এন এছ এ অজিত ডোভালক সাক্ষাৎ ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’ৰ

Story by  atv | Posted by  [email protected] • 10 d ago
ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’ৰ সৈতে এন এছ এ অজিত ডোভাল
ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’ৰ সৈতে এন এছ এ অজিত ডোভাল
 
নতুন দিল্লী

ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’ৱে (Tim Barrow) বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে আলোচনাত মিলিত হয়। গুৰুত্বপূৰ্ণ আৰু নতুনকৈ বিকশিত প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰিটেইনৰ মাজত সহযোগিতা উন্নত কৰাৰ ওপৰত তেওঁলোকে  গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত প্ৰযুক্তি আৰু সুৰক্ষা পদক্ষেপৰ বিষয়েও তেওঁলোকে আলোচনা কৰে।
 
দুয়োখন দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাদ্বয়ে এই পদক্ষেপৰ বাবে ৰোডমেপ তৈয়াৰ কৰিবলৈ বিশদ আলোচনাত মিলিত হয় আৰু সাধাৰণ নিৰাপত্তাজনিত সমস্যাসমূহ মোকাবিলা কৰিবলৈ তেওঁলোকে প্ৰযুক্তিৰ ব্যৱহাৰৰ তাৎপৰ্য স্বীকাৰ কৰে। তেওঁলোকে নিজৰ স্বাৰ্থৰ দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। অজিত ডোভাল আৰু টিম বেৰ’ৱে লগতে আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত তেওঁলোকৰ দৃষ্টিভংগীও ভাগ-বতৰা কৰে।
উল্লেখ্য যে, নিৰাপত্তা, প্ৰযুক্তি, আঞ্চলিক বিষয়কে ধৰি বিভিন্ন দিশত সহযোগিতা গভীৰ কৰাৰ লক্ষ্যৰে দুয়োখন দেশৰ এন এছ এৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণৰ বাবে ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’ৱে দুদিনীয়া ভ্ৰমণসূচী লৈ আজি ভাৰতত উপস্থিত হৈছে।
 
ব্ৰিটেইনৰ এন এছ এয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকো সাক্ষাৎ কৰি বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত আলোচনা কৰে। জানিব পৰা অনুসৰি, জয়শংকৰ আৰু বেৰ’ৱে পশ্চিম এছিয়াৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত গভীৰভাৱে চিন্তা-চৰ্চা কৰে।
জয়শংকৰে এক্সত কয়, "আজি দিল্লীত ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা টিম বেৰ'ক লগ পাই ভাল লাগিল। গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু বিশ্বব্যাপী একাধিক বিষয়ৰ ওপৰত আমি আলোচনা কৰো। লগতে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰো।"
 
টিম বেৰ’ৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিব।