প্ৰতিজন ভাৰতীয়ই নিয়মীয়াকৈ যোগাসন কৰা উচিতঃ যোগ গুৰু বদৰুল ইছলাম

Story by  Aasha Khosa | Posted by  [email protected] • 4 h ago
যোগ অনুশীলনৰ সময়ত এজন ব্যক্তিক পেটত থিয় কৰাই লোৱাৰ সময়ত ডাঃ বদৰুল ইছলাম কৈৰাণৱী
যোগ অনুশীলনৰ সময়ত এজন ব্যক্তিক পেটত থিয় কৰাই লোৱাৰ সময়ত ডাঃ বদৰুল ইছলাম কৈৰাণৱী
 
আশা খোচা / নতুন দিল্লী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ভাৰতৰ প্ৰথমগৰাকী স্বীকৃতিপ্ৰাপ্ত মুছলমান যোগ বিশেষজ্ঞ ডাঃ বদৰুল ইছলাম কৈৰাণৱীয়ে যোগৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু বিশ্বব্যাপী স্বীকৃতিত আনন্দ প্ৰকাশ কৰে। তেওঁ প্ৰতিজন ভাৰতীয়ক দৈনন্দিন জীৱনৰ অংশ হিচাপে যোগ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। 
 
ইউনানীৰ এজন চিকিৎসক তথা ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া ডাঃ ইছলামে উৰ্দু ভাষাত দুখন গ্ৰন্থ লিখিছে: "যোগ–প্ৰাকৃতিক চিকিৎসাৰ উৎস" আৰু ইয়াৰ সংশোধিত সংস্কৰণ "প্ৰাকৃতিক স্বাস্থ্যৰ উৎস।" তেওঁৰ মিছন হৈছে পৰম্পৰাগত ভাৰতীয় সুস্থতা পদ্ধতিসমূহক আধুনিক স্বাস্থ্য সজাগতাৰ সৈতে সংযুক্ত কৰা।
 
তেওঁ কয়, ‘২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নত ভাৰতৰ দৃষ্টিভংগী লাভ কৰিবলৈ মন আৰু শৰীৰ দুয়োটাৰে ফিটনেছ অতি প্ৰয়োজনীয়। তেওঁৰ মতে যোগ বিশাল আৰু সৰ্বাংগীন—ই শৰীৰৰ প্ৰতিটো অংগ আৰু পেশী শক্তিশালী কৰিব পাৰে। 
 
আৱাজ দ্য ভইচৰ সন্মুখত কিছুমান ফটো প্ৰদৰ্শন কৰি তেওঁ কয় যে যেতিয়া মই ১০০ কেজি ওজনৰ এজন ব্যক্তিক মোৰ পেটৰ ওপৰত কোনো বিষ অনুভৱ নকৰাকৈ থিয় কৰাব পাৰো, তেতিয়া মই গৌৰৱ অনুভৱ কৰো। 
 
দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াত যোগ কৰ্মশালাৰ সময়ত ডাঃ বদৰুল ইছলাম
 
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাকক্ষণত আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাঃ বদৰুল ইছলাম কৈৰাণৱীয়ে কয় যে, "আৰব বিশ্ব অস্থিৰ হৈ পৰিছে। ভাৰতৰ পৰা আমি যদি যোগাসনক তালৈ নিৰাময়ৰ পদ্ধতি হিচাপে লৈ যাওঁ, তেন্তে ই জনসাধাৰণক সহায় কৰিব আৰু লগতে ভাৰতৰ চিকিৎসা পৰ্যটনকো ই উদগণি যোগাব।"
 
উল্লেখ্য যে, ড° ইছলামে ৪৫ বছৰ উচৰ্গা কৰি বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত যোগাসনৰ শিক্ষা প্ৰদান কৰিছে। যোগৰ উপকাৰিতাৰ বিষয়ে বহল দৰ্শকৰ সৈতে ভাগ-বতৰা কৰিবলৈ তেওঁ গ্ৰন্থও ৰচনা কৰিছে। তেওঁ প্ৰথম বছৰবোৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ কথা মনত পেলাই কয়, "এটা সময় আছিল যেতিয়া মই যোগাসন কৰাৰ বাবে আৰু যোগাসন শিকোৱাৰ বাবেই নামাজৰ সময়ত মছজিদত সহযোগী মুছলমানসকলে মোক এৰাই চলিছিল।"
 
এইবোৰ সামাজিক কলংকৰ মাজতো ডাঃ ইছলামে যোগৰ নিৰাময় আৰু সামগ্ৰিক উপকাৰিতাৰ ওপৰত আত্মবিশ্বাসী হৈ নিজৰ কামৰ প্ৰতি দায়বদ্ধ হৈ থাকিল। আজি তেওঁ ভাৰতৰ প্ৰাচীন পৰম্পৰাক বিশ্বাসৰ সৈতে কেনেকৈ মিলিব পাৰি আৰু সুস্থতা আৰু শান্তিৰ আহিলা হিচাপে বিশ্বজুৰি ভাগ কৰিব পাৰি তাৰ এক শক্তিশালী উদাহৰণ হিচাপে থিয় দিছে।
 
পশ্চিম উত্তৰ প্ৰদেশৰ কৈৰানা গাঁৱৰ পৰা অহা আৰু বৰ্তমান দিল্লীত বাস কৰা ড০ বদৰুল ইছলাম কৈৰাণৱীয়ে কয়, “শৰীৰ আৰু মনৰ এই প্ৰাচীন ভাৰতীয় বিজ্ঞানক বিশ্বই আকোৱালি লোৱা দেখিবলৈ পাই বৰ ভাল লাগিছে।” 
 
যোগাসন কৰাৰ বাবে এসময়ত মুছলমান সমাজে আওকাণ কৰা ডাঃ ইছলামক এতিয়া সেই মুছলমান সমাজ আৰু ধৰ্মীয় অনুষ্ঠানসমূহে আদৰণি জনাই যোগৰ প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰণ জনাইছে। তেওঁৰ এই যাত্ৰাই পটভূমি বা ধৰ্মীয় বিশ্বাস নিৰ্বিশেষে সকলোৰে বাবে এক মূল্যৱান অনুশীলন হিচাপে যোগে ক্ৰমাৎ গ্ৰহণযোগ্যতা আৰু স্বীকৃতি লাভ কৰাটো প্ৰতিফলিত কৰে।
 
জামিয়া মিলিয়া ইছলামিয়াত যোগ কৰ্মশালা
 
ডাঃ বদৰুল ইছলাম কৈৰাণভিয়ে শ্বেয়াৰ কৰে যে তেওঁ এতিয়ালৈকে ৩৫ লাখৰো অধিক মুছলমান যুৱক, ইমাম, আৰু মৌলৱিক যোগাসনৰ প্ৰশিক্ষণ দিছে। সমগ্ৰ দেশৰ ৬৫খন মাদ্ৰাছা আৰু ইছলামিক ধৰ্মীয় অনুষ্ঠানত যোগ কৰ্মশালা অনুষ্ঠিত কৰিছে। ২০১৭ চনত দিল্লীৰ মছজিদৰ সকলো ইমামক যোগ সাধনাৰ প্ৰশিক্ষণ প্ৰদান কৰে।
 
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে ডাঃ ইছলামে জামিয়া মিলিয়া ইছলামিয়া (দিল্লীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়)ত যোগ কৰ্মশালা অনুষ্ঠিত কৰে, য’ত হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, আৰু ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আহি পোৱাৰ সময়লৈকে যুৱক-যুৱতীসকলৰ আগ্ৰহ আবেগলৈ ৰূপান্তৰিত হয়। তেওঁলোকে মোক কৈছিল যে তেওঁলোকে প্ৰতিদিনে যোগাসন কৰিব বিচাৰে।"-ডাঃ ইছলামে এইদৰে কয়। 
 
ডাঃ বদৰুল ইছলাম কৈৰাণৱীয়ে ইজিপ্ত, বাংলাদেশ, আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন ইছলামিক গোটসমূহক যোগৰ প্ৰশিক্ষণ দি আছে। স্বাস্থ্য মন্ত্ৰালয়ত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ সক্ৰিয়ভাৱে অসংখ্য যোগ কৰ্মশালা, শিবিৰ, আৰু প্ৰশিক্ষণ পাঠ্যক্ৰমৰ আয়োজন আৰু অংশগ্ৰহণ কৰিছে।
 
তদুপৰি তেওঁ ডাঃ বি আই কে যোগ শাৰীৰিক চিকিৎসা চেণ্টাৰ ফৰ হেল্থ এণ্ড হেপিনেছ আৰু নতুন দিল্লীৰ যোগ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক। ভাৰত চৰকাৰৰ সৈতে কাম কৰা যোগ বিশেষজ্ঞ হিচাপে ডাঃ কৈৰণৱীয়ে বিদ্যালয়সমূহৰ বাবে যোগৰ পাঠ্যক্ৰম আৰু প্ৰশিক্ষণ কাৰ্যসূচী ডিজাইন কৰাত সহায় কৰিছিল। 
 
তেওঁৰ প্ৰেৰণাদায়ক মন্ত্ৰটো সহজ যদিও শক্তিশালী। তেওঁ কয়, "যোগ প্ৰতিজন ব্যক্তি আৰু সম্প্ৰদায়ৰ অনন্য প্ৰয়োজন। কাৰণ আমি সকলোৱে একেলগে আগবাঢ়িব লাগিব। যোগে আমাক একত্ৰিত কৰে।” তেওঁৰ মতে এইটোৱেই হৈছে ভাৰতৰ সাংস্কৃতিক আৰু সামাজিক বৈচিত্ৰ্যৰ সৈতে যোগৰ সামঞ্জস্য স্থাপনৰ চাবিকাঠি।
ডাঃ বদৰুল ইছলাম কৈৰাণৱীৰ মতে যোগাভ্যাস কৰা প্ৰতিজন ভাৰতীয়ক ভাৰতৰ প্ৰতীক হিচাপে চাব লাগে। তেওঁ স্মৰণ কৰে যে স্বাস্থ্য মন্ত্ৰালয়ত থকা সময়ছোৱাত যোগ আৰু আয়ুষৰ চিকিৎসকসকলক গুৰুত্বসহকাৰে লোৱা হোৱা নাছিল। যোগগুৰুজনে কয়, “তেওঁলোকক উপহাস কৰা হৈছিল আৰু আনকি মাদাৰী (জাগলাৰ) বুলিও কোৱা হৈছিল। কিন্তু এতিয়া পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হৈছে। যোগৰ সৈতে সকলো ব্যক্তি এতিয়া সন্মানৰ পাত্ৰ।"
 
আজি যোগ জনপ্ৰিয় আৰু বহুলভাৱে গ্ৰহণ কৰা হৈছে যদিও ডাঃ ইছলামে কয় যে প্ৰকৃত প্ৰত্যাহ্বান হৈছে যুৱক-যুৱতীসকলক ইয়াৰ সৈতে জড়িত কৰা। “সকলোৱে কয় যোগ জানো, কিন্তু যোগ কেৱল এটা ট্ৰেণ্ড নহয়—ই সুস্থতাৰ দীৰ্ঘম্যাদী পথ। অভিভাৱকসকলে নিজৰ সন্তানক যোগৰ প্ৰকৃত, স্থায়ী উপকাৰিতা বুজিবলৈ সহায় কৰা উচিত। বহু যুৱকে ইয়াক কেৱল শাৰীৰিক ব্যায়াম বুলিয়েই গণ্য কৰে। প্ৰকৃততে যোগক সকলোৱে জীৱনৰ অংশ কৰি লোৱা উচিত।”
 
উল্লেখ্য যে, ডাঃ বদৰুল ইছলাম কৈৰাণৱীয়ে ৫০০ৰো অধিক যোগ প্ৰকল্পৰ সৈতে জড়িত হৈ ৫০,০০০ৰো অধিক চৰকাৰী শিক্ষকক প্ৰশিক্ষণ দিছে, যিয়ে পাছলৈ যোগ ফিটনেছ প্ৰেকটিছৰ দ্বাৰা প্ৰায় ১০ লাখ ছাত্ৰ-ছাত্ৰীৰ কাষ চাপিছে। তেওঁ পাঁচখন যোগৰ কিতাপ, ছখন পুস্তিকা লিখিছে, কেন্দ্ৰীয় চৰকাৰী বিদ্যালয়ৰ বাবে প্ৰশিক্ষণ মডিউলৰ ডিজাইন কৰিছে।