ভাৰত-পাকিস্তানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে চীনে

Story by  atv | Posted by  [email protected] • 23 h ago
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ী আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰী মহম্মদ ইছাক ডাৰ (ফাইল ফটো)
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ী আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰী মহম্মদ ইছাক ডাৰ (ফাইল ফটো)
 
নতুন দিল্লী

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে দেওবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী মহম্মদ ইছাক ডাৰৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয় যে চীনে ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে। চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছে এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে।
 
ৱাঙে মহম্মদ ইছাক ডাৰক কয় যে জম্মু-কাশ্মীৰৰ পহলগামত ২৬ জন পৰ্যটকৰ মৃত্যু হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ নিৰপেক্ষ তদন্তক চীনে সমৰ্থন কৰে।
 
চীনে আশা কৰিছে যে দুয়োপক্ষই সংযম বজাই ৰাখিব, আৰু উত্তেজনা হ্ৰাস কৰাৰ দিশত কাম কৰিব। চীনৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য হিচাপেও থকা ৱাঙক কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন চুবুৰীয়া দেশৰ মাজত উত্তেজনা সম্পৰ্কীয় শেহতীয়া পৰিস্থিতিৰ বিষয়ে পাকিস্তানী নেতাগৰাকীয়ে অৱগত কৰে। ইতিমধ্যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু সকলো পাকিস্তানী ভিছা নিষিদ্ধ কৰাৰ দৰে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।
 
গ্ল’বেল টাইমছৰ মতে, ৱাঙে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াটো সকলো দেশৰ এক উমৈহতীয়া দায়িত্ব, আৰু চীনে পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী দৃঢ় পদক্ষেপক ধাৰাবাহিকভাৱে সমৰ্থন কৰে।


শেহতীয়া খবৰ