ব্যতিক্ৰমী জেৰিনা খাতুন; প্ৰাকৃতিক উপায়েৰে গ্ৰাহকক সৌন্দৰ্যচৰ্চা কৰা এগৰাকী বিউটিচিয়ান

Story by  Munni Begum | Posted by  Munni Begum • 9 h ago
জেৰিনা খাতুন
জেৰিনা খাতুন
 মুন্নী বেগম / গুৱাহাটী  
 
প্ৰাকৃতিক সম্পদেৰে চহকী আমাৰ দেশত প্ৰাচীনকালৰ পৰাই সৌন্দৰ্য্য চৰ্চাৰ বাবে প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰ হৈ আহিছে। কিন্তু সম্প্ৰতি অতি ব্যস্ততাতপূৰ্ণ জীৱনত এনে উপাদানবোৰ সংগ্ৰহ কৰা আৰু প্ৰসাধন প্ৰস্তুত কৰাত যথেষ্ট অসুবিধা হয়। সেয়েহে বৰ্তমান বজাৰত সহজে উপলব্ধ বিভিন্ন ৰসায়ন সংমিশ্ৰিত প্ৰসাধনৰ ব্যৱহাৰ অধিক দেখা যায়। তেনে ক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহন কৰিছে বিউটিচিয়ান আৰু মেকআপ আৰ্টিষ্ট জেৰিনা খাতুনে। গুৱাহাটীৰ ইছলামপুৰৰ বাসিন্দা জেৰিনা খাতুনে সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰি গ্ৰাহকক সৌন্দৰ্যচৰ্চাৰ সেৱা আগবঢ়াই আহিছে। 
 
'আৱাজ-দ্য ভইচ অসম'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মেকআপ আৰ্টিষ্ট জেৰিনা খাতুনে কয়, "মই বিগত ছয় বছৰ ধৰি সৌন্দৰ্যচৰ্চাৰ কাম কৰি আহিছো। মই গ্ৰাহক পাৰ্টিৱেৰ মেকআপ, ব্ৰাইডিয়েল মেকআপ, অফিচ লুক মেকআপ, প্ৰাকৃতিক সামগ্ৰীৰদ্বাৰা ফেচিয়েল, চুলিৰ চিকিৎসা আদিকে ধৰি সকলো ধৰণৰ সৌন্দৰ্য্য চৰ্চা আগবঢ়াই আহিছো। প্ৰথম অৱস্থাত মই ঘৰত থাকিয়ে তথা গ্ৰাহকৰ ঘৰলৈ গৈ সৌন্দৰ্য চৰ্চা কৰিছিলো। কিন্তু গ্ৰাহকৰ ঘৰলৈ নিজে গৈ সেৱা আগবঢ়োৱাটো সকলো সময়তে সম্ভৱ নহয়। সেয়েহে মই ভাবিলো যে, যদি মোৰ এখন পাৰ্লাৰ থাকিলে হয়, তেন্তে মই সকলো মনুহকে সেৱা আগবঢ়াব পাৰিলো হয়। ইয়াৰ বাবে মই ৰিহাবাৰীৰ এ কে আজাদ ৰোডত 'গ্লেম এণ্ড গ্ৰেছ' নামৰ লেডিছ পাৰ্লাৰখন আৰম্ভ কৰিলো।"   
 
 
বৰ্তমান সৌন্দৰ্য চৰ্চাৰ উপযোগী প্ৰায়বোৰ উপাদান সহজে প্ৰস্তুত কৰি উলিওৱা যথেষ্ট অসুবিধাজনক। কিয়নো প্ৰসাধনৰ সামগ্ৰী প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কিছু দীঘলীয়া। সেয়েহে মানুহে বজাৰত সহজে উপলব্ধ সুলভ মূল্যৰ প্ৰসাধন ক্ৰয় কৰি ব্যৱহাৰ কৰা দেখা যায়। যিবোৰ প্ৰসাধন দীৰ্ঘদিন ধৰি সংৰক্ষণ কৰি ৰাখিবলৈ বিভিন্ন ৰসায়ন মিহলি কৰে, যিয়ে আমাৰ ছাল-চুলি আদিৰ বাবে বহু ক্ষতিকাৰক হয়। তেনে ক্ষেত্ৰত জেৰিনা খাতুনে ঘৰুৱা সামগ্ৰীৰে সম্পূৰ্ণ জৈৱিকভাৱে পেৰাবেন, চালফেটমুক্ত প্ৰসাধনৰ সামগ্ৰী প্ৰস্তুত কৰি আহিছে।   
 
জেৰিনা খাতুনে কয়, "মই সম্পূৰ্ণ ঘৰুৱা সামগ্ৰীৰে প্ৰস্তুত কৰা প্ৰসাধন তথা তেল ব্যৱহাৰ কৰি গ্ৰাহকৰ চুলি আৰু ছালৰ যতন লওঁ। মোৰ পৰা চুলি আৰু ছালৰ যতন লোৱা বহু গ্ৰাহকে সুফলো লাভ কৰিছে। মই সৌন্দৰ্য চৰ্চাত ঘৰুৱা প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ আঁৰত এটা ঘটনা আছে। এবাৰ মোৰ ডেংগু হৈছিল। আৰু মোৰ মুখত সৰু সৰু দানা আকাৰৰ শালমইনাৰ দৰে গুটি উঠিছিল। বেমাৰ ভাল হোৱাৰ পিছত দানাবোৰ কমি গৈছিল যদিও তাৰ দাগবোৰ গালত ৰৈ গৈছিল। মই এই দাগবোৰ আতঁৰোৱাৰ বাবে বজাৰত উপলব্ধ বহু ফেচ ক্ৰীম, ফেচ চিৰাম ব্যৱহাৰ কৰিছিলো যদিও কোনো ধৰণৰ উপশম লাভ কৰা নাছিল, বৰং দাগবোৰ বেছি গাঢ়হে হৈ গৈছিল। ইয়াৰ পিছত মই বজাৰৰ সামগ্ৰীৰ সলনি ঘৰতে উপলব্ধ সামগ্ৰী, বীট, হালধী, চালকোঁৱৰী, নিমপাত, ভিটামিন ই থকা সামগ্ৰী, গাখীৰ, দৈ, বেচন, মচুৰ দাইল, মুলতানি মাটি, লিকোৰাইচ পাউডাৰ, চন্ধন গুড়ি, গুলাপ জল, গুলাপফুলৰ পাতৰ গুড়ি আদি বিভিন্ন প্ৰাকৃতিক সামগ্ৰীৰে প্ৰস্তুত কৰা ফেচ-পেক, ফেচ-ক্ৰীম, ফেচ চিৰাম তৈয়াৰ কৰি মুখত ব্যৱহাৰ কৰিবলৈ লৈছিলো আৰু এমাহ মানৰ ভিতৰত মই সুফলও পাইছিলো। সেয়েহে মই নিজে ব্যৱহাৰ কৰি সুফল পোৱা সামগ্ৰীয়ে বৰ্তমান মই গ্ৰাহককো যোগান ধৰো। আনহাতে মই চুলিৰ বাবেও ঘৰতে প্ৰাকৃতিক সামগ্ৰীৰে প্ৰস্তুত কৰা তেল প্ৰস্তুত কৰি গ্ৰাহকৰ চুলিৰ চিকিৎসা কৰো। যিবোৰৰ খৰচ বজাৰত উপলব্ধ অন্য সামগ্ৰীৰ তুলনাত খুবেই কম। মোৰ ওচৰত ফেচিয়েল ৬০০ টকা, ক্লিনআপ ৩০০-৩৫০ টকাত গ্ৰাহকে লাভ কৰিব পাৰিব।"  
 
জেৰিনাই সজোৱা দুগৰাকী কইনা
 
অধিবক্তা হোৱাৰ আশা মনত পুহি ৰখা জেৰিনাই সমাজ তথা পৰিয়ালৰ সৈতে এক শীতল সংগ্ৰাম চলাই বিভিন্ন ধৰণৰ বাধা অতিক্ৰম কৰি নিজকে সমাজত প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মেকআপৰ লগতে বিভিন্ন ডিজাইনৰ কাপোৰ চিলাই কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিছে জেৰিনাই।    
 
জেৰিনাই কয়, "মই সৰুৰে পৰাই এগৰাকী দক্ষ অধিবক্তা হোৱা এক আশা মনত পুহি ৰাখিছিলো। কিন্তু মোৰ ঘৰত পঢ়াতকৈ বেছি গুৰুত্ব বিয়াৰ ওপৰত দিয়া হৈছিল। মোৰ স্বামীৰ পৰিয়ালে কৈছিল যে, মই বিয়াৰ পিছতো পঢ়াটো অব্যাহত ৰাখিব পাৰিম। সেয়েহে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে, ২০০৬ চনত মোৰ বিয়া হৈ গৈছিল। কিন্তু অতি দুখৰ কথা যে, বিয়াৰ পিছত মই পঢ়া-শুনা অব্যাহত ৰাখিব নোৱাৰিলো। কাৰণ মই এগৰাকী গৃহিণী হিচাপে ল'ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ দ্বায়িত্ব লব লগা গৈছিল। আৰু পিছলৈ সকলোৱে কবলৈ লৈছিল যে, বিয়াৰ পিছত পঢ়িনো কি কৰিবি। কিন্তু মই হতাশ হৈ পৰা নাছিলো, মনৰ কিবা এটা কৰাৰ হাবিয়াসটো মই মনতে জীয়াই ৰাখিছিলো। কিয়নো মই কেৱল এগৰাকী গৃহিণী হৈয়ে থাকিব বিচৰা নাছিলো। মই নিজৰ এক সুকীয়া পৰিচয় বিচাৰিছিলো। সেয়েহে প্ৰথমে মই কেৱল ইউটিউব চাই চিলাইৰ কাম কৰিবলৈ শিকিছিলো। প্ৰথমে কিছু অসুবিধা হৈছিল যদিও এই ক্ষেত্ৰত মোক মোৰ মামাই কিছু সহায় কৰিছিল। কাৰণ মোৰ মামা এগৰাকী দৰ্জী। ইয়াৰ পিছত মই লাহে লাহে ফ্ৰ'ক, ছেল'ৱাৰ চ্যুট, গাউন আদি চিলাই কৰি গ্ৰাহকক যোগান ধৰিবলৈ আৰম্ভ কৰিছিলো। এতিয়া মই লেটেষ্ট ডিজাইনৰ সকলো ধৰনৰ ফ্ৰ'ক, ছেলৱাৰ চ্যুট, গাউন আদি চিলাই কৰি 'নেহাল ব্ৰাডাৰ্ছ' ব্ৰেণ্ড নামেৰে মই মোৰ কাপোৰ গ্ৰাহকক যোগান ধৰি আহিছো।"    
 
 পাৰ্লাৰত গ্ৰাহকৰ সৈতে জেৰিনা (বাওঁফালে) আৰু জেৰিনাই কৰা হেয়াৰষ্টাইল (সোঁফালে)
 
ইছলামত নাৰীক বহু উচ্চস্থান দিয়া হৈছে। ইছলামত নাৰীৰ শিক্ষা, নাৰী সবলীকৰণ আদিৰ কথা বাৰে বাৰে উল্লেখ কৰা আছে। কিন্তু আজিৰ বৈজ্ঞানীক যুগতো মুছলমান সমাজৰ একাংশ লোকে নাৰীক মাত্ৰ চাৰিবেৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিব বিচাৰে। কিন্তু নিজৰ ধৰ্মীয় দিশ, শালীনতা ৰক্ষা কৰি, সমাজৰ নিয়ম উলংঘা নকৰি একান্ত মনে কেৱল মাত্ৰ নিজৰ কাম কৰি সফলতা লাভ কৰিব পাৰে বুলি জেৰিনাই বিশ্বাস কৰে।   
 
জেৰিনাই কয়, "প্ৰথমে মই গ্ৰাহকৰ ঘৰত গৈ গৈ সৌন্দৰ্য চৰ্চাৰ সেৱা আগবঢ়াইছিলো। কিন্তু পিছত মই মোৰ নিজৰ পাৰ্লাৰ আৰম্ভ কৰিছিলো। কিন্তু এই ক্ষেত্ৰত মোক মোৰ মা'ৰ বাদে পৰিয়ালৰ আন কোনো সদস্যই কোনো ধৰণৰ সমৰ্থন আগবঢ়োৱা নাছিল। কাৰণ তেওঁলোকে মোক এটা কথাকে কৈছিল যে, যি কৰিব লগা আছে সেই সকলোবোৰ ঘৰত থাকিয়ে কৰিব লাগিব, ঘৰৰ বাহিৰত গৈ নহয়। কিন্তু পূৰ্বৰ পৰাই ইছলামত নাৰীক বহু উচ্চস্থান দিয়া হৈছে। ইছলামত নাৰীৰ শিক্ষা, নাৰী সবলীকৰণ আদিৰ কথা বাৰে বাৰে উল্লেখ কৰা আছে। কিন্তু আজি বৈজ্ঞানীক যুগতো মুছলমান সমাজৰ একাংশ লোকে নাৰীক মাত্ৰ চাৰিবেৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিব বিচাৰে। বৰ্তমানৰ সমাজিক মাধ্যমৰ যুগত ঘৰত বহি থাকি নিজৰ ব্যৱসায় বৃদ্ধি কৰাটো একেবাৰে সম্ভৱ নহয়। সেয়েহে মই ঘৰত মানুহৰ বিৰুদ্ধে গৈ মোৰ পাৰ্লাৰখন আৰম্ভ কৰিলো। মোৰ বেয়া লাগে যে, মই মোৰ এই সংগ্ৰামৰ পথত আজি অকলে যুঁজি আছো। কিন্তু মই দৃঢ় যে, এদিন মই সফল হম আৰু সকলোৱে মোক প্ৰশংসা কৰিব। মই নিজৰ ধৰ্মীয় দিশ, শালীনতা ৰক্ষা কৰি, সমাজৰ নিয়ম উলংঘা নকৰি একান্ত মনে কেৱল মাত্ৰ নিজৰ কাম কৰি যাম, যিয়ে মোক ভৱিষ্যতে সফলতাৰ দিশে আগুৱাই লৈ যাব।" 
 
জেৰিনাই প্ৰাকৃতিক সামগ্ৰীৰে কৰা ফেচিয়েল
 
আমাৰ সকলোৰে ওচৰত কিবা নহয় কিবা প্ৰতিভা লুকুৱাই আছে। কিন্তু কিছুমানে সুযোগ আৰু সমৰ্থন লাভ কৰে বাবে সফলতা লাভ কৰে আৰু কিছুমানে সমৰ্থন লাভ নকৰে বাবে সফল হব নোৱাৰে। কাৰণ আমাৰ সমাজত আজিও এনে একাংশ লোক আছে যিসকলে মহিলা তথা যুৱতীক খুব কম সমৰ্থন কৰে। জেৰিনাৰ মতে, মহিলা তথা যুৱতীয়ে কাম কৰাৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই যোৱা মানে কোনো অপৰাধ কৰা নহয়। কাৰণ নিজে সৎ আৰু সঠিক পথত থাকিলে, আনে কেতিয়াও আপোনাক ক্ষতি কৰিব নোৱাৰে।  
 
জেৰিনাই কয়, "মই এটা কথা কব বিচাৰো যে, আমাৰ মুছলমান সমাজৰ একাংশ লোকে আজিও ছোৱালীৰ শিক্ষা আৰু কৰ্মৰ ক্ষেত্ৰত হেঙাৰ হৈ থকা দেখা যায়। এনে বহু অভিভাৱক আছে যিসকলে নিজৰ কন্যাক কেৱল মাত্ৰ বিয়া দিব পাৰিলেয়ে নিজৰ দ্বায়িত্ব শেষ হোৱা বুলি ভাবে। আনহাতে এনে বহু পুৰুষও আছে যিসকলে ভাবে যে, এগৰাকী মহিলাই ঘৰৰ বাহিৰলৈ ওলাই গলে যেন কিবা অপৰাধহে কৰিবলৈ গৈ আছে। কিন্তু যদি নিজেই সৎ আৰু সঠিক পথত থাকে, তেন্তে আনে কেনেকৈ আপোনাক ক্ষতি কৰিব পাৰিব। আৰু আমাৰ সকলোৰে ওচৰত কিবা নহয় কিবা প্ৰতিভা লুকুৱাই আছে। কিন্তু কিছুমানে সুযোগ আৰু সমৰ্থন লাভ কৰে বাবে সফলতা লাভ কৰে আৰু কিছুমানে সমৰ্থন লাভ নকৰে বাবে সফল হব নোৱাৰে। মই এটা কথায়ে কব বিচাৰো যে, ছোৱালীবোৰ খুবেই প্ৰতিভাৱান, কেৱল তেওঁলোকক সমৰ্থন আৰু কিছু যত্নৰ দৰকাৰ।" 
 
জেৰিনাই কইনাৰ হাতত বুলোৱা মেহেন্দি
 
জেৰিনাই বহু মহিলা তথা যুৱতীক বাহ্যিক সৌন্দৰ্যতা প্ৰদান কৰাৰ লগতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকৰ জীৱন সৌন্দৰ্যতাৰে উপচাই দিছে। সুন্দৰ মুখমণ্ডল লগতে এখন সুন্দৰ হৃদয়ৰ গৰাকী জেৰিনাই বৰ্তমানলৈ শতাধিক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে। বহু যুৱতীয়ে তেওঁৰ পৰা প্ৰশিক্ষণ লাভ কৰি আত্মনিৰ্ভৰশীল হৈ একো একোটা পৰিয়ালৰ পোহ-পাল দি আহিছে। 
 
জেৰিনাই কয়, "মই বহু ছোৱালীক চিলাই, মেকআপ আৰু পাৰ্লৰৰ প্ৰশিক্ষণো দি আহিছো। প্ৰশিক্ষণৰ বাবদ মই যুৱতীসকলৰ পৰা বহু বেছি টকা আদায় নলও। আনহাতে মই আৰ্থিকভাৱে দুৰ্বল বহু যুৱতীক বিনামূলীয়াকৈও প্ৰশিক্ষণ দি আহিছো। কাৰণ মই এটা কথায়ে ভাবো যে, যুৱতীসকল আত্মনিৰ্ভলশীল হব লাগে। আৰু মোৰ পৰা প্ৰশিক্ষণ লাভ কৰি কোনো নহয় কোনোৱে আত্মনিৰ্ভৰশীল হ'ব পাৰিব।"


শেহতীয়া খবৰ