নতুন দিল্লী
ভেলী অৱ ৱৰ্ডছ আন্তঃৰাষ্ট্ৰীয় সাহিত্য আৰু কলা মহোৎসৱ (Valley of Words International Literature and Arts Festival)ত ভক্স পপুলি সংসদীয় তৰ্ক (Vox Populi Parliamentarians Debate)ৰ এক আকৰ্ষণীয় অধিবেশন ১৬-১৭ নৱেম্বৰত আয়োজন কৰা হৈছে। এই তৰ্ক অনুষ্ঠানৰ বিষয় হ’ল ‘বৈদেশিক নীতি আদৰ্শবাদী নহয়, বাস্তৱবাদী হোৱা উচিত।’ ('Foreign Policy should be realist, not idealist.)
অনুষ্ঠানত মুকলি ভাষণ আগবঢ়াব দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ৰেখা ছাক্সেনাই। তৰ্ক অনুষ্ঠানৰ পেনেলিষ্টসকলৰ ভিতৰত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকল আছে।
তেওঁলোক হৈছেঃ কমলজীত ছেহৰাৱত (বিজেপি), গৌৰৱ গগৈ (কংগ্ৰেছ), লাভু শ্ৰীকৃষ্ণ দেৱৰায়ালু (টিডিপি), অধ্যাপক মনোজ ঝা, (আৰজেডি), সন্ত বলবীৰ সিং সীচেৱাল (এএপি), ড০ ভি শিৱদাসন (চিপিআই-এম), পুষ্পেন্দ্ৰ সৰোজ (এছপি)। এই অধিবেশনৰ পৰিচালনা কৰিব শিক্ষাবিদ তথা লেখিকা ড০ আমনাই।
অনুষ্ঠানটোৰ বিষয়ে LBSNAAৰ প্ৰাক্তন পৰিচালক, নীতি বিশ্লেষক আৰু ইতিহাসবিদ ড০ সঞ্জীৱ চোপ্ৰাই কয় যে ভেলী অৱ ৱৰ্ডছ আন্তঃৰাষ্ট্ৰীয় সাহিত্য আৰু কলা মহোৎসৱৰ অষ্টম সংস্কৰণত ৫০খন অধিবেশন, ১২খন গ্ৰন্থ উন্মোচন, ৩খন প্ৰদৰ্শনীকে ধৰি কেইবাটাও কাৰ্যসূচী আয়োজন কৰা হৈছে।