও সকলোৱে জানে। মুছলিম কাউন্সিল অৱ এলডাৰছৰ উদ্দেশ্য হৈছে বিশ্ব ইছলামিক সমাজখনক সন্ত্ৰাসবাদ, অসহিষ্ণুতা আৰু খণ্ডিতকৰণৰ পৰা মুক্ত কৰি ৰখাৰ লগতে আলোচনা, সহনশীলতা আৰু পাৰস্পৰিক সন্মানৰ নীতিসমূহক প্ৰসাৰ কৰা।
পৰিষদে তলত উল্লেখ কৰা লক্ষ্যসমূহৰ দিশত কাম কৰে: মুছলমান আৰু অমুছলমান সম্প্ৰদায়ৰ মাজত আলোচনা আৰু সহাৱস্থানক প্ৰসাৰ কৰা; ধৰ্ম, জীৱন, সন্মান, মন আৰু সম্পত্তিৰ সুৰক্ষাৰ মূল ইছলামিক নীতিসমূহ শক্তিশালী কৰা; ইছলামিক দেশসমূহক সাম্প্ৰদায়িক সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ পৰা ৰক্ষা কৰিবলৈ শান্তিপূৰ্ণ সমাধান প্ৰদান কৰা; মতাদৰ্শ, সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে বিশ্বব্যাপী ইছলামিক দৃষ্টিভংগী গঢ়ি তোলা; সমাজত নৈতিক মূল্যবোধ, ন্যায়, সমতা আৰু সন্মানৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক শক্তিশালী কৰা।
বৌদ্ধিক পক্ষপাতিত্বৰ পৰা মুক্ত হৈ আলোচনা, মিলন আৰু মধ্যস্থতাৰ দৰে শান্তিপূৰ্ণ উপায়েৰে বিবাদ নিষ্পত্তি কৰাটোৱেই পৰিষদৰ লক্ষ্য। ইয়াৰ উপৰিও ইছলামৰ মৌলিক শিক্ষাৰ আলোকত ন্যায়, জ্ঞান আৰু প্ৰজ্ঞাক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰে।
এই পৰিষদৰ উপস্থিতি আৰু সঁহাৰিয়ে দেখুৱাইছে যে ভাৰত এতিয়া কেৱল ৰাজনৈতিক আৰু কূটনৈতিক পৰ্যায়তে নহয়, আধ্যাত্মিক আৰু সাংস্কৃতিক আলোচনাতো মুছলমান বিশ্বৰ এক বিশ্বাসযোগ্য অংশীদাৰ হৈ পৰিছে।