মালিক আছঘৰ হাচমী / নতুন দিল্লী
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে চুবুৰীয়া দেশ পাকিস্তানে সচৰাচৰৰ দৰেই ডাঙৰ ডাঙৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। বিলোৱাল ভুট্টোৰ দৰে নেতাই যুদ্ধৰ বাবে গৰ্জন কৰিলেও তেওঁলোকৰ বাস্তৱ পৰিস্থিতি পাকিস্তানৰ জনসাধাৰণৰ পৰা লুকাই নাথাকে।
পাকিস্তানৰ নাগৰিকে নিজেই দেশখনৰ সামৰিক শক্তিক ছচিয়েল মিডিয়াত মুকলিকৈ ঠাট্টা কৰি আছে আৰু সঁচা কথা ক’বলৈ গ’লে উত্তেজনাপূৰ্ণ পৰিৱেশটো এতিয়া মিম যুদ্ধত পৰিণত হৈছে!
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা মিমত দেখা গৈছে এখন ‘ভয়ংকৰ’ পাকিস্তানী টেংক। কিন্তু এই টেংকৰ কামানৰ পৰা ক্ষেপণাস্ত্ৰ নহয়, ‘চান্দা তেল’ (sanda oil)ৰে নিৰ্মিত ‘ব্লিচ ৰকেট’ (Bleach Rocket) নিক্ষেপ কৰা হৈছে। কমেণ্টত লিখা আছে, "এই ব্লিচ ৰকেটে শত্ৰুক সুগন্ধিৰে স্তম্ভিত কৰি পেলাব!"
যুদ্ধৰ বাবে ‘ব্লিচ ৰকেট’ কঢ়িয়াই নিছে পাকিস্তানে
একে সময়তে আন এটা মিমত দেখুওৱা হৈছে সীমান্তৰ এটা দৃশ্য। ভাৰতীয় পক্ষত শক্তিশালী টেংক আৰু কামান সাজু কৰাৰ বিপৰীতে পাকিস্তানী পক্ষত কেইটামান গৰু সাজু কৰা হৈছে। ইয়াত এই বাৰ্তা দিয়া হৈছে যে ভাৰতীয় সেনাই গৰুক সন্মান কৰে, গতিকে পাকিস্তানৰ কৌশল হ’ল গৰুক যুদ্ধৰ আগস্থানত ৰখা। বাহ, কি চমকপ্ৰদ কৌশল!
সীমান্তত গৰু সাজু কৰি ৰাখিছে পাকিস্তানে
হাস্যৰস ইয়াতেই থমকি ৰোৱা নাই। আন এটা মিমত পাকিস্তানী বায়ুসেনাৰ যুদ্ধ বিমান এখন আকাশত উৰি থকা দেখা গৈছে যদিও বোমা বা মিছাইলৰ সলনি ই জনপ্ৰিয় চেম্পু ব্ৰেণ্ডৰ বটল তললৈ পেলাই আছে। কেপচনত লিখা আছে, "শত্ৰুৰ চুলি জিলিকাই ৰাখক, যাতে তেওঁলোকে যুদ্ধ পাহৰি যায়!"
আন এটা সৃষ্টিশীল মিমত পাকিস্তানী কমাণ্ডোসকল যুদ্ধৰ বাবে সাজু হোৱা দেখা গৈছে। কিন্তু তেওঁলোকৰ হাতত বন্দুক নাই, গ্ৰেনেডো নাই, এহাতত আছে মোবাইল আৰু আনখন হাতত আছে চেম্পুৰ বটলৰ পৰা তৈয়াৰী 'পিষ্টল'! বন্দুকৰ সলনি তেওঁলোকৰ ইউনিফৰ্মত ওলমি আছে টেলকম পাউদাৰ আৰু সুগন্ধিৰ বটল। যুদ্ধৰ আগতে তেওঁলোকে নিজকে সজাই পৰাই তুলিবলৈ সম্পূৰ্ণ সাজু যেন লাগিছে।
পাকিস্তানৰ বায়ু সেনাই ভাৰতীয় সেনালৈ নিক্ষেপ কৰিছে ছেম্পুৰ বটল
ছ’চিয়েল মিডিয়াত পাকিস্তানী সেনাক ঠাট্টা কৰি প্ৰস্তুত কৰা এটা মিমত লিখা আছে, “ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়াৰ আগতে পাকিস্তানী সেনাই নিজৰ মোবাইল চাৰ্জ কৰিছে, কাৰণ ইনষ্টাগ্ৰামত ফটো দিব লাগিব।”
এই কৌতুকটোত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা ভুৱা এক্স (পূৰ্বৰ টুইটাৰ) ভিডিঅ’ও শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ কৈছিল যে পাকিস্তানৰ সামৰিক শক্তি “একাপ চাহ আৰু আধা ডজন গৰু”ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আনহাতে ভাৰতৰ সৈতে আছে বিশ্বৰ অন্যতম বৃহৎ সেনাবাহিনী।
যুদ্ধলৈ প্ৰস্তুত হৈছে এজন পাকিস্তানী সেনা
আমোদজনক কথাটো হ’ল কেৱল ভাৰতীয়ই নহয়, পাকিস্তানী নাগৰিকে নিজেও এই মিমবোৰক লৈ ঠাট্টা কৰি আছে। পাকিস্তানী সাংবাদিক হুমা জেহৰা আৰু বহু বিদেশী ইউজাৰেও এই মিমবোৰ শ্বেয়াৰ কৰিছে। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে পাকিস্তানৰ জনসাধাৰণে নিজৰ দেশৰ বাস্তৱতাৰ বিষয়ে ভালদৰেই জানে আৰু এই মুহূৰ্তত তেওঁলোকৰ সৈতে হাঁহিৰ বাহিৰে আন কোনো বিকল্প নাই।
এফালে, ভাৰতে নিজৰ সামৰিক শক্তি, প্ৰযুক্তি আৰু কৌশলৰ ভিত্তিত বিশ্বৰ মঞ্চত শক্তিশালীভাৱে থিয় দিছে। আনফালে, পাকিস্তানে ছ’চিয়েল মিডিয়াত মিমৰ জৰিয়তে নিজকে উপহাস কৰিছে। প্ৰকৃত যুদ্ধত নহ’লেও ইতিমধ্যে এই মিম যুদ্ধত পাকিস্তানে ডাঙৰ পৰাজয়ৰ সন্মুখীন হৈছে!