নিঃসন্তান দম্পতীৰ আশাৰ ৰেঙনি IVF বিশেষজ্ঞ ডাঃ শ্বাহিদা নাগমা

Story by  atv | Posted by  Munni Begum • 50 m ago
ডাঃ শ্বাহিদা নাগমা
ডাঃ শ্বাহিদা নাগমা
 
অনিকা মহেশ্বৰী / নতুন দিল্লী 
 
ঝাৰখণ্ডৰ কয়লা নগৰী ধনবাদৰ মূল বাসিন্দা তথা দিল্লীৰ স্বনামধন্য স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ তথা IVF বিশেষজ্ঞ ডাঃ শ্বাহিদা নাগমা সাধাৰণতে অন্য চিকিৎসকৰ দৰেই, কিন্তু প্ৰকৃততে তেওঁ নিজৰ পৰিয়ালটোৰ বাবে এনে এক অনুপ্ৰেৰণাৰ উৎস, যিগৰাকীক চিকিৎসক হোৱা দেখি আজি পৰিয়ালটোৰ বহু ছোৱালীয়ে নিজৰ জন্মস্থানৰ পৰা দূৰলৈ গৈ ইঞ্জিনীয়াৰ, চিকিৎসক, ফাইন আৰ্টিষ্ট আদি হৈ নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে।
 
মাতৃ শ্বাবানা কমৰ (শিক্ষা) আৰু সেনাৰ পৰা অৱসৰপ্ৰাপ্ত পিতৃ খুৰশ্বিদ আহমেদৰ উৎসাহত চিকিৎসক হিচাপে সুখ্যাতি অৰ্জন কৰা ডাঃ শ্বাহিদা নগমাৰ সৰু ভাতৃও এজন চিকিৎসক আৰু তেওঁ মীৰাটত চিকিৎসা সেৱা আগবঢ়াই আছে। ডাঃ শ্বাহিদাৰ প্ৰাথমিক শিক্ষা কনভেণ্ট স্কুলত আৰম্ভ হৈছিল আৰু ইয়াৰ পিছত তেওঁ ধৌলা কুঁৱাৰ আৰ্মি পাব্লিক স্কুলৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষা সম্পূৰ্ণ কৰে।
 
ডাঃ শ্বাহিদা নাগমা
 
চিকিৎসা ক্ষেত্ৰখনত তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল দিল্লী কেণ্টৰ আৰ্মি কলেজ অৱ মেডিকেল ছাইয়েন্স (ACMS) ৰ পৰা MBBS ডিগ্ৰী আৰু ইণ্টাৰ্নশ্বিপৰ জৰিয়তে। ইয়াৰ পিছত তেওঁ দেশৰ সন্মানীয় শিক্ষানুষ্ঠান বৰ্ধমান মহাবীৰ মেডিকেল কলেজ (VMMC) আৰু ছফদৰজং চিকিৎসালয়, নতুন দিল্লীৰ পৰা অবছটেট্ৰিক্স এণ্ড গাইনোকলজিত (প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিজ্ঞান) স্নাতকোত্তৰ (MS) ডিগ্ৰী লাভ কৰে।
 
ছফদৰজং চিকিৎসালয়তে জ্যেষ্ঠ আৱাসিক চিকিৎসক হিচাপে একেৰাহে তিনি বছৰ কাম কৰি তেওঁ জটিল ছাৰ্জিকেল সমস্যাবোৰ নিয়াৰিকৈ চম্ভালি লোৱাত পাৰদৰ্শিতা অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ নতুন দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত প্ৰখ্যাত চিকিৎসক ডাঃ আভা মজুমদাৰৰ তত্ত্বাৱধানত ৰিপ্ৰডাক্টিভ মেডিচিন (IVF)-ত নিজৰ ফেল'শ্বিপ সম্পূৰ্ণ কৰে।
 
শৈশৱৰ সপোন আৰু 'ডাক্তৰ নানা'ৰ প্ৰভাৱ
 
ডাঃ শ্বাহিদাৰ চিকিৎসক হোৱাৰ অনুপ্ৰেৰণা তেওঁৰ শৈশৱৰ দিনবোৰৰ সৈতেই গভীৰভাৱে জড়িত হৈ আছে। তেওঁৰ ককাক, যাক পৰিয়ালৰ সকলোৱে মৰমতে 'ডাক্তৰ নানা' বুলি মাতিছিল, যুক্তৰাজ্য (UK)ৰ এজন সুপৰিচিত শিশু ৰোগ বিশেষজ্ঞ আছিল। তেওঁ যেতিয়াই ভাৰতলৈ আহিছিল, ডাঃ শ্বাহিদাই তেওঁৰ কাষত বহি তেওঁৰ অভিজ্ঞতাবোৰ একান্ত মনেৰে শুনিছিল। ককাকৰ শান্ত স্বভাৱ আৰু ৰোগীৰ যত্ন লোৱাৰ পদ্ধতিয়ে ডাঃ শ্বাহিদাৰ মনত চিকিৎসা ক্ষেত্ৰখনলৈ যোৱাৰ ভেটি গঢ়ি তুলিছিল।
 
এই সমগ্ৰ যাত্ৰাত তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ এক অটুট সহযোগিতা আছিল। তেওঁৰ পিতৃ, যি প্ৰথমে ভাৰতীয় সেনাত কাৰ্যনিৰ্বাহ কৰিছিল আৰু পিছলৈ বেংক অৱ ইণ্ডিয়াৰ বেংক মেনেজাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল, তেওঁ সদায় নিজৰ কন্যাৰ সপোনবোৰক গুৰুত্ব সহকাৰে লৈছিল আৰু তেওঁক আগবাঢ়ি যাবলৈ অবিৰতভাৱে অনুপ্ৰাণিত কৰিছিল।
 
ডাঃ শ্বাহিদা নাগমা
 
পৰিৱৰ্তিত জীৱনশৈলী আৰু বন্ধ্যত্বৰ প্ৰত্যাহ্বান
 
আজিকালি কম বয়সীয়া দম্পতীসকলৰ মাজতো বন্ধ্যাত্ব (Infertility)ৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। এই সন্দৰভত কথা পাতি ডাঃ শ্বাহিদাই জনায় যে বৰ্তমানৰ ব্যস্ত জীৱনশৈলী, ৯-ৰ পৰা ৫-বজালৈ অফিচৰ দৌৰাদৌৰি আৰু অত্যাধিক মানসিক তথা শাৰীৰিক চাপেই ইয়াৰ প্ৰধান কাৰণ।
 
মানসিক চাপৰ ফলত শৰীৰত কৰ্টিচ'ল (Cortisol) হৰমনৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে আমাৰ প্ৰধান প্ৰজনন হৰমনসমূহ যেনে ইষ্ট্ৰজেন, প্ৰজেষ্টেৰন, FSH আৰু LH ৰ ভাৰসাম্য বিনষ্ট কৰে। ইয়াৰ উপৰি খাদ্যৰ ভেজাল, দূষিত পানী আৰু বৰ্ধিত বায়ুপ্ৰদূষণেও প্ৰজনন ক্ষমতাক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে।
 
IVF প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে, IVF (In Vitro Fertilization) হৈছে এনে এক কৃত্ৰিম প্ৰযুক্তি, যিয়ে প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিবলৈ অক্ষম দম্পতীসকলক সহায় কৰে।
 
এটি আৱেগিক আৰু স্মৰণীয় অভিজ্ঞতা
 
নিজৰ কেৰিয়াৰৰ এক আৱেগিক অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয়, "এবাৰ গ্ৰাম্য পটভূমিৰ এক দম্পতী তেওঁলোকৰ ১১ বছৰীয়া কন্যাৰ সৈতে মোৰ ওচৰলৈ আহিছিল। তেওঁলোকৰ কন্যাগৰাকী এটি ভায়েক বা ভনীয়েকৰ বাবে অতি আগ্ৰহী আছিল। মহিলাগৰাকীৰ জৰায়ুত যথেষ্ট আঠা লগা সমস্যা (Adhesions) আছিল।
 
ডাঃ শ্বাহিদাই Hysteroscopy-ৰ জৰিয়তে সেই সমস্যাটো নিৰাময় কৰে আৰু জৰায়ুৰ আৱৰণটো উন্নত কৰিবলৈ প্ৰথমবাৰৰ বাবে PRP প্ৰযুক্তিৰ ব্যৱহাৰ কৰে। ফলস্বৰূপে, প্ৰথমটো IVF প্ৰচেষ্টাতে মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰে আৰু যেতিয়া সন্তানটিৰ হৃদস্পন্দন প্ৰথমবাৰৰ বাবে শুনা গৈছিল, সেই মুহূৰ্তটো সমগ্ৰ পৰিয়ালটোৰ লগতে স্বয়ং ডাঃ শ্বাহিদাৰ বাবেও অতিকৈ আৱেগিক আৰু স্মৰণীয় হৈ পৰিছিল।"
 
ডাঃ শ্বাহিদা নাগমা
 
সফলতাৰ যাত্ৰা আৰু সন্তানহীন দম্পতীসকলৰ বাবে বাৰ্তা
 
বৰ্তমান ডাঃ শ্বাহিদাই ছতৰপুৰ মেইন ৰোডস্থিত 'ৰেডিয়েনছ লাইফলাইন এণ্ড ফাৰ্টিলিটি ক্লিনিক'ত নিজৰ সেৱা আগবঢ়াই আছে। ইয়াৰ লগতে তেওঁ 'ক্লাউডনাইন চিকিৎসালয়'ৰ (ইষ্ট অফ কৈলাশ, নতুন দিল্লী) সৈতেও জড়িত হৈ আছে।
 
ইয়াৰ পূৰ্বে তেওঁ Birla Fertility & IVF-ৰ সৈতেও কাম কৰিছে। বন্ধ্যাত্বৰ সৈতে যুঁজি থকা দম্পতীসকলক উদ্দেশ্যি এক বাৰ্তা দি ডাঃ শ্বাহিদাই কয় যে, পিতৃ-মাতৃ হোৱাৰ যাত্ৰা সকলোৰে বাবে বেলেগ বেলেগ হয়। ইজনে সিজনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে বা সমাজৰ কটূক্তিত নিজকে জুখি চোৱাৰ সলনি সঠিক সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চাপমুক্ত হৈ আৰু সঠিক মাৰ্গদৰ্শনৰ জৰিয়তে এই যাত্ৰাক সুখদায়ক কৰি তোলাৰ প্ৰয়োজন।