যোগৰ যাত্ৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, “মই যোগ মোৰ প্ৰয়াত ককা আৰু মোৰ দেউতাৰ পৰা শিকিছিলো। ককা আৰু দেউতা যোগ তথা সামগ্ৰিক চিকিৎসাৰ অনুশীলনকাৰী আছিল। যোগ সদায় মোৰ জীৱনৰ চৌপাশে আছিল, কিন্তু মোৰ প্ৰথম সন্তানৰ জন্মৰ পিছত মই সঁচাকৈয়ে ইয়াক আকোৱালি লৈছিলো আৰু ই মোৰ শৰীৰ আৰু মনক অপৰিসীমভাৱে উপকৃত কৰিছিল।”#WATCH | A pioneer in yoga education, Sheikha Shaikha Ali Al-Jaber Al-Sabah of Kuwait received Padma Shri award for her contribution to the field of Medicine.
— ANI (@ANI) April 28, 2025
(Video Source: President of India/YouTube) pic.twitter.com/medp3zN2ky
তেওঁৰ প্ৰচেষ্টাৰ জৰিয়তে কুৱেইটৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে যোগ শিক্ষাৰ অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন কৰে, যাৰ ফলত পেছাদাৰী যোগৰ প্ৰশিক্ষণ দেশখনত বহুলভাৱে সুলভ হৈ পৰে। তেওঁ সমগ্ৰ অঞ্চলটোত যোগৰ প্ৰসাৰত মুখ্য ভূমিকা পালন কৰি আহিছে।#WATCH | Delhi: A pioneer in Yoga education, Sheikha Shaikha Ali Al-Jaber Al-Sabah of Kuwait received Padma Shri award today.
— ANI (@ANI) April 28, 2025
She says, "...I am honoured to be here in Delhi to receive Padma Shri award...I was very surprised and very honoured...So, I am very grateful...I would… pic.twitter.com/pvxjoaEQHW
২০২৪ চনৰ ডিচেম্বৰ মাহত কুৱেইট ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বাইখা আল-ছাবাহক সাক্ষাৎ কৰি যোগ আৰু ফিটনেছৰ প্ৰতি তেওঁৰ সমৰ্পণৰ প্ৰশংসা কৰিছিল। উল্লেখ্য যে, পদ্মশ্ৰী ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান। শিল্প, সামাজিক কাম-কাজ, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা, ক্ৰীড়া, আৰু অসামৰিক সেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱাক পদ্মশ্ৰী বঁটাৰে স্বীকৃতি দিয়া হয়।التقيت بسمو الشيخة شيخة عبدالله الجابر الصباح في الكويت. وتميزت بشغفها باليوغا واللياقة البدنية. وقد أنشأت استوديو خاص بها لليوغا والعافية، وهو استوديو يحظى بشعبية كبيرة في الكويت. وتحدثنا عن طرق لجعل اليوجا أكثر شعبية بين الشباب. pic.twitter.com/HOxbijcsoL
— Narendra Modi (@narendramodi) December 22, 2024