ধৰ্মনিৰপেক্ষতা আৰু অসমীয়া সমাজ

Story by  Mukut Sarma | Posted by  Munni Begum • 10 Months ago
এটা নামঘৰৰ সন্মুখত অসম আৰক্ষী বিষয়া মজিবুৰ ৰহমান
এটা নামঘৰৰ সন্মুখত অসম আৰক্ষী বিষয়া মজিবুৰ ৰহমান
 
  মুকুট শৰ্মা
 
অসম শব্দটোৰ ধাৰণাৰ লগত সম্পৃক্ত হৈ আছে অসমীয়া সমাজখন। সৰল অৰ্থত অসমত বসবাস কৰা খিলঞ্জীয়া বা থলুৱাৰ লগতে অসমীয়া জাতিসত্তাৰ বুকুত নিজকে বিলীন কৰি দিয়া লোকসকলক লৈয়েই অসমীয়া সমাজখন গঠিত হৈছে। ব্যৱসায়-বাণিজ্য বা অর্থনৈতিক কাৰণত অসমত ‘পামুৱৈ' হিচাপে আহি জীৱননিৰ্বাহ কৰি থকা কিন্তু অসমীয়া জাতীয় চেতনা আৰু অসমীয়া বুলি ক'লে সাত জাপ মাৰি দূৰতে বিদূৰ হোৱা সকল কিন্তু অসমীয়া নহয় আৰু আমাৰ আলোচনাত এনে লোকসকলক সামৰি লোৱাও নাই। অসমীয়া সমাজখন গঠনৰ প্ৰাৰম্ভিক কুচকাৱাজ চলাইছিল আহোম স্বৰ্গদেউসকলে। তাৰ আগত অৰ্থাৎ আহোমৰ অসম আগমনৰ আগেয়ে অসমীয়া বা অসম সম্পৰ্কে ধাৰণা নাছিল। এই ভূ-খণ্ডত ঠায়ে ঠায়ে চুতীয়া- কছাৰী আৰু কোচসকল তথা মধ্য অসমত ভূঞাসকলে শাসন চলাইছিল। আহোমে আহি ক্ৰমান্বয়ে অসমীয়া সমাজখন গঠন কৰি এক বৃহৎ অসমীয়া জাতি তথা বৰ অসম গঢ়িবলৈ চেষ্টা কৰিছিল। 
 
অৱশ্যে এই চেষ্টা কোচ ৰজাসকলেও কৰিবলৈ যত্ন কৰিছিল কিন্তু ৰাজনৈতিক কূট-কৌশল আৰু প্ৰভুত্বৰে সকলোকে একাষৰীয়া কৰি আহোমে ৬০০ বছৰ আমাক শাসন কৰি অসমীয়া সমাজখনৰ লাইখুঁটা স্থাপন কৰিছিল। আহোমৰ এই অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াক আগুৱাই নি অসমীয়া সমাজখনক এক নতুন ৰূপেৰে গঢ় দি শক্তিশালী অসমীয়া সমাজ প্ৰতিষ্ঠাৰ অন্যতম কাণ্ডাৰী হ'ল শ্ৰীমন্ত শংকৰদেৱ। কোচ ৰজাৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰা শংকৰদেৱৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়ালৈ যি অৱদান সেৱা প্রশ্নাতীত। আহোমৰ অসম আগমনৰ প্ৰাক্ষণৰ পৰা ইয়াণ্ডাবু সন্ধিলৈকে এই বিশাল সময়ছোৱাত আৰু ইয়াৰ ভাষা-কলা-সংস্কৃতিৰে মহীয়ান সকলো লোকক লৈ অসমীয়া সমাজখন গঠন হৈছে। 
 
শিৱদৌলত দান কৰা গোধনৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
 
ব্ৰিটিছৰ সময়তো ভিন্ন জনগোষ্ঠীৰ অসমলৈ আগমন হৈছে তাৰে কিছুলোক এই অসমীয়া সমাজে আঁকোৱালি লৈছে আৰু কিছু লোকক এতিয়াও গ্রহণ কৰা নকৰাৰ আলি-দোমোজাত আছে। গ্ৰহণ আৰু বৰ্জনৰ যোগেদিয়ে এখন সমাজ গঠন হয় আৰু আমাৰ সমাজখনো গ্ৰহণ আৰু বৰ্জনৰ যোগেদি গঠন হৈ আহিছে। সমাজ এটা স্থবিৰ প্ৰক্ৰিয়া নহয় যে ই আৰু বিকশিত নহ'ব। সময়ত ই ব্যাপ্তি লাভ কৰে আৰু ব্যাপ্তি লাভ কৰিবই লাগিব। এই অসমীয়া সমাজখনক যদি আমি ধৰ্মনিৰপেক্ষতাৰ দৃষ্টিৰে চাওঁ; দেখিম যে অসমীয়া সমাজখন সম্পূর্ণভাৱে ধৰ্মনিৰপেক্ষতাৰ দৃষ্টিভংগীৰে পৰিচালিত আৰু গঠিত। অৰ্থাৎ ধৰ্মীয় আৱেগ আৰু ধৰ্মীয় দৃষ্টিকোণেৰে অসমীয়া সমাজ কেতিয়াও গঠিত হোৱা নাই। ধর্মীয় চেতনাক আধাৰ হিচাপে লৈ অসমীয়া জাতি গঠন হোৱা নাই। সাম্প্রতিক সময়ত একাংশ লোকে অসমীয়া সমাজখনক ধৰ্মৰ দোহাই দি ভাগ ভাগ কৰি অসমীয়া মানুহৰ হৃদয়ত ধৰ্ম নামৰ আফিঙৰ খেতি কৰি যি মাৰাত্মক ভাইৰাছ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে সেইসকলৰ বাবে কিছু উদাহৰণসহ আলোচনা কৰাটো সমীচিন হ'ব। 
 
চুকাফা অসমলৈ আহি তেওঁলোকৰ নিজস্ব পূজা- অৰ্চনা পদ্ধতি আদি পৰ্যায়ক্রমে ত্যাগ কৰি হিন্দু ধৰ্মত (স্বৰ্গদেউসকল) বিলীন হৈছিল। ইচ্ছা কৰিলে চুকাফা বা পৰৱৰ্তী স্বৰ্গদেউসকলে তেওঁলোকৰ নিজস্ব ধর্মকে ৰাজধৰ্ম ঘোষণা কৰিব পাৰিলেহেঁতেন। তেতিয়া প্ৰজাসকলেও নিশ্চয় ৰজাৰ ধৰ্মকে গ্রহণ কৰিলেহেঁতেন। কিন্তু তাকে নকৰি নিজ ধর্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণেৰে আহোমসকলে যি ধৰ্ম নিৰপেক্ষতাৰ পৰিচয় দিলে সেয়াই মই ভাবো অসমত ধৰ্মনিৰপেক্ষ সমাজ গঠনৰ প্ৰথমটো ঢাপ আৰু ইয়াৰ কৃতিত্ব নিশ্চিতভাৱে আহোম স্বৰ্গদেউসকলৰ। 
 
জিকিৰ পৰিবেশন কৰি থকা এক মূহুৰ্ত
 
পৰৱৰ্তী সময়ত আহোমৰ ছশ বছৰীয়া শাসন কালত ধর্মনিরপেক্ষতাক প্রথম স্থান দিয়েই আহোমসকলে ৰাজকাৰ্য পৰিচালনা কৰিছিল। কোনো কালে কোনো দিনে কেতিয়াও ধর্মীয় দৃষ্টিভংগীৰে কোনো কার্য সম্পাদন কৰাৰ ইতিহাস আহোম যুগত নাছিল। নাছিল হিন্দু- মুছলমানৰ ধাৰণা। ধর্ম যিয়েই নহওক অসমত থকা সকলোৱে আছিল অসমীয়া। হৃদয়ত নাছিল কোনো ভেদভাব। ধৰ্মক লৈ কোনো কালে কেতিয়াও মানুহে তিলমানো চিন্তা কৰা নাছিল। আন কথাত চুকাফাৰ পৰা ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিলৈ এই কালছোৱাত ধৰ্ম নামৰ বিষবাষ্পটোৱে মানুহৰ হৃদয়ত সামগ্রিকভাৱে অনাহুত চিন্তাৰ জন্ম দিয়া নাছিল।
 
আহোম যুগত মোগলক অসমীয়া মানুহে ১৭ বাৰ পৰাভূত কৰিছে। এই যুদ্ধক আমি মুছলমানৰ বিৰুদ্ধে কৰা যুদ্ধ বুলি নকওঁ। আমি কওঁ মোগলৰ বিৰুদ্ধে বুলিহে। মোগল মানেই আগ্রাসী বাহিনী। তাতো আছিল হিন্দু আৰু মুছলমান। কিন্তু আমি সকলোৱে একত্রিতভাৱে মোগলক পৰাভূত কৰিছো। শৰাইঘাটৰ যুদ্ধ মুছলমানৰ বিৰুদ্ধে হিন্দুৰ যুদ্ধ নাছিল। হিন্দু-মুছলমান সকলোৱে ঐক্যবদ্ধভাৱে মোগলৰ বিৰুদ্ধেহে যুঁজিছিল। ইয়াৰ উদাহৰণ বুৰঞ্জীৰ পাতে পাতে সোণোৱালী আখৰেৰে লিখা আছে। আহোমসকলে বহু মুছলমান লোকক আনি নিজ ৰাজ্যত স্থাপিত কৰিছিল। যুদ্ধবন্দী মুছলমানক সংস্থাপিত কৰিছিল। কোনো দিনে মুছলমান বুলি বিদ্বেষ কৰা নাছিল। বিদ্বেষ কৰা হ'লে আজান ফকীৰৰ দৰে ধৰ্মপ্ৰচাৰকে আহি ধৰ্মপ্ৰচাৰৰ সুবিধাই নাপালেহেঁতেন। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
অসমীয়া সাহিত্যত বিশেষ স্থান দখল কৰি থকা জিকিৰ আৰু জাৰী গীতসমূহ শংকৰদেৱৰ ভক্তি আন্দোলনৰ আধ্যাত্মিকতাক কেন্দ্ৰ কৰি গঢ়ি উঠা আধ্যাত্মিক গীতহে। ই আজান পীৰৰ ধৰ্ম নিৰপেক্ষতা আৰু আন ধৰ্মৰ প্ৰতি থকা সহমর্মিতাৰ অন্যতম উদাহৰণ। ব্ৰিটিছৰ হিন্দু-মুছলমানৰ ৰাজনীতিয়ে সমগ্র দেশত সাম্প্রদায়িকতাৰ চেতনা বঢ়ালেও অসম আৰু অসমীয়া সমাজত ইয়াৰ কু-প্ৰভাৱ পৰা নাছিল। যাৰ বাবে স্বাধীনতা আন্দোলনত অসমত হিন্দু-মুছলমান উভয়ৰে যোগদান আৰু আত্মবলিদান আছিল উল্লেখযোগ্য। আনকি প্রাকৃস্বাধীনতা আন্দোলনৰ সময়ত অসমত চলা কৃষক বিদ্রোহসমূহতো ধর্মনিৰপেক্ষতা আছিল সফলতাৰ মূল চাবিকাঠী। কিন্তু বৰ্তমান সময়ত ৰাজনৈতিক দৃষ্টিভংগীৰে ধৰ্মনিৰপেক্ষতাক একপ্ৰকাৰ নস্যাৎ কৰি মানুহবোৰক হিন্দু-মুছলমান, খ্রীষ্টান আদি ভাগত ভাগ ভাগ কৰিবলৈ চেষ্টা কৰা হৈছে। এই ধাৰণাক সাৰ-পানী যোগাইছে হিন্দু আৰু মুছলিম উভয় পক্ষৰে এচাম স্বার্থান্বেষী লোকে।
 
মনত ৰাখিব লাগিব এই স্বার্থান্বেষী লোকসকলৰ মাজত ৰাজনৈতিক নেতা-পালিনেতাই নাই, আছে গোপন এজেণ্ডাৰে নিজস্বার্থ সিদ্ধিৰ বাবে কাম কৰিবলৈ বিচৰা বহু শিক্ষিত লোকো। কিন্তু এনে প্রৰোচনা, প্রলোভন আৰু স্বার্থই অসমীয়া ধৰ্মনিৰপেক্ষ সমাজ ব্যৱস্থাক কেতিয়াও ধ্বংস কৰিব নোৱাৰে। আমি সামূহিকভাৱে অসম আৰু অসমীয়াৰ স্বাৰ্থতহে পুনৰ শৰাইঘাটৰ ৰণ কৰিবলৈ প্ৰস্তুত। যি ৰণত আমি সকলোৰে হাতে-হাত ধৰি আগবাঢ়িব লাগিব। ধৰ্মৰ বিষয়টোৱেদি মানুহৰ মনত ভয়, শংকা আৰু বিদ্বেষৰ বীজ সিঁচি দিয়াটো সহজ। কিন্তু ইয়াৰ খেতি স্থায়ী নহয়। এনে নহয় যে অসমত ধর্মকেন্দ্রীক সংঘাত হোৱা নাই। কিন্তু এই সংঘাত স্থায়ী নহয়। সাময়িক ছুনামি হ'ব পাৰে। কিন্তু স্থিতপ্রজ্ঞ সমাজপ্রিয় মানুহক ই টলাব নোৱাৰে। মোৱামৰীয়া গণ বিদ্ৰোহৰ কাৰণ যদি বিশ্লেষণ কৰো দেখিবলৈ পাম ইয়াৰ মূল অন্তর্নিহিত কাৰণ ধর্ম। বৰবাণী ফুলেশ্বৰীয়ে মোৱামৰীয়াসকলক দিয়া বলিৰ ফোঁটেই ইয়াৰ মূল উপজীব্য। কিন্তু তাৰ পৰিণতিত লাহে লাহে গৈ আমি মানক পালো। মান খেদিবলৈ ব্ৰিটিছ আহিল। 
 
শ্ৰী সত্য সাই সেৱা সংগঠনৰ সদস্যই ইফটাৰ বিতৰণ কৰা মুহূৰ্ত
 
শেষত ব্ৰিটিছ গ'ল আৰু আমি স্বাধীন অসমীয়া ভাৰতীয় সাম্রাজ্যৰ লগত বিলীন হ'লো। তথাপি আমি অসমীয়া জাতি হিচাপে পূৰ্বৰ পৰিচয় ধৰি ৰখা ভাল ভাৰতীয়ৰ। কিন্তু আমাৰ আছে বহু সুকীয়া চৰিত্ৰ। যি আন জাতি সত্তাৰ পৰা পৃথক। এই সুকীয়া চৰিত্ৰই হৈছে অসমীয়া সমাজৰ ধৰ্মনিৰপেক্ষতা। যাক আমি সময়ে সময়ে দেখি আহিছো। জাতি গঠন প্ৰক্ৰিয়াত পুৰোধা ব্যক্তি হিচাপে কর্ম সম্পাদন কৰাসকলৰ কাম-কাজৰ মাজেৰে। আনহে নালাগে শংকৰদেৱৰ ধৰ্মতো ইয়াৰ উদাহৰণ আছে। ইতিহাস আৰু বুৰঞ্জী নপঢ়া এটা চামে ধৰ্মৰ ক'লা চছমা পিন্ধি অসমীয়া সমাজখনক কলুষিত কৰিবলৈ বিচৰা কাৰ্য ঘৃণনীয়ই নহয় ই জাতিৰ বুকুত ছুৰিকাঘাত হ'ব। গতিকে সময় থাকোতেই আমি এনে লোকসকলক লুইতৰ বুকুত দলিয়াই দিব লাগিব। ড° সর্বেপল্লী ৰাধাকৃষ্ণনে— "The Hindu view of life' শীর্ষক বক্তৃতাত উল্লেখ কৰিছিল — The term Hindu' had originally a territorial and not a credal significance. It implaied residence in a well defined geographical area." ‘সিন্ধু' শব্দৰ পৰা প্ৰকৃততে হিন্দু শব্দৰ উৎপত্তি আৰু সিন্ধু নদীৰ পাৰত যিসকলে বসবাস কৰিছিল সেইসকলেই হিন্দুস্থানী। 
 
তদ্রূপ অসমতো ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰে যিসকল লোকে পূৰ্বৰে পৰা বসবাস কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিলীন হৈ নিজকে অসমীয়া বুলি আত্মাহুতি দিছে সেইসকলেই হৈছে অসমীয়া। ইয়াত নাই কোচ, চুতীয়া, আহোম, মুছলমান। আমি সকলোৱেই এক অসমীয়া আৰু ধৰ্মনিৰপেক্ষতা আমাৰ স্পন্দন। ধৰ্মনিৰপেক্ষতাক মূল আধাৰ হিচাপে লৈহে অসমীয়া সমাজখন গঠিত হৈছে আৰু আজিৰ তাৰিখলৈ এই ধৰ্মনিৰপেক্ষতাক বুকুত সাবটি অসমীয়া জাতি বৰ্তি আছে। যদিহে ধৰ্মৰ নামত সমাজখন ভাগ ভাগ কৰা হয় তেনেহ'লে এইটো নিশ্চিত যে অসমীয়া সমাজ বুলি ক'বলৈ কোনো অসমীয়া ইয়াত নাথাকিব আৰু সকলোৱে হৈ পৰিব কোচ, কছাৰী, হিন্দু, মুছলমান আৰু তেনেকৈয়ে আমি ভাগ ভাগ হৈ পৰিলে গোলকীয় সাংস্কৃতিক, ৰাজনৈতিক, অর্থনৈতিক আগ্ৰাসনৰ বুকুত আমি বিলীন হৈ যোৱাটো খাটাং। কিয়নো তেনে আগ্রাসনক অসমীয়াত্ব আৰু সামগ্রিকভাৱে আমাৰ ঐক্যইহে বাধা দিব পাৰিব। কোনো হিন্দু-মুছলমান অথবা আহোম, কোচ, কলিতাই এই আগ্রাসনক এককভাৱে ৰোধ কৰিব নোৱাৰে।