'বৰ্ণবাদী' মন্তব্যক লৈ বিবাদৰ মাজতে Indian Overseas Congressৰ অধ্যক্ষ পদ ত্যাগ কৰিলে ছেম পিট্ৰ'ডাই

Story by  atv | Posted by  [email protected] • 11 d ago
ছেম পিট্ৰ'ডা
ছেম পিট্ৰ'ডা
 
নতুন দিল্লী
 
বৰ্ণবাদী মন্তব্যক লৈ দেশজুৰি সৃষ্টি হোৱা বিবাদৰ মাজতে ছেম পিট্ৰ'ডাই বুধবাৰে ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষৰ আসন ত্যাগ কৰে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে টুইটাৰত এই কথা প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতাজনে এইটোও কয় যে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই ছেম পিট্ৰ'ডাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।

বুধবাৰে পিট্ৰ’ডাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক বাৰ্তালাপত কৈছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক দেখাত চাইনীজৰ দৰে আৰু দক্ষিণ ভাৰতৰ লোকসকলক আফ্ৰিকানসকলৰ দৰে দেখি। কংগ্ৰেছৰ জেষ্ঠ নেতাজনৰ এই মন্তব্যই দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। বিজেপিয়ে কয় যে পিট্ৰ’ডাই ভাৰতীয় লোকৰ গাৰ বৰণক লৈ উপমা দাঙি ধৰি সমগ্ৰ দেশবাসীক অপমান কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিট্ৰ’ডাৰ উপমাক লৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে আৰু মানুহৰ ছালৰ ৰঙৰ ভিত্তিত দেশবাসীক অপমান কৰাৰ চেষ্টাক মানুহে কেতিয়াও সহ্য নকৰে বুলি দৃঢ়তাৰে কৈছিল।
 
কংগ্ৰেছে অৱশ্যে পিট্ৰ’ডাৰ মন্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখি সেইবোৰক দুৰ্ভাগ্যজনক আৰু অগ্ৰহণযোগ্য বুলি অভিহিত কৰে। তেওঁলোকে কয় যে দলটোৱে নেতাজনৰ মন্তব্যৰ পৰা নিজকে সম্পূৰ্ণৰূপে দূৰত ৰাখিছে।