আৰ্থিকভাৱে দূৰ্বল ইমামক ব্যৱসায়ৰ জৰিয়তে উপাৰ্জনৰ পথ মুকলি কৰি দিছে মহম্মদ আফানে

Story by  atv | Posted by  Munni Begum • 13 d ago
 মহম্মদ আফান খান
মহম্মদ আফান খান
 
নতুন দিল্লী
 
মধ্যপ্ৰদেশৰ ভূপালৰ মহম্মদ আফান খানে মছজিদৰ দায়িত্বত থকা আৰু ভাল দৰমহা নোপোৱা ২০০ৰো অধিক ইমামক উপাৰ্জনৰ বিকল্প হিচাপে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাত আৰু মৰ্যাদাৰে জীয়াই থকাত সহায় কৰিছে।
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত মহম্মদ আফানে কয় যে আৰম্ভণিতে তেওঁ ভূপাল আৰু ওচৰৰ অঞ্চলৰ ইমামসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লৈছিল। পিছত তেওঁৰ বন্ধুসকলো এই অভিযানত যোগদান কৰিবলৈ আগবাঢ়ি আহিছিল।
 
তেওঁলোকে বিভিন্ন মছজিদৰ ইমামসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বিষয়ে তথ্য সংগ্ৰহ কৰে। এই তথ্যৰ পৰা তেওঁলোকে এই কথা জানি আচৰিত হয় যে ইমামসকলৰ বেছিভাগেই দৰিদ্ৰতাত জীৱন কটায় আৰু কিছুমান যুৱ ইমামে আনকি ধনৰ অভাৱত মছজিদৰ দায়িত্ব এৰি অন্য চাকৰি কৰাৰো চিন্তা-চৰ্চা কৰিছে।
 
‘আমি তেওঁলোকৰ কথা শুনি উপলব্ধি কৰিলোঁ যে বহু যুৱ ইমামে কিয় চাকৰি এৰিছে। ইয়াৰ পিছত আমি পৰিসংখ্যা মানি চলিলোঁ।” তেওঁ নিজৰ বন্ধুৰ দলৰ লগত আলোচনা কৰিলে আৰু সকলোৱে একমত হ’ল যে ইমামসকলে চুবুৰীত দোকান চলাব লাগে যাতে তেওঁলোকে বস্তু বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰে।
 
“আমি প্ৰতিজন ইমামক ১০ হাজাৰকৈ টকা দি এই পদক্ষেপ আৰম্ভ কৰিছিলো। প্ৰথম অৱস্থাত পাঁচজন ইমামক তেওঁলোকৰ স্থানীয় অঞ্চলত সাধাৰণ দোকান আৰম্ভ কৰাত সহায় কৰা হৈছিল। আমি ইমামসকলক পৰীক্ষামূলকভাৱে ব্যৱসায় আৰম্ভ কৰিবলৈ ক’লোঁ আৰু সকলো আল্লাহৰ ওপৰত এৰি দিলোঁ।”-আফান খানে কয়।
 
মহম্মদ আফান খানে সহায় কৰা কেইগৰাকীমান ইমাম
 
আফান খানে নিজৰ এই ইচ্ছাৰ কথা আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীক জানিবলৈ দিয়ে আৰু আৰ্থিকভাৱে দুৰ্বল ইমামসকলক পাৰ্যমানে সহায় কৰিবলৈ অনুৰোধ জনায়। “মই আত্মীয়-কুটুম্ব আৰু বন্ধু-বান্ধৱীসকলক লিখিছিলো যে যদি সকলোৱে সহায় কৰে, তেন্তে মিছনটো বৃদ্ধি কৰিব পৰা যাব আৰু বহুতৰে জীৱন সলনি হ’ব পাৰে। ইয়াৰ ফলত শিশুসকলক ধৰ্মীয় শিক্ষা প্ৰদানৰ সমস্যাও সমাধান হ’ব, যিসকলে আশংকা কৰিছিল যে তেওঁলোকৰ ইমামে তেওঁলোকক জটিল অৱস্থাত এৰি পলাই যাব।"-মানৱদৰকী আফানে কয়।
 
তেওঁ কয় যে এই পদক্ষেপ লৈ তেওঁলোক আগবাঢ়ি যোৱাৰ লগে লগে উপলব্ধি কৰিছিল যে প্ৰতিজন ইমামে গেলামালৰ দোকান চলাব নোৱাৰে, কাৰণ বহু অঞ্চলত ইতিমধ্যে এনে দোকান আছে। এই কাৰণেই আন ইমামসকলক জীৱিকাৰ উৎস আৰম্ভ কৰাৰ বাবে দক্ষতাৰ কৌশল শিকোৱা হৈছিল।
 
কিছুমান ইমামক টেইলৰিং দোকান খুলিবলৈ সহায় কৰা হৈছিল, কোনোবাই ধান বন্ধা মিল খুলিছিল। কিছুমানে কাপোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে, আনহাতে কিছুমানে ধাতুৰ পাত্ৰ বনাবলৈ ধৰিলে। আফান খানে কয় যে তেওঁ আৰু তেওঁৰ দলটোৱে এই অভিযান ইমান সফল হ’ব বুলি আশা কৰা নাছিল।
 
এবছৰত এই গোটটোৱে প্ৰায় ২০০ ইমামক তেওঁলোকৰ ব্যৱসায় আৰম্ভ আৰু চলোৱাত সহায় কৰিছে। পিছলৈ এছ'চিয়েচন অৱ মুছলিম প্ৰফেচনেলছ নামৰ সংগঠনটোৱে এই অভিযানত যোগদান কৰি আফান আৰু তেওঁৰ বন্ধুসকলক অধিক ইমামক সহায় কৰাত হাত আগবঢ়ায়। ইমামসকলক তেওঁলোকৰ ব্যৱসায় উন্নীত কৰিবলৈ পৰামৰ্শ দিয়াৰ বাবে সংগঠনটোৱে এই অভিযানত ডাঙৰ ৰূপত যোগদান কৰিছিল।
 
মন কৰিবলগীয়া যে, স্থানীয় লোকসকলে তেওঁলোকৰ ইমামৰ পৰা কিনিব বিচৰাত এই ষ্ট’ৰসমূহৰ ব্যৱসায় ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ ধৰে। ইয়াৰ ফলত তেওঁলোকে দ্ৰুতগতিত ব্যৱসায় বিস্তাৰ কৰিব পাৰে আৰু আজি তেওঁলোকে ইমামসকলক ২২২খন দোকান মুকলি কৰাত সহায় কৰিছে।