আৰৱ বিশ্বত অসমীয়া সাহিত্যক উজলাই তোলাৰ অভিনৱ প্ৰচেষ্টা অসমৰ আবু ছাইদ আনছাৰীৰ

Story by  Munni Begum | Posted by  Munni Begum • 2 h ago
আবু ছাইদ আনছাৰী আৰু 'বুঢ়ী আইৰ সাধু'ৰ আৰবী ভাষা লৈ অনুবাদ কৰা সংকলণটি
আবু ছাইদ আনছাৰী আৰু 'বুঢ়ী আইৰ সাধু'ৰ আৰবী ভাষা লৈ অনুবাদ কৰা সংকলণটি
 
মুন্নী বেগম/গুৱাহাটী
 
বিশ্বৰ সাহিত্যত আৰবী ভাষা-সাহিত্যৰ এক বিশেষ স্বীকৃতি তথা স্থান আছে। এই আৰৱ বিশ্বত উজলি উঠিব অসমীয়া সাহিত্য। অসমৰ যুৱ সাহিত্যিক, গৱেষক ছাত্ৰ মৌলানা আবু ছাইদ আনছাৰীয়ে মূল্যৱান অসমীয়া গ্ৰন্থসমূহ আৰবী ভাষালৈ অনুবাদ কৰি বিশ্বত অসমীয়া সাহিত্যৰ এক সুকীয়া পৰিচয় দাঙি ধৰাৰ অভিনৱ প্ৰয়াস চলাইছে।
 
শেহতীয়াকৈ তেওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বিখ্যাত সাধুকথাৰ গ্ৰন্থ 'বুঢ়ী আইৰ সাধু' আৰবী ভাষালৈ অনুবাদ কৰিছে। তেওঁ গ্ৰন্থখন শীঘ্ৰেই অনলাইনতো উপলব্ধ কৰাৰ উপৰি আৰবী ভাষা প্ৰচলিত বিশ্বৰ ২৫ খন দেশতে প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে।কিয়নো বিশ্বৰ ২২খন দেশত আনুষ্ঠানিকভাৱে আৰু ৫৬খন দেশত অনানুষ্ঠানিকভাৱে আৰবী ভাষা ব্যৱহাৰ হয়।    

 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৌলানা আবু ছাইদ আনছাৰীয়ে কয়, "বহু আৰবী ভাষাৰ কিতাপ অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে, যদিও অসমীয়া কিতাপ অৰবী ভাষালৈ খুব কম সংখ্যকহে অনুবাদ কৰা হৈছে বা নাই বুলিয়ে ক'ব পাৰি। কিন্তু আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল অতি চহকী। সেইবাবে মই অসমীয়া সাহিত্যৰ বৈচিত্ৰতা আৰু সৌন্দৰ্য বিশ্বদৰবাৰত আৰবী পাঠকৰ আগত দাঙি ধৰাৰ বাবে এই পদক্ষেপ হাতত লৈছিলো। কাৰণ ভাষা আৰু সংস্কৃতি আদান-প্ৰদানৰ বাবে অনুবাদ হৈছে এটা অতি গুৰুত্বপূৰ্ণ মাধ্যম। আৰু ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'-এ অসমীয়া সাহিত্যৰ বৈচিত্ৰতা আৰু অসমীয়া সংস্কৃতিৰ সৌন্দৰ্যক সুন্দৰকৈ ফুটাই তুলিছে। ই বিশ্বৰ যিকোনো পাঠকৰ মন জিনিব পৰা এক অন্যতম গদ্য সংকলন।"    
 
কামৰূপ জিলাৰ নগৰবেৰাৰ সমীপৰ সোণতলিৰ বাসিন্দা তথা বৰ্তমান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আৰবী ভাষাৰ গৱেষক ছাত্র আবু ছাইদ আনছাৰীয়ে অনুবাদ কৰা এই সাধুকথাৰ সংকলনটিৰ আৰবী নাম হৈছে 'হিকায়াতুল-জাদ্দাতি'। যোৱা মে' মাহত মিছৰৰ 'দৰ আল-মাশ্রিয়া আল-মাঘ্রিবিয়া লিল-নছৰ বাল-তাউজি ইন কাইৰো' নামৰ  প্রকাশন গোষ্ঠীটোৱে এই সাধুকথাৰ সংকলনটি প্ৰকাশ কৰি উলিয়াইছে।    
 
 
সাহিত্য চৰ্চাত ব্যস্ত আবু ছাইদ আনছাৰী
 
গ্ৰন্থখন আৰবীলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত আনছাৰীয়ে কয়, "এই সাধুকথাৰ সংকলনটি অনুবাদৰ সময়ত মই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। কাৰণ অসমীয়া আৰু আৰবী ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে পৃথক। সেয়েহে বহু অসমীয়া শব্দ পোনপটীয়াকৈ আৰবী ভাষালৈ অনুবাদ কৰা সম্ভৱ নাছিল। তথাপিও কাহিনীবোৰৰ মূলভাৱ আৰু সৌন্দৰ্য অটুট ৰাখি সহজ সৰল ভাষাত অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ। মই ২০২২ চনতে অনুবাদৰ কাম হাতত লৈছিলো আৰু দৈনিক এটা তথা দুটা পৃষ্ঠা অনুবাদ কৰিছিলো। কিয়নো মই তেতিয়া স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে আৰবী ভাষাৰ অধ্যয়ন কৰি আছিলো। সেয়েহে মোক সম্পূৰ্ণ কিতাপখন অনুবাদ কৰাৰ বাবে প্ৰায় দুবছৰ সময়ৰ প্ৰয়োজন হৈছিল। মোক অনুবাদৰ সময়ত মোৰ বন্ধু মহছীনে যথেষ্টখিনি সহায় কৰিছিল। আৰু কিতাপখন সম্পাদন কৰি দিছে আমাৰ  জে  এন ইউৰ 'Centre of Arabic and African Studies' বিভাগৰ অধ্যক্ষ তথা অধ্যাপক মুজিবুৰ ৰহমান ছাৰে।"       
 
উল্লেখ্য যে, সাধুকথাৰ চলেৰে বাস্তৱক প্ৰতিফলন কৰে বেজবৰুৱাৰ অমৰ সৃষ্টি 'বুঢ়ী আইৰ সাধু' গ্ৰন্থখনে। ইয়াৰ বাবে এই গ্ৰন্থখন অসমীয়া সাহিত্যৰ এখন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য হিচাপে প্ৰতিষ্ঠিত হৈছে। এই গ্ৰন্থখন দেশৰ বিভিন্ন ভাষা ক্ৰমে ইংৰাজী, স্পেনিছকে ধৰি কেইবাটাও বিদেশী ভাষালৈ অনুবাদ হৈছে। ইয়াৰ দ্বাৰা বুঢ়ী আইৰ সাধুৰ সৰ্বজনীন স্বীকৃত ভাৱধাৰা প্ৰকাশ পাইছে। সম্প্ৰতি মৌলানা আবু ছাইদ আনছাৰীৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবেই মধ্যপ্ৰাচ্য তথা দক্ষিণ এছিয়াৰ পাঠকেও ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টিৰ সোৱাদ ল'ব পাৰিছে৷ 
 
 
মিছৰৰ এগৰকী কণমানি কিশোৰীয়ে আবু ছাইদ আনছাৰীয়ে আৰবী ভাষালৈ অনুবাদ কৰা বুঢ়ী আইৰ সাধু গন্থখন হাতত লৈ থকা এক দৃশ্য
 
গ্ৰন্থখনে বিদেশত কেনেদৰে সমাদৰ লাভ কৰিছে সেই সন্দৰ্ভত আনছাৰীয়ে কয়, "লক্ষ্মীনাথ বেজবৰুৱাৰ সহিত্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি ৰাখিছে। সেয়েহে মই অসমীয়া সাহিত্যক বিশ্বজগতত লৈ যোৱাৰ বাবে এই গ্ৰন্থখন অনুবাদ কৰাৰ কাম হাতত লৈছিলো।  প্ৰথমে মই এখন অতি জনপ্ৰিয় উপন্যাস 'অসীমত যাৰ হেৰাল সীমা' অনুবাদ কৰাৰ কথা ভাবিছিলো, কিন্তু মই  যিহেতু বেজবৰুৱাদেৱৰ অনুৰাগী আৰু শৈশৱৰ পৰাই তেওঁৰ গল্প সংকলন  'বুঢ়ী আইৰ সাধু' শুনিয়ে ডাঙৰ হৈছো। তেওঁৰ এই গদ্য সংকলনটিয়ে সাধুকথাৰ চলেৰে বাস্তৱক প্ৰতিফলন কৰাৰ উপৰিও নীতি শিক্ষাও দিয়ে। সেয়েহে মই এই গ্ৰন্থখন আৰবী ভাষাত অনুবাদ কৰাৰ কথা ভাবিছিলো। মই  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টিৰ বিশ্বদৰবাৰলৈ লৈ যোৱাৰ বাবে এই গদ্য সংকলনটিৰ আৰবী সংস্কৰণটি ভাৰতত প্ৰকাশ কৰা পৰিৱৰ্তে ইজিপ্তত প্ৰকাশ কৰিছিলো। কিয়নো ইজিপ্তত বহু সমালোচক আছে, তেওঁলোকে বেজবৰুৱাৰ সৃষ্টি পঢ়িব আৰু বিশ্ব মঞ্চত সমালোচনা কৰিব। যিয়ে অসমীয়া সহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ এক সমল হিচাপে কাম কৰিব। বৰ্তমান গ্ৰন্থখনে বিদেশত যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে।"   
 
মেধাৱী ছাত্ৰ আবু ছাইদ আনছাৰীয়ে দাৰুল উলুম দেওবন্দৰ পৰা ইছলামিক শিক্ষা (মৌলানা) গ্ৰহণ কৰি পৰৱৰ্তী সময়ত তেওঁ আধুনিক‌ উচ্চ শিক্ষাৰ বাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি সফলতাৰে স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ভাৰতৰ শীৰ্ষ বিশ্ববিদ্যালয় দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আৰবী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। বৰ্তমান তেওঁ জে এন ইউৰ Centre of Arabic and African Studies-ত পি এইচ ডি কৰি আছে। 
 
 
এক গ্ৰন্থমেলাত আবু ছাইদ আনছাৰী
 
ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত আনছাৰীয়ে কয়, "মই আগন্তুক সময়ত অসমীয়া সাহিত্য আৰবী ভাষালৈ অনুবাদ কৰাৰ বাবে কাম কৰি যাম। কিয়নো বিশ্বৰ ২২ খন দেশত অফিচিয়েল ভাষা হৈছে আৰবী আৰু ৫৬খন দেশত অনানুষ্ঠানিকভাৱে আৰবী ভাষা ব্যৱহাৰ হয়। আৰু আৰবী ভাষা সাহিত্যৰ বিশ্বৰ সাহিত্য জগতত সুকীয়া স্থান আছে। সেয়েহে মই অনুবাদৰ জৰিয়তে অসমীয়া সাহিত্য আৰব বিশ্বৰ পাঠকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰি যাম। বৰ্তমান মই অনুবাদ কৰা বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু' গ্ৰন্থখন ২০২৬ চনৰ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া কাইৰো গ্ৰন্থমেলাত আৰবী ভাষাৰ পাঠকৰ বাবে উপলব্ধ হ'ব।  
 
নিশ্চিতভাৱে অসম সন্তান আবু ছাইদ আনচাৰীৰ এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা। যাৰবাবে এতিয়া আৰব বিশ্বত সমাদৃত হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি 'বুঢ়ী আইৰ সাধু'। ইতিমধ্যে ইজিপ্তৰ কাইৰোৰ বিভিন্ন গ্ৰন্থ বিপণিসমুহত আৰবী ভাষাত অনুদিত গ্ৰন্থ 'বুঢ়ী আইৰ সাধু' উপলব্ধ হৈছে৷ 
 
 
এক অনুষ্ঠানৰ মঞ্চত আবু ছাইদ আনছাৰী
 
আনহাতে, শীঘ্ৰে ভাৰত তথা অসমতো উপলব্ধ হ'ব 'বুঢ়ী আইৰ সাধু'ৰ আৰবী  সংস্কৰণ। অসমীয়া আৰু আৰবী ভাষা-সাহিত্য-সংস্কৃতিৰ মাজত এক শক্তিশালী সেতু গঢ়ি তোলাৰ প্ৰয়াসেৰে সাধুকথাৰ সংকলনটো আনছাৰীয়ে অনুবাদ কৰা বুলি মন্তব্য কৰিছে।