কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ শৰণীয়াই

Story by  atv | Posted by  [email protected] • 13 d ago
কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ সৰণীয়াই
কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ সৰণীয়াই
 
গুৱাহাটী
 
কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ পৰিছে সংকটত। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দিছে যে, নৱ কুমাৰ সৰণীয়াই এইবাৰ লোকসভা নিৰ্বাচন খেলাৰ বাবে যোগ্য নহয়। 
 
 
গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ মতে নৱ শৰণীয়াই জাতিগত যি প্ৰমাণ পত্ৰ দাখিল কৰিছিল সেৱা ভুৱা। জালিয়াতিৰে প্ৰমাণপত্ৰ প্ৰস্তুত কৰি দাখিল কৰা বুলি উল্লেখ হাইকৰ্টৰ।
 
ইয়াৰ লগে লগে কোকৰাঝাৰ লোকসভা সমষ্টিত শৰণীয়াই প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰিব বুলি ১০০শতাংশ নিশ্চিত হৈছে। শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰা পাছতে কোকৰাঝাৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত প্ৰায় ১০বছৰ ধৰি কোকৰঝাৰত প্ৰতিনিধিত্ব কৰিছিল শৰণীয়াই।