গুৱাহাটী
অনলাইন ট্রেডিঙৰ নামত দুহেজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা মহাপ্ৰৱঞ্চক বিশাল ফুকনৰ অপৰাধৰ সংগী চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰা এতিয়া অসম আৰক্ষীৰ 'ম'ষ্ট ৱান্টেড'ৰ তালিকাত সোমাইছে। চুমি বৰা, তার্কিক বৰা, চুমি বৰাৰ ককায়েক ৰাজীৱ বৰা আৰু তেওঁৰ পত্নী তথা চুমি বৰাৰ বৌৱেক জিংকি মিলি বৰাসহ মুঠ ছয় পলাতক অভিযুক্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জাৰি কৰিছে 'লুক আউট ন'টিচ'। অর্থাৎ এই অভিযুক্তসকলক দেখা মাত্রেই গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীয়ে দেশৰ সকলো ৰাজ্যৰ আৰক্ষী, বিমান বন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফলৈ বার্তা প্ৰেৰণ কৰিছে।
বিশাল ফুকন গ্রেপ্তাৰ হোৱাৰ সময়ত গুৱাহাটীত থকা চুমি বৰা আৰু তার্কিক বৰাই মেঘালয়ত আত্মগোপন কৰা বুলি খবৰ ওলাইছিল। সেইমৰ্মে মেঘালয় আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যখনৰ সম্ভাৱ্য স্থানসমূহত তালাচী চলাইছিল। কিন্তু দুয়োৰে সন্ধান নোলাল।
শেহতীয়াকৈ এই দুই অভিযুক্তই পশ্চিমবংগ হৈ নেপালৰ দিশে আত্মগোপন কৰা বুলিও খবৰ বিয়পিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যিকোনো সময়তে চুমি বৰা আৰু তার্কিক বৰাই নেপালৰ পৰা বিমানযোগে ডুবাই নাইবা আন কোনো দেশলৈ পলায়ন কৰিব পাৰে। সেয়ে লুক আউট ন'টিচ জাৰি কৰি অসম আৰক্ষীয়ে মূলতঃ দেশৰ বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীক সতৰ্ক কৰিছে।
উল্লেখযোগ্য যে, বিশাল ফুকন আৰু চুমি বৰাই প্রবঞ্চনাৰে ঘটা কোটি কোটি টকা বিনিয়োগ কৰি চুমিৰ ককায়েক ৰাজীৱ বৰাই 'পাৰ্চেলিয়া' নামৰ ঔষধ কোম্পানী এটা ডিব্ৰুগড়ত খুলিছিল। বিশাল ফুকন গ্রেপ্তাৰ হোৱাৰ পিচতেই চুমি, তার্কিকৰ সৈতে ৰাজীৱ বৰা আৰু তেওঁৰ পত্নী জিংকি মিলি বৰাও পলাতক অৱস্থাত আছে।
যিহেতু এই পলাতক অভিযুক্তকেইজনৰ হাতত বহু টকা আছে সেয়ে তেওঁলোকে বহিঃৰাষ্ট্ৰত আত্মগোপন কৰিব পাৰে বুলি আশংকা কৰা হৈছে। এনে পৰিস্থিতিত দেশ এৰাৰ পূর্বে তেওঁলোকক গ্রেপ্তাৰ কৰিব নোৱাৰিলে এই বৃহৎ কেলেংকাৰীৰ তদন্তত সৃষ্টি হ'ব জটিলতা। চুমি বৰা-তার্কিক বৰাসহ ছয় অভিযুক্তৰ বিৰুদ্ধে 'লুক আউট ন'টিচ' জাৰি কৰাৰ কথা সদৰী কৰি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে বিশাল ফুকনে সংঘটিত কৰা কেলেংকাৰীৰ তদন্ত সম্পৰ্কীয় বহু তথ্য সদৰী কৰিছে।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বিশাল ফুকন গোচৰটোত আৰক্ষীয়ে মুঠ ওঠৰটা বেংক একাউন্ট জব্দ কৰিছে। বিশাল আৰু চুমিৰ বহু সম্পত্তি বাজেয়াপ্ত কৰাৰ প্রক্রিয়া আগবঢ়াইছে। গোচৰটোত এতিয়ালৈকে বিশাল ফুকন আৰু অভিজিৎ চন্দক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে এই গোচৰত বৰ্তমানলৈ পোন্ধৰগৰাকী বিনিয়োগকাৰীৰ ভাষ্য লিপিবদ্ধ কৰিছে। সাত-আঠগৰাকী ব্যক্তিলৈ আৰক্ষীয়ে প্ৰেৰণ কৰিছে জাননী। জব্দ কৰা বেংক একাউন্টসমূহত বিগত এবছৰৰ লেনদেনৰ তথ্য পৰীক্ষা কৰিছে আৰক্ষীয়ে।
এইপর্যন্ত বেংক একাউন্টকেইটাত প্রায় এশ কোটি টকাৰ লেনদেনৰ তথ্য পাইছে। মুঠৰ ওপৰত সময় পাৰ হোৱাৰ লগে লগে বাইশ বছৰীয়া বিশাল ফুকনে চুমি বৰাৰ লগ হৈ সংঘটিত কৰা বিত্তীয় কেলেংকাৰী কিমান বৃহৎ আছিল, সেই কথাৰ উমান পাইছে আৰক্ষীয়ে। সেয়েহে গোচৰটোৰ তদন্তত ছেবি, ইডি, আয়কৰ আদিৰ সহায় লোৱা বুলিও ব্যক্ত কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে।
অৱশ্যে ৰাজ্য চৰকাৰে এই গোচৰৰ তদন্তৰ দায়িত্ব চি আই ডিক অর্পণ কৰাৰ নিৰ্দেশ দিয়াৰ পিচত ডিব্ৰুগড় আৰক্ষীয়ে গোচৰটোৰ সকলো নথিপত্র হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আগবঢ়াইছে। চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰৰ নেতৃত্বত এছ আই টিয়ে পৰৱৰ্তী তদন্ত আগবঢ়াব বিশাল ফুকন গোচৰৰ।
'ট্রেডিং এফ এক্স' নামৰ এপটোৰ জৰিয়তে অনলাইন ট্রেডিঙৰ ব্যৱসায় চলাই গ্রেপ্তাৰ হোৱা ৰঞ্জিত কাকতি সন্দর্ভতো ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই গোচৰটোৰ দুই পলাতক হাৰিয়ানাৰ অভিযুক্তৰ সন্ধান বিচাৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।