অসমৰ নিৰ্বাচনী তালিকা ২০২৪ত সংযোজন ৭,২৬,৭৮৩ জন নতুন ভোটাৰ আৰু নাম কৰ্তন ৭,২৭,২৯১ জন ভোটাৰৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ৰাজ্যত প্রকাশ পালে নতুন ভোটাৰ তালিকা। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া তথা জ্যেষ্ঠ আই এ এছ অনুৰাগ গোৱেলে কয় যে চূড়ান্ত নতুন ভোটাৰ তালিকা অনুসৰি চলিত বৰ্ষত ৰাজ্যত সৰ্বমুঠ ভোটাৰ হ'ল ২ কোটি ৪৩ লাখ ১ হেজাৰ ৯৬০ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ হ'ল ১ কোটি ২১ লাখ ৭৯ হেজাৰ ৩৫৮ গৰাকী আৰু মহিলা ভোটাৰ হ'ল ১ কোটি ২১ লাখ ২২ হেজাৰ ৬০২ গৰাকী। 
 
নতুন ভোটাৰ তালিকামতে, এইবাৰ পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি। ২০২৩ বৰ্ষত সৰ্বমুঠ ভোটাৰ আছিল ২ কোটি ৪১ লাখ ১১ হেজাৰ ৭৪৩ গৰাকী। এই অনুসৰি বিগত বর্ষতকৈ চলিত বর্ষত ১ লাখ ৯০ হেজাৰ ২১৭ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। বিগত বৰ্ষৰ ৮ ডিচেম্বৰত প্রকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি ভোটাৰৰ সংখ্যা আছিল ২ কোটি ৪৩ লাখ ২ হেজাৰ ৪৬৮ গৰাকী। এইবাৰৰ ভোটাৰ তালিকাত ৭ লাখ ২৬ হেজাৰ ৭৮৩ গৰাকী নতুন ভোটাৰ অন্তর্ভুক্ত হোৱাৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা নাম কর্তন হ'ল ৭ লাখ ২৭ হেজাৰ ২৯১ গৰাকীৰ। নতুন ভোটাৰ তালিকাত থকা দিব্যাংগ আৰু তৃতীয় লিংগৰ মুঠ ভোটাৰ হ'ল ১ লাখ ৬৯ হেজাৰ ৬৬৮ গৰাকী। চাকৰিজীৱী ভোটাৰ হ'ল ৬৫ হেজাৰ ৬৩৫ গৰাকী। 
 
মুখ্য নির্বাচনী বিষয়া গোৱেলে জনোৱামতে বিধানসভা সমষ্টি অনুসৰি সর্বনিম্ন ৯৬,৫৪২ গৰাকী লোক থকা সমষ্টি হ'ল আমবি আৰু সর্বাধিক ২,৯৭,৮৪৬ গৰাকী ভোটাৰ থকা সমষ্টি হ'ল দলগাঁও। আনহাতে লোকসভা সমষ্টি অনুসৰি সর্বনিম্ন ৮,৯২,৭৮৯ গৰাকী ভোটাৰ থকা সমষ্টি হ'ল ডিফু আৰু সর্বাধিক ২৬,৪৩,৪০৩ গৰাকী ভোটাৰ থকা সমষ্টি হ'ল ধুবুৰী। 
 
ৰাজ্যত সর্বমুঠ ভোট গ্রহণ কেন্দ্র হ'ল ২৮,৬৪৫টা। নতুন ভোটাৰ তালিকাত ১৮ৰ পৰা ১৯ বছৰৰ বয়সৰ ভোটাৰ হ'ল ৪,৩৫,৫০৩ গৰাকী। ২০ৰ পৰা ২৯ বছৰ বয়সৰ ভোটাৰ ৬৭,০৫,৪৩৬ গৰাকী, ৩০ৰ পৰা ৩৯ বছৰ বয়সৰ ভোটাৰ ৫৯,৪৭,৯৮৮ গৰাকী, ৪০ৰ পৰা ৪৯ বয়সৰ ভোটাৰ ৪৭,৯৮,২৬২ গৰাকী, ৫০ৰ পৰা ৫৯ বছৰ বয়সৰ ভোটাৰ ৩৪,৪১,৫২৬ গৰাকী, ৬০ৰ পৰা ৬৯ বছৰ বয়সৰ ভোটাৰ ১৯,১৮,৩৮৮ গৰাকী, ৭০ৰ পৰা ৭৯ বছৰ বয়সৰ ভোটাৰ ৭,৮২,৩৯৭ জন আৰু ৮০ বছৰ বা তাৰ ঊর্ধ্বৰ ভোটাৰ হ'ল ২,৭২,৪৬০ গৰাকী।  
 
ইফালে কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৩৩ দিছপুৰ, ৩৪ ডিমৰীয়া (অনুসূচিত জাতি), ৩৫ নিউ গুৱাহাটী, ৩৬ গুৱাহাটী চেন্ট্রেল আৰু ৩৭ জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে ফটো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ অন্তত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাইছে। জিলা নির্বাচন বিষয়া সুমিত ছাত্তাৱানে এক প্রেছ বিজ্ঞপ্তিযোগে জনাইছে যে ফটো ভোটাৰ তালিকাখন ভোটাৰৰ নিৰীক্ষণৰ বাবে জিলা নির্বাচন বিষয়াৰ কাৰ্যালয় আৰু প্রতিটো সমষ্টিৰ ভোটাৰ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হ'ব।   
 
বৃহস্পতিবাৰে প্রকাশ পোৱা ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০,৪০,৭০৮ গৰাকী। ইয়াৰে ৫,১০,২৪৪ গৰাকী পুৰুষ ভোটাৰ, ৫,৩০,৪৬৪ গৰাকী মহিলা ভোটাৰ আৰু ৩৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। দিছপুৰ বিধানসভা সমষ্টিত ১,১৫,৮৭৪ গৰাকী পুৰুষ, ১,২০,২৩৮ গৰাকী মহিলা আৰু ১৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৩৬,১১২ গৰাকী। 
 
ডিমৰীয়া বিধানসভা সমষ্টিত ১,০৬,৬২৪ গৰাকী পুৰুষ, ১,১০,৪৮৭ গৰাকী মহিলা আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১৭,১১১ গৰাকী। নিউ গুৱাহাটী বিধানসভা সমষ্টিত ৯৪,০৫৪ গৰাকী পুৰুষ, ৯৮,৮৬৭ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯২,৯২১ গৰাকী।  
 
গুৱাহাটী চেন্ট্রেল বিধানসভা সমষ্টিত ৯৬,০১৫ গৰাকী পুৰুষ, ৯.৬,১৬৪ গৰাকী মহিলা আৰু ৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯২,১৭৯ গৰাকী। জালুকবাৰী বিধানসভা সমষ্টিত ৯৭,৬৭৭ গৰাকী পুৰুষ, ১,০৪,৭০৮ গৰাকী মহিলা আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,০২,৩৮৫ গৰাকী। নির্বাচন জিলাখনত মুঠ ভোটকেন্দ্রৰ সংখ্যা হৈছে ১,০২৩টা।