সন্ত্ৰাসবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ ‘ঘৰত সুমাই হত্যা’ মন্তব্যৰ প্ৰতিক্ৰিয়া আমেৰিকাৰ

Story by  atv | Posted by   Imtiaz Ahmed • 13 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ বৈদেশিক বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ বৈদেশিক বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰ
নতুন দিল্লী

পাকিস্তানৰ ভূমিত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান সন্দৰ্ভত উত্থাপিত অভিযোগৰ ওপৰত মন্তব্য কৰি আমেৰিকাৰ বৈদেশিক বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে কয় যে ভাৰত আৰু পাকিস্তানে আলোচনাৰ জৰিয়তে সমাধান বিচাৰিব লাগে। তেওঁ অৱশ্যে একে সময়তে দেশখনৰ অহস্তক্ষেপহীন স্থিতি পুনৰবাৰ উল্লেখ কৰে।

যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ দিয়া বক্তব্যৰ -- যে “ভাৰতে সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সীমান্ত অতিক্ৰম কৰিবলৈ কুণ্ঠাবোধ নকৰে” -- বিষয়ে সোধা হৈছিল, বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে কয় যে, “গতিকে মই আগতেও কোৱাৰ দৰে আমেৰিকাই ইয়াৰ মাজত সোমাব নোৱাৰে, কিন্তু আমি ভাৰত আৰু পাকিস্তান দুয়োখনকে তীব্ৰতৰ সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ আৰু আলোচনাৰ জৰিয়তে সমাধান বিচাৰিবলৈ উৎসাহিত কৰিছো।”

যোৱা ৫ এপ্ৰিলত ব্ৰিটিছ কাকত দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনত ভাৰতে পাকিস্তানত একাধিক লক্ষ্য কৰি হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কেন্দ্ৰীয় চৰকাৰে এই দাবীক “মিছা আৰু ভাৰত বিৰোধীৰ অপপ্ৰচাৰ” বুলি নাকচ কৰিছে।

ইয়াৰ পূৰ্বে আমেৰিকাই কৈছিল যে হত্যাৰ অভিযোগক লৈ ভাৰত-পাকিস্তানৰ বিবাদত তেওঁলোকে হস্তক্ষেপ নকৰে।

প্রতিবেদনৰ কিছুদিন পাছত উত্তৰাখণ্ডৰ ঋষিকেশত ৰাজহুৱা সভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে "আজি দেশত এখন শক্তিশালী চৰকাৰ আছে৷ সন্ত্ৰাসবাদীক তেওঁলোকৰ ঘৰত সুমাই হত্যা কৰা হৈছে)।"

দেশৰ শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা সন্ত্ৰাসবাদীক চৰকাৰে ৰেহাই নিদিয়ে আৰু পাকিস্তানলৈ উভতি পলালেও তেওঁলোকক বিচাৰি উলিওৱা হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়।

ইফালে পাকিস্তানে এই মন্তব্যক “উদ্দীপক” আৰু “অদূৰদৰ্শী” বুলি অভিহিত কৰি কয় যে এনে অলংকাৰে কেৱল “দীৰ্ঘম্যাদীভাৱে গঠনমূলক সম্ভাৱনাত বাধাৰ সৃষ্টি কৰে”। ইয়াৰ উপৰিও কয় যে “পাকিস্তানে সদায় অঞ্চলটোত শান্তিৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে”।