গুৱাহাটী
পুনৰ এজাক বৰষুণতে হাহাকাৰ লাগিল গুৱাহাটীবাসীৰ। কিয়নো পুনৰ কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী মহানগৰী। সোমবাৰৰ পুৱাৰ অহা এজাক বৰষুণ পিছতে গুৱাহাটীৰ ভিন্ন প্ৰান্তত সৃষ্টি কৃত্ৰিম বান। গুৱাহাটীৰ বেলতলাৰ ৱাৰলেছ, অনিল নগৰ, নবীন নগৰ, বি বৰুৱা পথ, চানমাৰি, হাতীগাঁওকে ধৰি ভিন্নস্থানত একাঠু পৰ্যন্ত পানী।
কৃত্ৰিম বানত হাহাকাৰ লাগিল শিক্ষাৰ্থীকে ধৰি কৰ্মস্থলীলৈ যাবলগীয়া বহু লোকৰ। গুৱাহাটীৰ ৰাজপথত একাঠু পৰ্যন্ত পানী ফালিয়েই পাৰ হৈ গৈছে ইখনৰ পিছতে সিখন বাহন।
কৃত্ৰিম বানৰ ফলত বেলতলা ছাৰ্ভে ৰাজপথত বিকল হৈ পৰিলে অটোৰিক্সা, ইৰিক্সাকে ধৰিকেইবাখনো দুচকীয়া বাহনো। চৰকাৰে নলা নিৰ্মাণ কৰি কৃত্ৰিম বান ৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলায়েই আছে, যদিও সকলো প্ৰচেষ্টা যেন অসাৰ হৈ পৰিছে গুৱাহাটীত।