ভাৰত-পাকিস্তানৰ উত্তেজনাঃ ঝেলুম নদীত হঠাৎ বৃদ্ধি পালে জলপৃষ্ঠ, পি অ’ কেত বানপানী, মুজাফ্ফৰাবাদত আতংক

Story by  atv | Posted by  [email protected] • 1 d ago
ঝেলুম নদীত হঠাৎ বৃদ্ধি পালে জলপৃষ্ঠ
ঝেলুম নদীত হঠাৎ বৃদ্ধি পালে জলপৃষ্ঠ
 
আৱাজ দ্য ভইচ/নতুন দিল্লী

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ২৬ এপ্ৰিল শনিবাৰে পাকিস্তান অধ্যুষিত কাশ্মীৰ (POK)ৰ ৰাজধানী মুজাফ্ফৰাবাদত হঠাতে ঝেলুম নদীৰ জলপৃষ্ঠ বৃদ্ধি পায়। ভাৰতে কোনো পূৰ্ব জাননী অবিহনে অতিৰিক্ত পানী নদীত এৰি দিয়াৰ বাবে মুজাফ্ফৰাবাদত বানপানীৰ সৃষ্টি হোৱা বুলি পাকিস্তানে অভিযোগ উত্থাপন কৰিছে। 
 
সিন্ধু জল সন্ধিক লৈ দুয়োখন দেশৰ মাজত তিক্ত বিবাদৰ সৃষ্টি হোৱাৰ সময়তে মুজাফ্ফৰাবাদ জিলা প্ৰশাসনৰ এগৰাকী মুখপাত্ৰই এক চমু বিবৃতিত কয় যে ভাৰতে ঝেলুম নদীত স্বাভাৱিকতকৈ অধিক পানী এৰি দিয়াৰ ফলত ইয়াত বানপানীৰ সৃষ্টি হৈছে। স্থানীয় বাসিন্দাসকলক নদীৰ পাৰৰ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আৰু মাছমৰীয়াসকলক নদীৰ কাষলৈ নাযাবলৈ প্ৰশাসনে আহ্বান জনাইছে।
 
একে সময়তে এজেন্সীৰ সংবাদদাতাই কয় যে বৃহৎ সংখ্যক স্থানীয় লোক দলংৰ ওপৰত সমবেত হৈ নদীৰ পানীৰ ওপৰত চকু ৰাখিছে। মছজিদৰ মাইক্ৰ’ফোনৰ জৰিয়তে মানুহক বানপানীৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়া হয়, যাৰ ফলত মুজাফ্ফৰাবাদ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়।
পাকিস্তানৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ভাৰতে পাকিস্তানক পূৰ্বৰ তথ্য অবিহনে ঝেলুম নদীত বৃহৎ পৰিমাণৰ পানী এৰি দিছে। "দুনিয়া নিউজ"ৰ মতে, এই পানী ভাৰতীয় প্ৰশাসিত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পৰা বৈ গৈ চাকোঠী হৈ পি অ' কেত প্ৰৱেশ কৰি আছে।" এতিয়ালৈকে ভাৰতে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। শনিবাৰে মাজনিশা পৰ্যন্ত ঝেলুমৰ জলপৃষ্ঠ বৃদ্ধি সন্দৰ্ভত ভাৰতৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।
 
উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছত ভাৰতে পাকিস্তানক সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ১৯৬০ চনৰ ঐতিহাসিক সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কথা ঘোষণা কৰে, য’ত সিন্ধু অৱবাহিকাৰ ছয়খন নদীৰ পানীৰ ভাগ-বতৰা নিয়ন্ত্ৰণ কৰা হয়।
 
ভাৰতৰ জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে শুকুৰবাৰে ঘোষণা কৰে যে সিন্ধু নদীৰ এটোপাল পানীও যাতে পাকিস্তানলৈ নাযায়, ভাৰতে সেয়া  সুনিশ্চিত কৰিব। ইয়াৰ বাবে হ্ৰস্বম্যাদী, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী কৌশল ৰচনা কৰা হৈছে, য’ত নদীৰ প্ৰবাহক অন্য দিশলৈ ঠেলি দিয়া আৰু ড্ৰেজিঙৰ দৰে ব্যৱস্থাও সন্নিবিষ্ট কৰা হৈছে।
 
মন্ত্ৰীগৰাকীয়ে কয়, "গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় আৰু এখন ৰোডমেপ প্ৰস্তুত কৰা হয়।" ভাৰতৰ এই পদক্ষেপক লৈ পাকিস্তানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইছলামবাদে কয় যে সিন্ধু জল সন্ধি একপক্ষীয়ভাৱে স্থগিত ৰাখিব নোৱাৰি আৰু যদি ভাৰতে পানী বন্ধ কৰাৰ চেষ্টা কৰে তেন্তে ইয়াক “যুদ্ধ” বুলি গণ্য কৰা হ’ব। 
 
পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলোৱাল ভুট্টো জৰ্দাৰীয়ে ৰাজহুৱা সভাত তীব্ৰ সতৰ্কবাণী দি কয় যে, "হয় সিন্ধু নদীৰ পৰা পানী বৈ থাকিব, নহয় ভাৰতীয়সকলৰ তেজ বৈ থাকিব। সিন্ধু আমাৰ, আৰু আমাৰ হৈয়ে থাকিব।"
 
মন কৰিবলগীয়া যে, কাশ্মীৰ পুনৰবাৰ ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মূল কেন্দ্ৰত পৰিণত হৈছে। ভাৰতে পহলগাম আক্ৰমণক পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি অভিহিত কৰাৰ বিপৰীতে পাকিস্তানে এই অভিযোগ নাকচ কৰি আক্ৰমণৰ ‘নিৰপেক্ষ তদন্ত’ৰ প্ৰস্তাৱ আগবঢ়াইছে।
এই উত্তেজনাৰ মাজতে ভাৰতে পাকিস্তানৰ সৈতে থকা একমাত্ৰ সক্ৰিয় স্থল সীমান্ত চকীটোও সাময়িকভাৱে বন্ধ কৰি দিছে। প্ৰত্যুত্তৰত পাকিস্তানে ভাৰতীয় বিমান সংস্থাসমূহক পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে উৰণ নকৰিবলৈ সকীয়াই দিছে। পাকিস্তানে ভাৰতৰ মালিকানাধীন বা পৰিচালিত বিমান সংস্থাসমূহৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ লগতে তৃতীয় পক্ষৰ জৰিয়তেও বাণিজ্য বন্ধ কৰি দিছে।
 
বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত সিন্ধু জল সন্ধি ভাৰত-পাকিস্তানৰ সম্পৰ্কত দশক দশক ধৰি স্থিতিশীলতাৰ এক প্ৰধান স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু বৰ্তমানৰ পৰিস্থিতিয়ে এই সন্ধিৰ ভৱিষ্যতক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। যদি দুয়োখন দেশে এই বিষয়ত একমতত উপনীত হ’ব নোৱাৰে, তেন্তে অঞ্চলটোত জল সংকটৰ লগতে সামৰিক উত্তেজনা বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা আছে।
 
বিশেষজ্ঞসকলৰ মতে এই সংঘাত যদি কূটনৈতিক উপায়েৰে ক্ষিপ্ৰতাৰে সমাধান কৰা নাযায়, ইয়াৰ পৰিণতি কেৱল ভাৰত আৰু পাকিস্তানত সীমাবদ্ধ নাথাকিব, বৰঞ্চ সমগ্ৰ দক্ষিণ এছিয়া অঞ্চলৰ শান্তি আৰু নিৰাপত্তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে।


শেহতীয়া খবৰ