অৰ্বিটাৰ অবিহণে কিয় চন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ল চন্দ্ৰযান-৩; চন্দ্ৰপৃষ্ঠত কিদৰে অৱতৰণ কৰিব ইছৰোৰ মহাকাশযানে ?

Story by  atv | Posted by  [email protected] • 1 Years ago
উৎক্ষেপণৰ সময়ত চন্দ্ৰযান-৩
উৎক্ষেপণৰ সময়ত চন্দ্ৰযান-৩
 
নতুন দিল্লী

পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি শুকুৰবাৰে দিনৰ ঠিক ২:৩৫ বজাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)ৰ চন্দ্ৰযান-৩ নামৰ মহাকাশ যানখনে চন্দ্ৰ অভিমুখে ৰাওনা হয়। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ক উৎক্ষেপণ কৰাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা হয়।
 
দেশবাসীয়ে এই মুহূৰ্তটোৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই আছিল। আজি জোনবাইৰ দেশলৈ উৰা মৰা চন্দ্ৰযান-৩ক চন্দ্ৰপৃষ্ঠ পাবলৈ ৪০ দিনৰ প্ৰয়োজন হ'ব। ২৩ৰ পৰা ২৪ আগষ্টৰ ভিতৰত ই চন্দ্ৰত অৱতৰণ কৰিব। 

উল্লেখ্য যে, ইছৰোৰ চন্দ্ৰযান-এ কঢ়িয়াই নিছে এল ভি এম-৩ ৰকেট, যিয়ে মহাকাশযানখনক শক্তি প্ৰদান কৰিব আৰু পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ ঠেলি দিব। এল ভি এম-৩ হৈছে তিনি পৰ্যায়ৰ উৎক্ষেপণ বাহন। ইয়াৰ পূৰ্বে এই LVM-3 কেইবাটাও কৃত্ৰিম উপগ্ৰহ আৰু চন্দ্ৰ অভিযানত ব্যৱহাৰ কৰা হৈছিল। ইয়াক ভাৰতীয় ৰকেটৰ ‘বাহুবলী’ বুলি কোৱা হয়। ইয়াত দুটা তৰপ থাকে। এটাত কঠিন ইন্ধন আৰু আনটোত তৰল ইন্ধন থাকে। কঠিন ইন্ধন ১২৭ ছেকেণ্ডৰ বাবে জ্বলি থাকে। উৎক্ষেপণৰ ১০৮ ছেকেণ্ডৰ ভিতৰতে তৰল ইন্ধন জ্বলিবলৈ আৰম্ভ কৰে। ই ৰকেটটোক ২০৩ ছেকেণ্ডৰ বাবে আগুৱাই লৈ যায়। চন্দ্ৰযান-৩ৰ লেণ্ডাৰৰ নাম ‘বিক্ৰম’ আৰু ৰোভাৰৰ নাম হৈছে ‘প্ৰজ্ঞান’।

২০১৯ চনৰ ৬ ছেপ্টেম্বৰত ইছৰোৰ চন্দ্ৰযান-২ মহাকাশ যানে চন্দ্ৰৰ পৃষ্ঠভূমিত লেণ্ডাৰ ‘বিক্ৰম’ক সফলতাৰে অৱতৰণ কৰিব নোৱাৰিলে। অতীতৰ ভুলৰ পৰা শিক্ষা লৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে পুনৰ চন্দ্ৰ স্পৰ্শ কৰিবলৈ প্ৰস্তুতি চলায়। পূৰ্বৰ অভিযানত প্ৰেৰণ কৰা অৰ্বিটাৰখনে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। সেয়ে এই অভিযানত ইছৰোই চন্দ্ৰৰ কক্ষপথলৈ কোনো অৰ্বিটাৰ প্ৰেৰণ কৰা নাই।
 
চন্দ্ৰযান-৩ৰ সৈতে সংযুক্ত হৈ থকা লেণ্ডাৰ আৰু ইয়াৰ ভিতৰত থকা ৰোভাৰে চন্দ্ৰত অৱতৰণ কৰাৰ সময়ত চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ সহায় ল’ব। এতিয়া দুসপ্তাহ ধৰি চন্দ্ৰৰ ওপৰত ইছৰোৰ গৱেষণা চলি থাকিব। ইয়াৰ উপৰিও ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাৰ পৰাও তেওঁলোকে সহায় ল’ব।
 
যদি এই অভিযান সফল হয় তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰত বিশ্বৰ চতুৰ্থখন এনে দেশ হ’ব, যাৰ মহাকাশযান চন্দ্ৰত অৱতৰণ কৰিব। শুকুৰবাৰে চন্দ্ৰযান উৎক্ষেপণৰ স্থানত উপস্থিত থাকে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিং। ইয়াৰ পূৰ্বে ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰযানৰ সফলতা কামনা কৰি বৃহস্পতিবাৰে তিৰুপতি মন্দিৰত পূজা আগবঢ়াইছিল।