PoKৰ জনসাধাৰণে নিজে ভাৰতৰ অংশ হ’ব বিচাৰিব: ৰাজনাথ সিঙ

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
 
নতুন দিল্লী
 
"ভাৰতে কেতিয়াও পাকিস্তান অধীকৃত কাশ্মীৰ (PoK)ৰ ওপৰত নিজৰ দাবী এৰি নিদিয়ে। কিন্তু ইয়াক বলপূৰ্বকভাৱে দখল কৰাৰ প্ৰয়োজনীয়তা আহি নপৰে, কিয়নো কাশ্মীৰৰ উন্নয়ন দেখি ইয়াৰ জনসাধাৰণে নিজাববীয়াকৈয়ে ভাৰতৰ অংশ হ’ব বিচাৰিব" এই মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। 
 
প্ৰতিৰক্ষা মন্ত্ৰী সিঙে দৃঢ়তাৰে কয় যে, জম্মু-কাশ্মীৰত স্থল পৰিস্থিতিৰ যথেষ্ট উন্নতি হৈছে আৰু এটা সময় আহিব যেতিয়া কেন্দ্ৰীয় শাসিত অঞ্চলত আৰু আফস্পা (সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন)ৰ প্ৰয়োজন নহ’ব। 
 
কিন্তু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিষয়টো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত থকা বুলি উল্লেখ কৰি যথাযথ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। তাতো নিৰ্বাচন নিশ্চিতভাৱে অনুষ্ঠিত হ’ব বুলিও মন্তব্য কৰিছে।
 
তেওঁ কয়, "মই ভাবো ভাৰতে একো কৰিব নালাগিব। জম্মু-কাশ্মীৰত  যিদৰে স্থল পৰিস্থিতি সলনি হৈছে, যিদৰে অঞ্চলটোৱে অৰ্থনৈতিক প্ৰগতিৰ সাক্ষী হৈছে আৰু তাত শান্তি ঘূৰি আহিছে, মই ভাবো পাকিস্তান অধীকৃত কাশ্মীৰৰ মানুহৰ পৰা দাবী উত্থাপন হ’ব যে তেওঁলোকে ভাৰতৰ সৈতে একত্ৰিত হ’ব লাগে।"
 
তেওঁ কয় যে আমি পাকিস্তান অধীকৃত কাশ্মীৰ অধীগ্ৰহণ কৰিবলৈ বল প্ৰয়োগ কৰিব নালাগিব, কিয়নো মানুহে ক’ব যে আমি ভাৰতৰ সৈতে একত্ৰিত হব লাগিব। এতিয়াও এনে দাবী আহি আছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে "পাকিস্তান অধীকৃত কাশ্মীৰ আমাৰ আছিল, আছে আৰু সদায়ে থাকিব"। 
 
জম্মু-কাশ্মীৰৰ স্থল পৰিস্থিতিৰ উন্নতিৰ উদ্ধৃতি দি সিঙে শীঘ্ৰে তাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি কয় যদিও কোনো সময়সীমা দিয়া নাই। জম্মু-কাশ্মীৰত যিদৰে পৰিস্থিতি উন্নত হৈছে, মই ভাবো এটা সময় আহিব যেতিয়া তাত আৰু আফস্পাৰ প্ৰয়োজন নহ’ব। এয়া মোৰ মতামত আৰু ইয়াৰ সিদ্ধান্ত গৃহ মন্ত্ৰালয়ৰ কাম বুলিও তেওঁ কয়।
 
আফস্পায়ে নিৰাপত্তা বাহিনীক কোনো পূৰ্বৰ ৱাৰেণ্ট অবিহনে অভিযান চলাবলৈ আৰু যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ ক্ষমতা প্ৰদান কৰে। কাৰোবাক গুলীয়াই হত্যা কৰিলেও বাহিনীক সুৰক্ষা প্ৰদান কৰে।  
 
জম্মু-কাশ্মীৰত পাকিস্তানৰ ছায়া যুদ্ধৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ইছলামাবাদে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ বন্ধ কৰিব লাগিব। তেওঁলোকে ভাৰতক অস্থিৰ কৰিবলৈ চেষ্টা কৰিছে আৰু আমি সেয়া হ’বলৈ নিদিওঁ বুলিও তেওঁ কয়। 
 
পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পাকিস্তানৰ বালাকোটত থকা জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰত ভাৰতৰ যুদ্ধ বিমানে খুন্দা মৰাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক তীব্ৰ চাঞ্চল্যৰ সন্মুখীন হয়। 
 
২০১৯ চনৰ ৫ আগষ্টত ভাৰতে জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা প্ৰত্যাহাৰ কৰাৰ লগতে ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ কথা ঘোষণা কৰাৰ পিছতে সম্পৰ্কৰ আৰু অধিক অৱনতি ঘটে।  
 
ভাৰতে পাকিস্তানৰ সৈতে স্বাভাৱিক চুবুৰীয়া সম্পৰ্ক কামনা কৰা বুলি কোৱাৰ লগতে এনে সংঘৰ্ষৰ বাবে সন্ত্ৰাস আৰু শত্ৰুতামুক্ত পৰিৱেশ গঢ়ি তোলাৰ দায়িত্ব ইছলামবাদৰ ওপৰত বুলি জোৰ দি আহিছে।