ইৰাণৰ বন্দৰত বিস্ফোৰণ; ১৪ জন নিহত, ৭৫০ জন আহত

Story by  atv | Posted by  Munni Begum • 1 d ago
ইৰাণৰ বন্দৰত বিস্ফোৰণ
ইৰাণৰ বন্দৰত বিস্ফোৰণ
 
তেহৰাণ
 
ইৰাণৰ বান্দাৰ আব্বাছৰ শ্বাহিদ ৰাজাই বন্দৰত সংঘটিত বিস্ফোৰণত ১৪ জন লোক নিহত হোৱাৰ লগতে ৭৫০ জন লোক আহত হোৱা বুলি ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। 
 
শ্বাহিদ ৰাজাই বন্দৰ চৌহদৰ পৰা ডাঠ ধূসৰ ধোঁৱাৰ এক বিশাল ঢৌ ওপৰলৈ উঠি অহা দেখা গৈছিল। ইৰাণ চৰকাৰে কয় যে, এই বিস্ফোৰণটো মজুত কৰি ৰখা ৰাসায়নিক পদাৰ্থৰ বাবে হোৱাৰ সম্ভাৱনা আছে। 
 
ইৰাণৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ স্বৰাজ মন্ত্ৰী এস্কাণ্ডাৰ মোমেনীয়ে কয় যে, তীব্ৰ বতাহৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে ৬ জন লোক নিৰুদ্দেশ হৈ আছে। 
 
বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। চৰকাৰী মুখপাত্ৰ ফাতেমেহ মোহাজেৰানীয়ে কয় যে, বিস্ফোৰণৰ কাৰণ বিচাৰি উলিয়াবলৈ কিছু সময় লাগিব, কিন্তু এতিয়ালৈকে যিটো নিৰ্ণয় কৰা হৈছে সেয়া হ’ল যে বন্দৰৰ এটা চুকত কণ্টেইনাৰ মজুত কৰা হৈছিল য’ত সম্ভৱতঃ ৰাসায়নিক পদাৰ্থ আছিল যিবোৰ বিস্ফোৰণ ঘটিছিল। 
 
তেওঁ লগতে কয়, "কিন্তু জুই নিৰ্বাপিত নোহোৱালৈকে ইয়াৰ কাৰণ নিৰ্ণয় কৰাটো কঠিন।" বায়ু প্ৰদূষণ যথেষ্ট বৃদ্ধি পোৱাৰ মাজতে ইৰাণৰ কৰ্তৃপক্ষই বান্দাৰ আব্বাছত জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।
 
স্বাস্থ্য মন্ত্ৰালয়ে স্বাস্থ্য দল সংগঠিত কৰি নাগৰিকৰ স্বাস্থ্য সুৰক্ষাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰা অনুসৰি মানুহক ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে, বাহিৰৰ কাম-কাজ এৰাই চলিবলৈ কোৱা হৈছে আৰু খিৰিকী বন্ধ কৰি ৰাখিবলৈও কোৱা হৈছে। 
 
বিস্ফোৰণৰ ফলত বৃহৎ এলেকাত ধ্বংসাৱশেষ বিয়পি পৰাৰ লগতে বন্দৰ চৌহদৰ বহু অট্টালিকা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তদুপৰি বিস্ফোৰণৰ বাবে কেইবা কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ খিৰিকীবোৰ ভাঙি গৈছে। 
 
বন্দৰটো বন্ধ কৰি দিয়া হৈছে, আৰু সামুদ্ৰিক কাৰ্য্যকলাপ বন্ধ কৰা হৈছে। ৰাজ্যিক সম্প্ৰচাৰক আই আৰ আই বিয়ে প্ৰকাশ কৰা অনুসৰি বন্দৰটোৰ ৰাসায়নিক আৰু চালফাৰ অঞ্চলত এই বিস্ফোৰণ সংঘটিত হৈছে।
 
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে বিস্ফোৰণৰ কাৰণৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ কয় যে, স্বৰাজ মন্ত্ৰীক সেই স্থানলৈ পঠিওৱা হৈছে যাতে তেওঁ “দুৰ্ঘটনাটোৰ মাত্ৰাসমূহ” নিবিড়ভাৱে পৰীক্ষা কৰিব পাৰে।
 
এক্সত এক পোষ্টত পেজেস্কিয়ানে কয়, "হৰমোজগান প্ৰদেশৰ এই কাণ্ডৰ নিহতসকলৰ প্ৰতি গভীৰ দুখ আৰু সহানুভূতি প্ৰকাশ কৰাৰ সময়তে মই এই কাণ্ডৰ পৰিস্থিতি আৰু কাৰণসমূহৰ তদন্তৰ বাবে আদেশ জাৰি কৰিলোঁ। স্বৰাজ মন্ত্ৰীক বিশেষ প্ৰতিনিধি হিচাপে অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছিল যাতে দুৰ্ঘটনাৰ মাত্ৰাসমূহ নিবিড়ভাৱে পৰীক্ষা কৰে, প্ৰয়োজনীয় সমন্বয় সাধন কৰে আৰু আহতসকলৰ অৱস্থাৰ সৈতে মোকাবিলা কৰে।" 
 
শ্বাহিদ ৰাজাই হৈছে কণ্টেইনাৰ চালানৰ বাবে এক বৃহৎ সুবিধা, আৰু ই প্ৰতি বছৰে ৭ কোটি টন সামগ্ৰী পৰিচালনা কৰে, য’ত তেল আৰু সাধাৰণ জাহাজ চলোৱাৰ ব্যৱস্থা আছে। 


শেহতীয়া খবৰ