প্ৰথমবাৰৰ বাবে তালিবানৰ মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতে বাৰ্তালাপ মন্ত্ৰী এছ জয়শংকৰৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
তালিবানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
তালিবানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
 
নতুন দিল্লী 
 
তালিবানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতে  বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰথমবাৰৰ বাবে মত বিনিময় কৰিছে। এই সময়ছোৱাত আফগানিস্তানে দুয়োখন দেশৰ মাজত “অবিশ্বাস সৃষ্টি”ৰ প্ৰচেষ্টাক প্ৰতিৰোধ কৰাৰ সহমতত উপনীত হয়। জয়শংকৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ বাবে মুত্তাকীক ধন্যবাদো জ্ঞাপন কৰে। 
 
বৃহস্পতিবাৰে টেলিফোনিক বাৰ্তালাপত জয়শংকৰে আফগান জনসাধাৰণৰ সৈতে ভাৰতৰ পৰম্পৰাগত বন্ধুত্বৰ ওপৰতো আলোকপাত কৰি তেওঁলোকৰ উন্নয়নৰ প্ৰয়োজনীয়তাৰ প্ৰতি ভাৰতৰ অবিৰত সমৰ্থন পুনৰবাৰ উল্লেখ কৰে।
 
পাহলগামত ‘ভুৱা কথাৰ প্ৰচাৰ’ অভিযান চলাবলৈ ভাৰতে তালিবানক ‘ভাড়াত’ লোৱা বুলি দাবী কৰা পাকিস্তানী সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ কথা প্ৰত্যক্ষভাৱে উল্লেখ নকৰাকৈ জয়শংকৰে ভাৰত আৰু আফগানিস্তানৰ মাজত ভুৱা আৰু ভিত্তিহীন বাতৰিৰ জৰিয়তে অবিশ্বাস সৃষ্টিৰ শেহতীয়া প্ৰচেষ্টাক তেওঁৰ দৃঢ় প্ৰতিৰোধ কৰাৰ আহ্বান জনাইছে। 
 
তালিবান মন্ত্ৰীৰ সৈতে ইয়াক উন্নত কথা-বতৰা বুলি অভিহিত কৰি জয়শংকৰে এক্সত লিখিছে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তেওঁৰ নিন্দাক গভীৰভাৱে শলাগ লৈছো। তেওঁ লগতে কয় যে, "আলোচনাৰ সময়ত তেওঁ "আফগান জনসাধাৰণৰ সৈতে আমাৰ (ভাৰত) পৰম্পৰাগত বন্ধুত্ব আৰু তেওঁলোকৰ উন্নয়নৰ প্ৰয়োজনীয়তাৰ বাবে অবিৰত সমৰ্থনৰ ওপৰত আলোকপাত কৰে। সহযোগিতাক আগবঢ়াই নিয়াৰ উপায়ৰ বিষয়ে আলোচনা কৰে।" 
 
কাবুল শাসনে গৰিহণা দিয়া পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সংঘটিত হোৱা অপাৰেচন সেন্দুৰৰ পিছত ভাৰত আৰু পাকিস্তানে সামৰিক আক্ৰমণ বন্ধ কৰিবলৈ সন্মত হোৱাৰ মাত্ৰ কেইদিনমানৰ পিছতে এই বাৰ্তালাপ কৰা হৈছে। 
 
পাহালগাম আক্ৰমণৰ পিছতে এম ই এৰ আফগানিস্তান, ইৰাণ আৰু পাকিস্তান বিভাগৰ সঞ্চালক প্ৰধান ভাৰতীয় বিশেষ দূত আনন্দ প্ৰকাশে তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীক সাক্ষাৎ কৰিবলৈ কাবুললৈ যাত্ৰা কৰে। তেওঁলোকৰ আলোচনাত দ্বিপাক্ষিক ৰাজনৈতিক সম্পৰ্ক শক্তিশালী কৰা, বাণিজ্য আৰু ট্ৰেনজিট সহযোগিতা বৃদ্ধি কৰা আৰু শেহতীয়া আঞ্চলিক পৰিস্থিতিৰ ওপৰত মত-বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। 
 
জয়শংকৰৰ এই বাৰ্তালাপত ২০২১ চনৰ আগষ্ট মাহত কাবুলত তালিবানে ক্ষমতা দখল কৰাৰ পিছত দুয়োপক্ষৰ মাজত ৰাজনৈতিক পৰ্যায়ৰ এইটো হৈছে প্ৰথমটো যোগাযোগ। চলিত বৰ্ষৰ জানুৱাৰী মাহত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ডুবাইত মুত্তাকীৰ সৈতে সাক্ষাৎ কৰিছিল।