বেংকে অনৈতিকভাৱে গ্ৰাহকৰ পৰা আদায় কৰা সুত ঘূৰাই দিয়াৰ নিৰ্দেশ ৰিজার্ভ বেংক অব ইণ্ডিয়াৰ

Story by  atv | Posted by  Munni Begum • 15 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
বিভিন্ন সময়ত গ্ৰাহকৰপৰা অনৈতিকভাৱে বেংকে আদায় কৰি অহা সুত ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে ৰিজার্ভ বেংক অব ইণ্ডিয়াই। বিষয়টো সন্দৰ্ভত আৰ বি আয়ে উদ্বেগ প্রকাশ কৰি সোমবাৰে এটা নিৰ্দেশ জাৰি কৰিছে। 
 
আৰ বি আয়ে এক বিজ্ঞপ্তিত প্রকাশ কৰা মতে, বিভিন্ন সময়ত বেংক অথবা অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহে ঋণৰ আবেদন অথবা মঞ্জুৰিৰ দিনৰ পৰাই গ্ৰাহকৰ পৰা সুত আদায় কৰি আহিছে। 
 
ঋণ আবণ্টনৰ দিনৰ পৰিৱৰ্তে বহু বিত্তীয় প্রতিষ্ঠানে ঋণৰ চেকৰ তাৰিখৰ পৰাই গ্ৰাহকৰ পৰা সুত লৈ আহিছে। তদুপৰি বহু সময়ত ঋণৰ এটা বা দুটা কিস্তি আগতীয়াকৈ - আদায় কৰাৰ পাছতো সম্পূৰ্ণ টকাৰ ওপৰত গ্রাহকে সুত দিবলগীয়া হৈছে। 
 
নথি পৰীক্ষাৰ সময়ত এই তথ্য পোহৰলৈ অহাৰ পাছতেই ৰিজার্ভ বেংক অব ইণ্ডিয়াই এইদৰে অতিৰিক্তভাৱে আদায় কৰা সুত গ্রাহকক ঘূৰাই দিবলৈ বেংকসমূহক নির্দেশ দিছে।