অসমত হিন্দু মুছলমানৰ একতা: কিছু অনুভৱ

Story by  atv | Posted by  [email protected] • 6 Months ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ প্ৰতীক মণিকূট উৎসৱৰ দৃশ্য
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ প্ৰতীক মণিকূট উৎসৱৰ দৃশ্য
 
 ড° সুৰজিৎ কুমাৰ ভাগৱতী
 
২০১১ চনৰ শেহতীয়া লোকপিয়লৰ তথ্য মতে অসমত বাস কৰা মুছলমান জনসংখ্যা হৈছে ১০৬,৭৯৩৪৫ আৰু মুঠ জনসংখ্যাৰ ৩৪.২২ শতাংশ। উক্ত লোকপিয়লৰ তথ্যমতে অসমত বাস কৰা হিন্দু জনসংখ্যা হৈছে ১৯১,৮০,৭৫৯ আৰু মুঠ জনসংখ্যাৰ ৬১.৪৭ শতাংশ। ২০২১ চনত দেশত হ'ব লগা লোকপিয়ল কোভিডৰ বাবে সম্ভৱ নহ'ল বাবে বর্তমান অসমত জনসংখ্যা কিমান বুলি প্রশ্ন কৰিলে আছে মাথো আনুমানিক তথ্য।
 
যদিহে এটা দশকত শতকৰা দহ হিচাপত জনসংখ্যা বৃদ্ধি হয়, তেনেহ'লে ২০২১ বর্ষত অসমত মুছলমান জনসংখ্যা হ'ব আনুমানিক ১,১৭,৪৭,২৮০ গৰাকী আৰু হিন্দু নাগৰিকৰ সংখ্যা হ'ব আনুমানিক ২,১০,৯৮,৮৩৪ গৰাকী।
 
অসমৰ জনজীৱনত থলুৱা মুছলমানসকলৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি অসম আন্দোলনলৈকে আছিল অভূতপূর্ব অৰিহণা। আজান ফকীৰৰ পৰা আৰম্ভ কৰি ইছমাইল হোছেইনলৈকে এনে বহুতো অসমীয়া মুছলমান আছে যাৰ পৰিচয় প্রথমে অসমীয়া, তাৰ পিছতহে মুছলমান। থলুৱা মুছলমানসকলৰ বিপৰীতে মিঞা মুছলমান, যিসকলে অতীতৰ পূৱবংগ আৰু বৰ্তমানৰ বাংলাদেশৰ পৰা স্বাধীনতাৰ পূৰ্বে বা স্বাধীনতাৰ পাছত প্ৰব্ৰজন কৰি থিতাপি ল'লেহি তেওঁলোকো অসমৰ নাগৰিক। প্রথম অৱস্থাত ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ চৰ-চাপৰিত জীৱন আৰম্ভ কৰা প্ৰব্ৰজিত মিঞা মুছলমানসকল বর্তমান অসমৰেই নাগৰিক।
 
হিন্দু-মুছলমান উভয়ৰে শ্ৰদ্ধাৰ অনুষ্ঠান আজান পীৰ দৰগাহ
 
একালত শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা এই মিঞা মুছলমান সকলৰ সন্তান আজি শিক্ষাৰ পথতো বহুদূৰ আগুৱাই গৈছে আৰু অতীতৰ ভঙা জুপুৰিৰ পৰিৱৰ্তে পকাঘৰত বিদ্যুতৰ পোহৰত থাকি উন্নয়নৰ পথ গ্রহণ কৰিছে। লোকপিয়লৰ তথ্যমতে বর্তমান অসমৰ নখন জিলাত মুছলমানৰ জনসংখ্যা হিন্দুতকৈ বেছি আৰু প্রতিজন কথাচেৰেকা হিন্দুৰ বাবে বিষয়টো গুৰুত্বপূর্ণ। হিন্দু হিচাপে আমি মাজে মাজে আলোচনা কৰো- অসমত মুছলমানৰ সংখ্যা হিন্দুতকৈ বেছি হ'লে আমাৰ ধৰ্মটো বিপদাপন্ন হ'ব। হিন্দুৰ ছোৱালীক মুছলমান যুৱকে বিয়া পাতিব। 

মধ্য অসমৰ জিলা হিচাপে নগাঁও জিলাত মুছলমানৰ সংখ্যা হিন্দুতকৈ বেছি আৰু প্রতিটো ঈদতেই আমি অনুভৱ কৰো কোনে চলাই আছে নগাঁৱৰ অৰ্থনীতি। আমাৰ দৃষ্টিত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশখন বেয়া, কিন্তু হিন্দু ৰাষ্ট্ৰ নেপালখন ভাল! প্রকৃততে আমাৰ ভাৱধাৰাবোৰক অতীতৰ নাগৰিকসকলেই গঢ় দি থৈ গৈছে আৰু আজিও আমি প্রতিজন মুছলমানক লগ পালেই প্রথমে চাওঁ তেওঁ থলুৱা মুছলমান নে প্ৰব্ৰজন কৰি অহা মুছলমান। বহুতো থলুৱা মুছলমান ব্যক্তিয়ে প্রথম পৰিচয়তেই বিনাদ্বিধাই কয়- মই থলুৱা মুছলমানহে অর্থাৎ বাংলাদেশৰ পৰা অহা নহয়। এজন হিন্দু আৰু এজন মুছলমান ব্যক্তিৰ মাজত কিবা কথাত কাজিয়া হ'লে মুখৰ পৰা ওলোৱা প্ৰথমশাৰী বাক্য হৈছে- চালা বাংলাদেশী!

অসমত স্বাধীনতাৰ পাছৰ পৰা (প্ৰকৃতাৰ্থত ২০১৪ চনলৈকে) মিঞা মুছলমানসকল আছিল এটা বিশেষ ৰাজনৈতিক দলৰ ভোটবেংক। আর্থিক দৈন্যতাৰ মাজত থাকি কৰা জীয়াই থকাৰ সংগ্ৰামখনত প্রতিটো মুহূর্ততে আছিল ভয়- ভয় বিতাড়িত হোৱাৰ। অসম আন্দোলনৰ সময়ত বিৰাজ কৰা পৰিৱেশে প্রকৃততে হিন্দু-মুছলমান ভাই-ভাই বোলা বাক্যশাৰীক বহুখিনি অৱদমিত কৰিছিল বুলিলে হয়তো ভুল কোৱা নহ'ব।
 
অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ জিকিৰ গীত পৰিবেশনৰ দৃশ্য
 
অসম আন্দোলনৰ সমাপ্তিৰ অন্তত অসমৰ মিঞা মুছলমানসকলে বুজি পাইছিল এটা কথা- তেওঁলোকৰ আর্থিক বিকাশৰ বাবে কপালৰ ঘাম মাটিত পেলাবই লাগিব। আমি হিন্দুসকলে গম নোপোৱাকৈ মুছলমান অধ্যুষিত অঞ্চলত আৰম্ভ হৈছিল অর্থনৈতিক বিপ্লৱ। এবিঘা মাটিতে বছৰত তিনিবাৰ খেতি কৰা, কৃত্ৰিম সাৰ প্রয়োগ কৰি অধিক ফচল উৎপাদন কৰা, কৃষিকৰ্মত মেচিনৰ ব্যৱহাৰ কৰা, উৎপাদিত কৃষি ফচল বজাৰলৈ কঢ়িয়াই নিয়া ইত্যাদি কৰ্মই আয়ৰ পথ সুগম কৰিলে মিঞা মুছলমানলৈ।
 
বৰ্তমান অসমৰ শ্ৰমিকৰ বজাৰখনলৈ চালে আপুনি দেখা পাব মুছলমান শ্রমিকৰ ভিৰ। গুৱাহাটী মহানগৰৰ লগতে প্ৰতিখন জিলাৰ নিৰ্মাণত অংশগ্ৰহণ কৰা মুঠ শ্ৰমিকৰ ৯০ শতাংশ মুছলমান। ঘৰ বা অট্টালিকা বনোৱা, পথৰ নিৰ্মাণ, উৰণীয়া সেতুৰ নিৰ্মাণ আদি সকলো কামত মুছলমানৰ শ্রমিক। কাৰিকৰী কৰ্ম যেনে- ইলেকট্রিচিয়ান, টিভি, ফ্রিজ, ফেন আদিৰ মেৰামতি কৰা, গাড়ীৰ চালক, শাক-পাচলিৰ বিক্রেতা, মাছ-মঙহৰ বজাৰৰ বিক্রেতা আদি সকলো ক্ষেত্রত নির্ণায়ক ভূমিকাত মিএগ মুছলমান। অসমত উৎপাদিত শাক-পাচলিৰে সমৃদ্ধ মেঘালয়, নাগালেণ্ড, অৰুণাচল ৰাজ্যৰ বজাৰ।
 
অর্থনৈতিক ক্ষেত্রত চালকৰ আসনত থকা মুছলমানসকলে আজি বুজি পাইছে যে জীয়াই থাকিবলৈ আয়ৰ পথত ভৰি দিবই লাগিব। থলুৱা অসমীয়াৰ কৃষিপথাৰ আৰু সংখ্যালঘু অঞ্চলৰ কৃষিপথাৰবোৰ যিসকল অসমীয়াই দেখিছে, তেওঁলোকে নিশ্চিতভাৱে ক'ব- প্রতিযোগিতাৰ দৌৰত কোন আগত আছে।
 
আজিকালি থলুৱা অসমীয়াসকলৰ মুখত শুনিবলৈ পোৱা কেইষাৰিমান বাক্য হৈছে- গাঁৱত বান্দৰৰ বাবে খেতি কৰিব নোৱাৰি, কেকেঁচুৱাই বাৰীৰ তামোল আৰু নাৰিকল গছৰ ফচল ধ্বংস কৰে। আশ্চৰ্যকৰ কথাটো হৈছে বান্দৰ বা কেৰ্কেটুৱাৰ সমস্যা সংখ্যালঘু বসতিপ্রধান অঞ্চলত দেখা পোৱা নাযায়। কাৰণটো হৈছে তেনে অঞ্চলত এটা বান্দৰ বা কেকেটুৱাই প্ৰৱেশ কৰিলেই সদল বলে ওলাই আহে ৰাইজ আৰু অঞ্চলৰ পৰাই খেদি পঠাই ৰক্ষা কৰা ফচল। অন্যহাতে থলুৱা অসমীয়াৰ অঞ্চলত নাগৰিকৰ নাই তেনে কাম কৰাৰ উৎসাহ। বান্দৰ, কেকেটুৱাৰ পৰা অসমীয়া গাঁও মুক্ত কৰাৰ দায়িত্ব যেন ল'ব লাগিব ৰাজ্য চৰকাৰে।
 
সম্প্ৰীতিৰ প্ৰতীক হাজোৰ পোৱামক্কা
 
এতিয়া আহো মুখ্য প্রশ্নটোলৈ- হিন্দু-মুছলমানৰ ভাই ভাইৰ বান্ধোনটো আজি কিমান শক্তিশালী? অসমত বাস কৰা প্ৰতিজন হিন্দু আৰু মুছলমানৰ মনত নাই বিদ্বেষৰ ভাৱ। আমেৰিকাত বগা আৰু ক'লা বৰণৰ নাগৰিকসকলৰ মাজত থকা বিদ্বেষ বা জার্মানীত ইহুদীৰ প্ৰতি থকা ঘৃণা বা ইজৰাইলত পেলেষ্টাইনী সকলৰ প্রতি থকা ঘৃণাৰ পৰিৱেশ নাই ভাৰতত। ভাৰতৰ প্ৰতিখন ৰাজ্যত আজি হিন্দু মুছলমানৰ মাজত আছে আস্থাৰ পৰিৱেশ। ৰাজনৈতিক দলৰ নেতাৰ ভাষণবোৰে আজি দুৰ্বল কৰিব নোৱাৰে মানুহৰ মন।
 
অসমৰ ক্ষেত্ৰত নিৰ্বাচনৰ সময়ত গুৰুত্ব পোৱা মিঞা মুছলমানসকলে যেন এতিয়া বুজি পাইছে নেতাৰ চলাহী কথা। একালৰ অস্তিত্ব নথকা ৰাজনৈতিক দলৰ নেতাক বৰপীৰা পাৰি আদৰণি জনাইছে মিএগ মুছলমানসকলে। মুছলমান সমাজখনত আজিও বর্তি থকা বাল্যবিবাহ, বহুবিবাহ, ধৰ্মৰ নামত চলি থকা অন্ধবিশ্বাসবোৰ দূৰ কৰি শিক্ষাৰ জগতখনত স্থান দিয়া ইত্যাদি চৰকাৰী কৰ্মৰ প্ৰতি আকৃষ্ট হৈছে আজিৰ মিঞা মুছলমান। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অতীতত কোৱা 'মিঞা ভোট নালাগে' বোলা বাক্যষাৰিয়ে হ্রাস কৰিব পৰা নাই সংখ্যালঘু নাগৰিকৰ স্পৃহা। নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱা মুখ্যমন্ত্ৰীগৰাকীক মৰমেৰে ওপচাই পেলাইছে ভোটাৰসকলে। মিঞা মুছলমানৰ সন্তানৰ মুখত স্পষ্ট ৰূপত ফুটি উঠিছে এটা শব্দ- 'মামা'।
 
বৰ্তমান অসমত চৰ-চাপৰি অঞ্চলবোৰত পথ যোগাযোগ ব্যৱস্থাৰ হোৱা ব্যাপক উন্নয়নে সুচল কৰিছে মানুহৰ আহ-যাহত। উক্ত অঞ্চলবোৰত স্থাপিত হোৱা ব্যক্তিগত বিদ্যালয়বোৰেও শিক্ষাৰ বিকাশত বহুখিনি অৰিহণা দিছে। চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত নিয়োগ পোৱা অসমীয়া টেট শিক্ষকসকলে স্থানীয় নাগৰিকৰ আস্থা লাভত সফল হৈছে। বিদ্যালয়ত সৰস্বতী পূজা বা বিহু অনুষ্ঠিত কৰা মিঞা মুছলমানৰ সন্তানসকলক জীৱনৰ সপোন গঢ়াত সহায় কৰিব পাৰিছে টেট শিক্ষকসকলে। চোৰ-ডকাইত আদি ব্যাধিৰ মাজত থকা মিঞা মুছলমানৰ গাঁওবোৰত এতিয়া নির্বিঘ্নে ভ্রমণ কৰিব পাৰে হিন্দুসকলে।
 
দৰিদ্ৰতাৰ হেতুকে অপৰাধ জগতত প্ৰৱেশ কৰা একাংশ মিঞা মুছলমান যুৱকে বুজি পাইছে যে সৎ কর্মইহে দিব পাৰে প্ৰাপ্তিৰ পথ। বেয়া কৰ্মৰ বাবে সমালোচনা কৰা আৰু ভাল কৰ্মৰ বাবে প্রশংসা কৰা নীতি ইতিমধ্যে গ্রহণ কৰিছে মিঞা মুছলমানৰ মহিলাসকলে। বিবাহৰ নামত কৰা প্ৰতাৰণাৰ প্ৰতিশোধ ল'বলৈ নিজৰ স্বামীক জেইল হাজোতলৈ প্ৰেৰণ কৰা, পত্নীৰ অধিকাৰৰ ওপৰত সজাগ হোৱা আৰু স্বামীক সজাগ কৰা কার্যত আজি থলুৱা হিন্দুতকৈ বহুখিনি আগত মিঞা মুছলমানৰ মহিলা।
 
মুছলমানে চোৱাচিতা কৰা অসমৰ এটা শিৱ মন্দিৰ
 
অতীতত মিঞা মুছলমানৰ মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি গণ্য কৰা ভাবাদৰ্শৰ ব্যাপক পৰিৱৰ্তন কৰিছে মহিলাসকলে। এটা বা দুটা সন্তানতেই সামৰণি মাৰিছে সংসাৰৰ পৰিক্ৰমা। চৰ-চাপৰিৰ ঘৰৰ মজিয়াৰ পৰিৱৰ্তে নিকটৱৰ্তী চহৰৰ উন্নত চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে। মহিলা সমিতি বা মহিলা সুৰক্ষাৰ কাৰ্যালয়ত লম্পট পুৰুষক উত্তম-মধ্যম দিব পৰা মহিলা আজি উপলব্ধ সংখ্যালঘু অধ্যুষিত অঞ্চলত।
 
এনে এক সময়ত অসমত আজি প্রয়োজন হৈছে হিন্দু মুছলমানৰ মাজত সত্য, বিশ্বাস আৰু আস্থাৰ এনাজৰীৰ। অসমৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক বিকাশৰ স্বাৰ্থত হিন্দু মুছলমানৰ একতা তথা ভাতৃত্ববোধৰ নিত্যান্ত প্রয়োজন। অর্থনৈতিক কর্মই সফলতা দিয়া মিঞা মুছলমান কৃষকৰ সফলতাখিনি বাস্তৱত প্রয়োগ কৰিব লাগিব থলুৱা হিন্দুসকলে। ৰাজ্যৰ চিকিৎসা খণ্ড, আৰক্ষী, বন বিভাগ, লোক নির্মাণ বিভাগত দক্ষতাৰ পৰিচয় দিয়া মুছলমান নাগৰিকক লৈ যিদৰে হিন্দুসকলে গৌৰৱ কৰে, ঠিক সেইদৰে থলুৱা অসমীয়া হিন্দুৰ সফলতাতো গৌৰৱ কৰিব লাগিব মুছলমানসকলে। যিদৰে প্রতিটো মছজিদক হিন্দুৱে প্ৰণাম কৰে, ঠিক সেইদৰে হিন্দুৰ মন্দিৰৰ প্ৰতি অনুৰূপ আচৰণ কৰিব লাগিব প্রতিজন মুছলমানে।
 
অসমৰ সত্ৰসমূহক বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ চৰকাৰী প্ৰয়াসক সহযোগ কৰিব লাগিব মুছলমান নাগৰিকে। অসমৰ বনাঞ্চলসমূহত অবৈধভাবে বাস কৰি অহা (বিশেষকৈ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত) মিঞা মুছলমানসকলে চৰকাৰৰ সৈতে আলোচনা কৰি নতুন বাসস্থলৰ সন্ধান কৰিবই লাগিব। এনেবোৰ দিশত থলুৱা মুছলমান শিক্ষিত নাগৰিকে সম্মুখৰ লাইনত থাকি চৰকাৰক সহায় কৰিব লাগিব।
 
অসমৰ বৃহত্তৰ স্বাৰ্থত হিন্দু মুছলমানৰ সমিলমিল স্থিতিৰ বিশেষ প্রয়োজন। অসমৰ সামাজিক, অর্থনৈতিক কিম্বা ৰাজনৈতিক উন্নয়নৰ প্ৰচেষ্টাত হিন্দু মুছলমানৰ সহাৱস্থান বাধ্যতামূলক। প্রতিযোগিতাৰ বজাৰখনত এটা ধৰ্মৰ নাগৰিকক একাষৰীয়া কৰি লক্ষ্যপ্রাপ্তি সম্ভৱ নহয়। উন্নয়নৰ ধাৰাৰ মাজত অকল হিন্দুসকলৰ বসতিস্থলবোৰক সোমোৱাই লৈ চৰ-চাপৰিবোৰক অৱহেলা কৰা নীতি পৰিহাৰ বাঞ্চনীয়। হিন্দু-মুছলমানৰ একতাই অসমক দিব পাৰে সুখ, শান্তি আৰু প্ৰগতিৰ সোৱাদ।
 
(লেখক নগাঁও এডিপি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক)