কাশ্মীৰৰ প্ৰগতি আৰু সমৃদ্ধি দেখি হতাশ হৈছে সন্ত্রাসবাদৰ পৃষ্ঠপোষকসকলঃ প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি কয় যে এয়া কাশ্মীৰ আৰু দেশৰ শত্ৰুপক্ষই অঞ্চলটোৰ উল্লেখযোগ্য অগ্ৰগতিক বিঘ্নিত কৰাৰ এক হতাশজনক প্ৰচেষ্টা।
 
জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ ১২১ সংখ্যক খণ্ডৰ সময়ত ভাষণ দি মোদীয়ে কয় যে যোৱা কিছু বছৰত কাশ্মীৰে অভূতপূৰ্ব সমৃদ্ধিৰ সাক্ষী হৈছে। ইয়াত পৰ্যটনৰ উত্থান ঘটিছে, বিদ্যালয়-মহাবিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰীসকল উভতি আহিছে আৰু যুৱক-যুৱতীসকলৰ বাবে সুযোগ বৃদ্ধি পাইছে।
 
পহলগামত সংঘটিত আক্ৰমণে সন্ত্রাসবাদৰ পৃষ্ঠপোষকসকলৰ হতাশা প্রতিফলিত কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়, "কাশ্মীৰলৈ শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়সমূহলৈ সজীৱতা ঘূৰি আহিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটনৰ উত্থান ঘটিছিল আৰু যুৱক-যুৱতীসকলৰ সন্মুখত নতুন সুযোগৰ সৃষ্টি হৈছিল। জম্মু-কাশ্মীৰ আৰু দেশৰ শত্ৰুসকলে অঞ্চলটোৰ এই উন্নতি দেখি ভাল পোৱা নাছিল। সন্ত্ৰাসবাদীয়ে আকৌ এবাৰ কাশ্মীৰক ধ্বংস কৰিব বিচাৰিছে।"
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ নেতাসকলে তেওঁক ফোন কৰি সন্ত্ৰাসবাদীৰ এই কাৰ্যক গৰিহণা দিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। "গোলকীয় নেতাসকলে মোক ফোন কৰিছে, চিঠি লিখিছে, বাৰ্তা প্ৰেৰণ কৰিছে। সকলোৱে এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ নিন্দা কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত সমগ্ৰ বিশ্বই ১৪ কোটি ভাৰতীয়ৰ সৈতে থিয় দিছে।"-প্ৰধানমন্ত্ৰীয়ে কয়।
 
প্ৰধানমন্ত্ৰী মোদীয়ে এই আক্ৰমণত নিহতসকলৰ পৰিয়ালে ন্যায় লাভ কৰিব বুলি পুনৰ দৃঢ়তাৰে কয়, আৰু এই কাণ্ডৰ আঁৰৰ মাষ্টাৰমাইণ্ড আৰু অপৰাধীসকলক কঠোৰ শাস্তি দিয়া হ’ব বুলি উল্লেখ কৰে। ২৬ জন লোকে প্ৰাণ হেৰুওৱা আক্ৰমণৰ পিছত প্ৰথম প্ৰতিক্ৰিয়াৰ হিচাপে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে আক্ৰমণৰ আঁৰৰ সন্ত্ৰাসবাদী আৰু ষড়যন্ত্ৰকাৰীসকলে কল্পনা কৰিব নোৱাৰা ধৰণৰ শাস্তি পাব।
মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি আছে আৰু জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিজৰ আত্মীয়-কুটুম্বক হেৰুৱাও লোকসকলৰ বেদনা প্ৰত্যেকজন ভাৰতীয়ই অনুভৱ কৰিছে।
 
"সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুঁজত ১৪০ কোটি ভাৰতীয়ৰ ঐক্যই আমাৰ সবাতোকৈ ডাঙৰ শক্তি। এই ঐক্যই হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুদ্ধৰ ভেটি। এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আমি আমাৰ আদৰ্শক শক্তিশালী কৰিব লাগিব। আমি দেশ হিচাপে আমাৰ ইচ্ছাশক্তি দেখুৱাব লাগিব। সমগ্ৰ বিশ্বই চাই আছে যে ভাৰতবৰ্ষই কেনেকৈ এক কণ্ঠত কথা কৈছে।"-প্ৰধানমন্ত্ৰী মোদীয়ে কয়। 


শেহতীয়া খবৰ