ইউছুফৰ নিৰ্বাচনী প্ৰচাৰত ভাতৃ ইৰফান পাঠান

Story by  atv | Posted by  [email protected] • 11 d ago
ইউছুফৰ নিৰ্বাচনী প্ৰচাৰত ভাতৃ ইৰফান পাথান
ইউছুফৰ নিৰ্বাচনী প্ৰচাৰত ভাতৃ ইৰফান পাথান
 
নতুন দিল্লী
 
ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানে বাহাৰমপুৰত তৃণমূল কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ভাতৃ ইউছুফ পাথানৰ সমৰ্থনত এই নিৰ্বাচনী সভাত যোগদান কৰে।
 
১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত প্ৰচাৰ সভাত উপস্থিত হৈ বাহাৰামপুৰৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ইৰফানে। ইৰফান পাথানে বৃহস্পতিবাৰে ইউছুফ পাথনৰ সৈতে ৰেজিনগৰ আৰু বেলডাংগাকে ধৰি বাহাৰামপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলত ৰোডশ্ব’ত অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, বুধবাৰে তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীয়ে বাহাৰামপুৰত ইউছুফ পাঠানৰ সমৰ্থনত প্ৰচাৰ চলাইছিল। ১৯৯৯ চনৰ পৰা সাংসদ হিচাপে থকা কংগ্ৰেছৰ অধিৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে থিয় দিছে ইউছুফ পাথানে।
 
ইয়াৰ পূৰ্বে কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ বাবে আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১১ৰ ফটো ব্যৱহাৰ কৰাক লৈ নিৰ্বাচন আয়োগক এজাহাৰ দাখিল কৰিছিল। দলটোৱে অভিযোগত উল্লেখ কৰিছে যে ইউছুফ পাঠানে ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ বিজয়ী ফটো দেখুওৱা বেনাৰ আৰু পোষ্টাৰ ব্যৱহাৰ কৰিছিল।