গুৱাহাটী
যোৱা ৩০ মে' অৰ্থাৎ শুকুৰবাৰে সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত একাধিক ভূমিস্খলনৰ ঘটনা সংঘটিত হয় কমেও ছয়জন লোকৰ মৃত্যু হয়। সংকটৰ প্ৰতি সঁহাৰি জনাবলৈ কৰ্তৃপক্ষই প্ৰস্তুতি চলাই থকাৰ সময়তে ৰাজ্যখনত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
নিহতসকলৰ ভিতৰত খাৰঘুলিৰ চাপাইডোঙত ভূমিস্খলন পুনম গোস্বামী আৰু নীলাক্ষী গোস্বামী নামৰ মাতৃ-কন্যাৰ যুটিও আছে। এক সুকীয়া ঘটনাত ৫ বছৰীয়া ৰঞ্জিতা বড়োও অঞ্চলটোত হোৱা আন এক ভূমিস্খলনৰ ফলত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।
দাতালপাৰাৰ পৰা আন এজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। য'ত এটি ঘৰ ভূমিস্খলনৰ ফলত ধবংস হৈ দীপজ্যোতি বড়োৰ নামৰ এজন লোক নিহত হয়। বানপানীৰ ফলত কামাখ্যা, খাৰঘুলি, গড়চুক, চন্দ্ৰপুৰ, বোণ্ডা, নুনমাটিকে ধৰি কেইবাখনো ঠাইত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে, য’ত আটাইকেইটাতে যথেষ্ট পৰিমাণৰ ভূমিস্খলন আৰু ঘৰ-দুৱাৰৰ ক্ষতিসাধন হৈছে।
উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে জৰুৰীকালীন দল আৰু দুৰ্যোগ সঁহাৰি কৰ্মী নিয়োগ কৰা হৈছে। দুৰ্বল অঞ্চলত বাস কৰা বাসিন্দাসকলক তৎকালীনভাৱে ঘৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই। বিদ্যালয়সমূহ বন্ধ কৰাৰ লগতে ক্ষতিগ্ৰস্ত স্থানীয় অঞ্চলসমূহৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ আছে।
প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ পূৰ্বাভাস থকাৰ সময়তে বিষয়াসকলে পাহাৰৰ ঢাল আৰু নগৰীয়া নিষ্কাশন ব্যৱস্থাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে যাতে অধিক হতাহতি ৰোধ কৰিব পৰা যায়।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অঞ্চলটোৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি অনাগত দিনত আৰু অধিক ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানপানীৰ সতৰ্কবাণী প্ৰকাশ কৰিছে।
আনহাতে, ৰাজ্যজুৰি চলি থকা প্ৰচণ্ড বৰষুণ, বানপানী, ভূমিস্খলনৰ মাজতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সকলো জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত পৰিস্থিতিৰ মূল্যায়ন আৰু সাহায্য ব্যৱস্থাৰ সমন্বয় সাধন কৰিছে।
বিশেষকৈ ভূমিস্খলনৰ প্ৰৱণ আৰু নিম্নভূমি অঞ্চলত অহা ২৪ ঘণ্টা ধৰি হাই এলাৰ্টত থাকিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। যাতায়তত ব্যাঘাত ৰোধ কৰাৰ লগতে যাতায়ত কৰা লোকসকলক সহায় কৰাৰ বাবে সক্ৰিয় পদক্ষেপ ল’বলৈ বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে।
দুৰ্যোগ ব্যৱস্থাপনা কৌশলৰ অংশ হিচাপে জিলাসমূহক অধিক ফলপ্ৰসূ সমন্বয়ৰ বাবে কাৰ্যকৰী অঞ্চলত বিভক্ত কৰা হ’ব। সকলো ক্ষেত্ৰ বিষয়াক নিজ নিজ মুখ্য কাৰ্যালয়ত নিয়োজিত হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে তৎকালীন সঁহাৰি পোৱা যায়। ক্ষতিগ্ৰস্ত পৰিয়াললৈ তাৎক্ষণিক সকাহ প্ৰদান কৰা হ’ব।
মেঘালয় এনাৰ্জি কৰ্পৰেশ্যন লিমিটেডৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিদ্যুৎ যোগান ব্যাহত হোৱা অঞ্চলত জৰুৰীভাৱে বিদ্যুৎ পুনৰুদ্ধাৰৰ কামত। পুনৰুদ্ধাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে অতিৰিক্ত জনশক্তি নিয়োগ কৰা হ’ব।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ২৫খন গাঁৱত ভূমিস্খলন, ক্ষন্তেকীয়া বানপানী আৰু বিদ্যুৎ পৰিবাহী তাঁৰ ভাঙি পৰাৰ ফলত ১০০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।
ৰি-ভোই জিলাত মুষলধাৰ বৰষুণৰ ফলত এখন বিদ্যালয় আৰু এটা কাৰ্যালয় প্লাৱিত হোৱাৰ বিপৰীতে পূৱ খাছি পাহাৰ জিলাৰ কেইবাটাও পথ ক্ষন্তেকীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।
চাংমাই সংশ্লিষ্ট বিভাগ আৰু বিষয়াসকলক পৰিস্থিতিৰ প্ৰভাৱ কম কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে বুলিও তেওঁ লগতে কয়।
বতৰ বিভাগৰ এজন বিষয়াই জনোৱা মতে, পূব খাছি পাহাৰ জিলাৰ ছ'হৰা আৰু মৌছিনৰাম চহৰত বিগত ২৪ ঘণ্টাত ৩৫০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে।