অপহৰণৰ গোচৰত পিতৃ দেৱে গৌড়াৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ বিধায়ক এইচ ডি ৰেৱান্না

Story by  atv | Posted by   Imtiaz Ahmed • 13 d ago
এইচ ডি ৰেৱান্না
এইচ ডি ৰেৱান্না
বেংগালুৰু

কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে অপহৰণৰ গোচৰৰ সৈতে জড়িত কৰ্ণাটকৰ জনতা দল (এছ)ৰ বিধায়ক এইচ ডি ৰেৱান্নাক  গ্ৰেপ্তাৰ কৰে।

সূত্ৰই জনোৱা মতে, জেডি(এছ)ৰ বিধায়কগৰাকীক পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱে গৌড়াৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁক লৈ যোৱা হয় আৰু দেওবাৰে দণ্ডাধীশৰ আগত হাজিৰ কৰা হ’ব।

অপহৰণৰ গোচৰত গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষাৰ বাবে কৰা অনুৰোধ বেংগালুৰু আদালতে নাকচ কৰাৰ পিছতে কৰ্ণাটক আৰক্ষীৰ দলটোৱে এইচ ডি ৰেৱান্নাক জিম্মাত লয়।

তেওঁৰ সহযোগীয়ে এজন ২০ বছৰীয়া যুৱক এজৰ মাতৃক অপহৰণ কৰাৰ অভিযোগৰ পিছতে এইচ ডি ৰেৱান্না অপহৰণৰ গোচৰৰ সন্মুখীন হৈছে। অভিযোগকাৰী ৰাজু এইচ ডিয়ে মাকৰ সৈতে ৰেৱান্নাৰ ফাৰ্ম হাউচত সেৱক হিচাপে কাম কৰিছিল।

যোৱা ২৯ এপ্ৰিলত ৰেৱান্নাৰ আত্মীয় সতীশ বাবান্নাই ঘৰৰ পৰা অপহৰণ কৰি মহিলাগৰাকীক কালেনাল্লীৰ বিধায়কজনৰ ঘনিষ্ঠ সহকাৰী ৰাজশেখৰৰ ফাৰ্ম হাউচত বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পূৰ্বে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে মহিলাগৰাকীক উদ্ধাৰ কৰে।

জেডিএছৰ বিধায়কগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৬৪এ (অপহৰণ) আৰু ৩৬৫ ধাৰা (বলপূৰ্বক সংযম)ৰ অধীনত গোচৰ ৰুজু কৰি কৰ্ণাটক আৰক্ষীয়ে জামিনবিহীন ধাৰা আৰোপ কৰে।

উল্লেখযোগ্য যে এইচ ডি ৰেৱান্নাই পুত্ৰ প্ৰজ্জ্বল ৰেৱান্নাৰ সৈতেও যৌন নিৰ্যাতন আৰু ইয়াৰ চিত্ৰগ্ৰহণৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। এইচ ডি ৰেৱান্না আৰু প্ৰজ্জ্বলৰ বিৰুদ্ধে বিশেষ তদন্তকাৰী দলে লুকাউট নোটিচ জাৰি কৰে। ইতিমধ্যে প্ৰজ্জ্বলে বিদেশলৈ উৰা মাৰিছে।

যোৱা কিছুদিন ধৰি হাছানত প্ৰজ্জ্বল ৰেৱান্নাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা স্পষ্ট ভিডিঅ’ ক্লিপসমূহে সঞ্চালন আৰম্ভ কৰিছিল, তাৰ পিছত ৰাজ্য চৰকাৰে সাংসদগৰাকীৰ সৈতে জড়িত কথিত যৌন কেলেংকাৰীৰ তদন্তৰ বাবে এছ আই টি গঠন কৰিছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱে গৌড়াৰ নাতি প্ৰজ্জ্বল ২৬ এপ্ৰিলত নিৰ্বাচন হুৱা হাছানৰ পৰা বিজেপি-জেডি(এছ) মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল।

২৬ এপ্ৰিলত কৰ্ণাটকত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ এদিন পিছতে ২৭ এপ্ৰিলত প্ৰজ্জ্বলে বিদেশলৈ যাত্ৰা কৰা বুলি জানিব পৰা গৈছে। সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ই প্ৰজ্জ্বল ৰেৱান্নাৰ বিৰুদ্ধে ‘ব্লু কৰ্ণাৰ নোটিচ’ বিচৰাৰ সম্ভাৱনা আছে।