নাৰীবাদী বিপ্লৱৰ জননী - ৰোকেয়া সাখাৱত হোছেইন

Story by  atv | Posted by  Munni Begum • 13 d ago
ৰোকেয়া সখাৱত হোছেইন
ৰোকেয়া সখাৱত হোছেইন
 
  পংকজ কুমাৰ নেওগ
 
বছৰ: ১৯০৫ চন।
স্থান: লেডীলেণ্ড।
 
মানুহে কয় এইখন 'নাৰীবাদী ইউটোপিয়া' য'ত প্রচলিত পর্দা ব্যৱস্থাটো সম্পূৰ্ণ ওলোটা কৰা হৈছে। ইয়াত পুৰুষসকল ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকে আৰু মহিলাসকলে মুক্তভাৱে পৃথিৱীখনত বিচৰণ কৰি ফুৰে। তেওঁলোকে মাত্র অহিংসা আৰু কৌশলেৰে সকলো যুঁজ-বাগৰ বন্ধ কৰি জাতিসমূহৰ মাজত স্বাস্থ্য আৰু প্ৰগতি পুনৰ ঘূৰাই আনিবলৈ প্ৰয়াস কৰে। "ইয়াত পুৰুষ এজনৰ সন্মুখীন হ'বলৈ ভয় কৰাৰ প্ৰয়োজন নাই। এইখন লেডীলেণ্ড, পাপ আৰু অন্যায়ৰ পৰা ই মুক্ত। ইয়াত কেৱল গুণ আৰু ধৰ্মহে ৰাজত্ব কৰে।" 
 
বিজ্ঞান ইয়াত ইমানেই আগবাঢ়িছে যে শ্রমহীন খেতি আৰু উৰণীয়া গাড়ীৰে দেশ উভৈনদী। স্বাভাৱিকতে মহিলা বিজ্ঞানীসকলে সৌৰশক্তি কেনেকৈ কামত লগাব পাৰি আৰু বতৰ নিয়ন্ত্ৰণ কৰিব পাৰি সেই কৌশল আৱিষ্কাৰ কৰিছে। ইয়াত অপৰাধ নাই; একমাত্র ধর্ম, সত্য আৰু প্রেম, শান্তি আৰু সহাৱস্থানৰ আদৰ্শই হিংসা, আগ্রাসন ইত্যাদি অপশক্তিক আঁতৰাই ৰাখিছে।
 
যদি পুৰুষক নাৰীৰ দৰে জীয়াই থাকিবলৈ বাধ্য কৰোৱা হয় তেন্তে কি হ'ব -- এই বিকল্প বাস্তৱতা আগবঢ়াবলৈ 'চুলতানাৰ সপোন' (১৯০৫) (Sultana's dream) নামৰ গ্ৰন্থখনত ৰোকেয়া সাখাৱত হোছেইনে 'লেডীলেণ্ড' সৃষ্টি কৰিছিল আৰু আদি-কল্পবিজ্ঞান এই কাহিনীটোৱেই হ'ল বঙ্গৰ কৰ্মী আৰু শিক্ষাবিদগৰাকীৰ আটাইতকৈ বিশিষ্ট ৰচনা। এইয়া আছিল ৰোকেয়াৰ বিশ্বাসৰ সামান্য জিলিঙণি মাথোঁ; তেখেতে মনে-প্রাণে বিশ্বাস কৰিছিল যে ঔপনিৱেশিক ভাৰতত বাস কৰা মহিলাসকলৰ আৰু বিশেষকৈ মুছলমান মহিলাসকলৰ উন্নত আৰু স্বাধীন জীৱন কটোৱাৰ অধিকাৰ আছে। 
 
বেগম ৰোকিয়া মেম'ৰিয়েল চেণ্টাৰ পেয়াৰাবণ্ডত থকা বেগম ৰোকিয়াৰ প্ৰতিমূৰ্তি 
 
জনপ্রিয়ভাৱে বেগম ৰোকেয়া নামেৰে পৰিচিত এই নাৰীবাদী চিন্তাবিদগৰাকীয়ে ৰক্ষণশীল পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ বাবে অনেক কথা নিজৰ অভিজ্ঞতাৰ পৰাই শিকিছিল। তেওঁ সৰুৰে পৰা মন কৰিছিল যে তেওঁৰ ভাতৃসকলক পশ্চিমীয়া শিক্ষা গ্রহণ কৰিবলৈ উৎসাহিত কৰা হৈছিল যদিও ছোৱালী হোৱাৰ বাবে তেওঁক সেইক্ষেত্রত বাধা দিয়া হৈছিল। 
 
বেঙ্গল প্রেচিডেন্সীৰ অধীনৰ ৰংপুৰৰ এটা বঙালী মুছলমান পৰিয়ালত ১৮৮০ চনত ৰোকেয়াই জন্মগ্রহণ কৰে। অৱস্থাপন্ন ঘৰৰ যদিও ৰোকেয়াৰ পৰিয়াল আছিল অতি গোঢ়া আৰু তেওঁলোকে পর্দা ব্যৱস্থা কঠোৰভাৱে পালন কৰিছিল। এই প্রথাই মহিলাসকলক সদায় পুৰুষসকলৰ পৰা পৃথককৈ থাকিবলৈ শিকাইছিল। ৰোকেয়াক কোৰাণৰ ব্যাখ্যা কৰিব পৰাকৈ কেৱল উর্দু শিকিবলৈ কোৱা হৈছিল কাৰণ ভবা হৈছিল যে বাংলা বা ইংৰাজী শিকিলে মহিলাসকল অচিনাকি সংস্কৃতি আৰু পশ্চিমীয়া "বদ নৈতিকতা"ৰ দিশে ঢাল খাব। কিন্তু বায়েক কৰিমুন্নেছাৰ সৈতে ৰোকেয়াই গোপনে বাংলা আৰু ইংৰাজী পঢ়িবলৈ আৰু লিখিবলৈ শিকিলে। কিন্তু ভাগ্য কৰিমুন্নেছাৰ প্ৰতি সুপ্রসন্ন নাছিল। মাত্র ১৪ বছৰ বয়সত নিজৰ সকলো ধাউতি আৰু আশা জলাঞ্জলি দি পৰিয়ালৰ হেঁচাত কৰিমুন্নেছা বিবাহ পাশত আৱদ্ধ হ'বলগীয়া হ'ল। বায়েকৰ পঢ়া-শুনাৰ প্ৰতি থকা আগ্রহ অকালতে মৰহি যোৱা ঘটনাই ৰোকেয়াৰ মনত গভীৰ ৰেখাপাত কৰে আৰু এইটোৱেই তেওঁৰ নাৰীবাদী আদর্শক লাহে লাহে গঢ় দিবলৈ আৰম্ভ কৰিলে। 
 
১৮৯৮ চনত আৰু ১৮ বছৰ বয়সত খান বাহাদুৰ সাখাৱত হোছেইনৰ সৈতে ৰোকেয়া বিবাহপাশত আৱদ্ধ হয়। তেওঁ আছিল ভাগলপুৰৰ (বৰ্তমানৰ বিহাৰ ৰাজ্যৰ জিলা) উর্দুভাষী ৩৮ বছৰীয়া উপ-দণ্ডাধীশ। ইংলেণ্ডৰ পৰা কৃষি বিষয়ত স্নাতক ডিগ্রী লাভ কৰা তেওঁ ইংলেণ্ডৰ ৰয়েল এগ্রিকালচাৰেল ছ'চাইটিৰ সদস্য আছিল। প্ৰথমা পত্নীৰ বিয়োগ ঘটাত তেওঁ ৰোকেয়াৰ পাণি গ্ৰহণ কৰে। এজন উদাৰবাদী হিচাপে তেওঁ ৰোকেয়াক বাংলা আৰু ইংৰাজী শিকিবলৈ আৰু লিখিবলৈ উৎসাহিত কৰিছিল। তেওঁৰ পৰামৰ্শ অনুসৰি ৰোকেয়াই সাহিত্য ৰচনাৰ বাবে বাংলা ভাষাক প্রধান ভাষা হিচাপে গ্রহণ কৰে। তেওঁ নিয়মিতভাৱে সৌগত, মহম্মদী, নবপ্রভা, মহিলা, ভাৰতমহিলা, আল-ইছলাম, নৱৰোজ, মাহে নাও, বঙ্গীয় মুছলমান সাহিত্য পত্রিকা, দ্য মুছলমান, ইণ্ডিয়ান লেডিজ মেগাজিন ইত্যাদি পত্রিকা আৰু আলোচনীৰ বাবে লিখিছিল। ১৯০২ চনত 'পিপাসা' (পিয়াহ) শীর্ষক বাংলা ৰচনা এখনেৰে ৰোকেয়াৰ সাহিত্য জীৱন আৰম্ভ হয়। ইয়াৰ পিছত ১৯০৫ চনত 'মতিচুৰ' নামৰ আন এখন আগশাৰীৰ গ্রন্থ প্রকাশ পায়। সেই বছৰতে তেওঁ নিজৰ আটাইতকৈ জনপ্রিয় গ্রন্থ 'চুলতানাৰ সপোন' লিখে; এই গ্রন্থখনত ৰোকেয়াই নিজকে চুলতানা নামৰ এগৰাকী মহিলা হিচাপে কল্পনা কৰি উপন্যাসৰ মূখ্য চৰিত্ৰৰ ৰূপায়ন কৰিছে। 
 
ৰোকেয়া সাখাৱত হোছেইনৰ কেইখনমান গ্ৰন্থৰ বেটুপাত
 
কিতাপখনত চুলতানাই সেই সময়ৰ ভাৰতীয় নাৰীসকলৰ সামাজিক স্থান আৰু অৱস্থাৰ কথাসমূহ ভাৱি থাকোতে এটা সময়ত নিদ্রাদেৱীৰ কোলাত ঢলি পৰে আৰু সাৰ পাই উঠি চিষ্টাৰ চাৰা নামৰ এগৰাকী বিজ্ঞানীৰ সন্মুখীন হয়। চিষ্টাৰ চাৰাই চুলতানাক এখন নাৰীবাদী ইউটোপিয়ালৈ লৈ যায় য'ত নাৰীয়ে বিজ্ঞান, ইতিহাস, ৰাজনীতি ইত্যাদি সকলো ক্ষেত্রতে আধিপত্য বিস্তাৰ কৰাত সফল হৈছে। এই পৃথিৱী আছিল চুলতানা নিজে অভ্যস্ত পৃথিৱীখনৰ পৰা বহু দূৰৈত। কিতাপখনত এগৰাকী 'লেডী প্রিন্সিপাল'ক সর্বমহিলা বিশ্ববিদ্যালয়ৰ মুৰব্বী হিচাবে দেখুওৱা হৈছে। নাৰী বিপ্লৱৰ আগতে তেওঁৰ বৈজ্ঞানিক গৱেষণাক পুৰুষে "ৰাষ্ট্ৰৰ সামৰিক শক্তি বৃদ্ধিতকৈ সমাজ কল্যাণক অধিক গুৰুত্ব দিয়াৰ বাবে "এটা আৱেগিক দুঃস্বপ্ন” বুলি গণ্য কৰিছিল। 
 
লেডী চাইন্সে লিখিছে যে বাস্তৱ জগতত ৰোকেয়াই যি পৰ্যবেক্ষণ কৰিছিল তাৰ পৰা হয়তো অনুপ্রাণিত হৈ এই কথাবোৰ কিতাপখনত লিখিছিল। লেডী চাইন্স হৈছে বিজ্ঞান, প্রযুক্তি আৰু চিকিৎসা বিজ্ঞানত মহিলাৰ ইতিহাসৰ ওপৰত গুৰুত্ব আৰোপ কৰা এখন স্বতন্ত্র আলোচনী। এই আলোচনীখনে ৱেবত মহিলাৰ বিষয়ে লিখিবলৈ এক সুলভ আৰু অন্তর্ভুক্ত মঞ্চ প্ৰদান কৰে। 
 
লেডী চাইন্সে উল্লেখ কৰা মতে "ঔপনিৱেশিক যুগত ভ্রমণকাৰী বিজ্ঞানীসকলে সাম্রাজ্যবাদী সম্প্ৰসাৰণক নিজৰ বৈজ্ঞানিক জ্ঞানৰ ভঁৰাল চহকী কৰিবলৈ ব্যৱহাৰ কৰিছিল। চাবলৈ গ'লে বিশ্বৰ বাকী অংশৰ ওপৰত সামুহিকভাৱে ইউৰোপীয় আধিপত্য জাপি দিয়া হৈছিল। ঘড়ী, টেলিস্কোপ আৰু টেলিগ্রাফ মেচিনৰ আৱিষ্কাৰৰ কাৰণ আছিল যুদ্ধৰ সময়ত নেভিগেট, পর্যবেক্ষণ আৰু যোগাযোগ কৰাৰ প্ৰয়োজনীয়তা। পাৰমাণৱিক বোমাৰ ইতিহাসে আজিও ভূ-ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি আছে। সমগ্র বিশ্বতে সামৰিক বাজেটৰ উত্থান প্ৰতি বছৰে অব্যাহত আছে অথচ বহু দেশৰ অসামৰিক বিজ্ঞানৰ বাজেট স্থবিৰ হৈ পৰিছে।"
 
ৰোকেয়া সখাৱত হোছেইন তেওঁৰ স্বামী খান বাহাদুৰ সাখাৱত হোছেইনৰ সৈতে (১৮৯৮)
 
ঐতিহাসিক সমাজবিজ্ঞানী মহুৱা চৰকাৰে লিখা মতে ঔপনিৱেশিক ভাৰতৰ মুছলমান মহিলাসকলক সম্পূর্ণভাৱে "অদৃশ্য কৰি তোলা হৈছিল"। তেওঁলোক আছিল ভাৰতৰ জাতীয়তাবাদ আৰু ঔপনিৱেশিক শাসনৰ পটভূমিৰ পৰা মচি পেলোৱা এটা গোট আৰু "এটা পিছপৰা, সংখ্যালঘু বা সম্পূর্ণভাৱে অৱহেলিত সম্প্রদায়"। শিক্ষা আৰু পাঠ্যক্ৰমৰ ঐতিহাসিক অন্তর্ভুক্তিৰ বাবে কাম কৰা অনলাইন প্রকাশন 'প্রজেক্ট মাইঅ'পিয়া'ই লিখিছে যে ৰোকেয়াৰ কিতাপসমূহ সেই সময়ত প্রকাশ পাইছিল যেতিয়া বংগত ছোৱালীৰ শিক্ষা আছিল তেনেই সীমিত বেছিভাগেই আছিল ঘৰুৱা বৃত্তি বা নির্দিষ্ট ধর্মীয় শাখাত সীমাবদ্ধ। ৰোকেয়াৰ বাবে মুছলমান মহিলাৰ শিক্ষাই আছিল তেওঁলোকৰ মুক্তিৰ চাবিকাঠি। ১৯০৯ চনত স্বামীৰ হঠাতে মৃত্যু হোৱাত ৰোকেয়াই নিজৰ বিশ্বাসৰ বাবেই স্বর্গীয় স্বামীৰ স্মৃতিত মুছলমান ছোৱালীৰ বাবে ভাৰতৰ প্ৰথমখন বিদ্যালয় স্থাপন কৰিবলৈ আগবাঢ়ি আহে। স্কুলখনৰ নাম আছিল ভাগলপুৰৰ (এতিয়া বিহাৰত) সাখাৱত মেম'ৰিয়েল গার্লছ হাইস্কুল। স্কুলখন স্থাপনৰ বাবে ৰোকেয়াই স্বামীয়ে তেওঁলৈ এৰি থৈ যোৱা ১০ হাজাৰ টকাৰ উপৰি নিজৰ উদ্যোগতো কিছু টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
 
শুনা যায় যে ঘৰে ঘৰে গৈ ৰোকেয়াই নিজৰ ছোৱালীক শিক্ষিত হ'বলৈ নিদিয়া পৰিয়ালৰ পৰা কণমানি ছোৱালীবোৰক নিজৰ স্কুললৈ আনিছিল। বেছিভাগ অভিভাৱকৰ চৰ্ত আছিল যে তেওঁলোকৰ ছোৱালীৰ বাবে পর্দাপ্রথা কঠোৰভাৱে মানি চলিব লাগিব। ৰোকেয়াই এই চৰ্ত আখৰে আখৰে মানিছিল। ১৯১১ চনত আঠগৰাকী ছাত্ৰীৰে বিদ্যালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল; সময়ৰ লগে লগে এই সংখ্যা লাহে লাহে বৃদ্ধি পায়। অভিভাৱকক দিয়া প্রতিশ্রুতি পালন কৰিবলৈ ৰোকেয়াই ছোৱালীকেইগৰাকীক স্কুললৈ অহা-যোৱা কৰিবলৈ ঘোঁৰাগাড়ীৰ ব্যৱস্থা কৰি দিছিল যাতে পর্দাপ্রথাই তেওঁলোকক ৰক্ষণাবেক্ষণ দিব পাৰে। 
 
স্থানীয় বাসিন্দাসকলৰ তীব্র বিৰোধিতা সত্ত্বেও কলকাতালৈ স্থানান্তৰিত হোৱাৰ পাছত ২৪ বছৰ ধৰি বিদ্যালয়খন ৰোকেয়াই চলাইছিল। স্কুলৰ ছাত্ৰীসকলে বাংলা, ইংৰাজী, উর্দু, আৰু পাৰ্চী ভাষাৰ পাঠ শিকাৰ লগতে শাৰীৰিক শিক্ষা, সংগীত, ৰন্ধা-বঢ়া, প্রাথমিক চিকিৎসা, নার্চিং আদিৰ দৰে কাম-কাজ সমূহো শিকিছিল। ৰোকেয়াই ব্যক্তিগতভাৱে বিদ্যালয়খনৰ সকলো কাম-কাজ চোৱাচিতা কৰিছিল আৰু শিক্ষক প্রশিক্ষণত সক্রিয় অংশ লৈছিল। 
 
ৰোকেয়াই তেওঁৰ স্বর্গীয় স্বামীৰ স্মৃতিত মুছলমান ছোৱালীৰ বাবে ভাৰতত স্থাপন কৰা প্ৰথমখন বিদ্যালয় (এতিয়া বিহাৰত) সাখাৱত মেম'ৰিয়েল গার্লছ হাইস্কুল
 
১৯২৬ চনত ৰোকেয়াই কলকাতাত আহ্বান কৰা বংগ মহিলা শিক্ষা সম্মিলনৰ সভাপতিত্ব কৰে; ই আছিল মহিলাৰ শিক্ষাৰ অধিকাৰৰ সমৰ্থনত মহিলাসকলক একত্ৰিত কৰাৰ প্ৰথম উল্লেখযোগ্য প্রচেষ্টা। ভাৰতীয় মহিলা সম্মিলনৰ সময়ত এক অধিবেশনৰ সভাপতিত্ব কৰাৰ পিছত আৰু মৃত্যুৰ আগলৈকে তেওঁ নাৰীৰ উন্নতিৰ সম্পৰ্কে বিতৰ্ক আৰু সন্মিলনত জড়িত আছিল। ৰোকেয়াই মহিলা শিক্ষাৰ মৰ্যাদাৰ বিষয়ে আলোচনা কৰিবলৈ আৰু তর্ক প্রতিযোগিতা আৰু সম্মিলন অনুষ্ঠিত কৰিবলৈ 'আঞ্জুমান-ই-খাৱাটিন-ই- ইছলাম' বা ইছলামিক মহিলা সংস্থাও স্থাপন কৰে। 
 
ইফালে পৰৱৰ্তী সময়ৰ তেওঁৰ সাহিত্যিক কৰ্মৰাজিসমূহে সমাজৰ আগত মহিলা শিক্ষাৰ প্ৰতি থকা তেওঁৰ অগাধ বিশ্বাস জ্বলজ্বল-পটপটকৈ ডাঙি ধৰিবলৈ সক্ষম হয়। 'পদ্মৰাগ' (১৯২৪) নামৰ উপন্যাসখনত ৰোকেয়া হুছেইনে তাৰিণী ভৱন নামৰ সৰ্বমহিলা কৰ্মচাৰীৰ এখন মহিলা স্কুল আৰু বর্ডিং হাউচৰ কাহিনী উল্লেখ কৰিছে। কাহিনীৰ এই শিক্ষা প্রতিষ্ঠানটো "শিক্ষাৰ ক্ষেত্ৰত ধৰ্মনিৰপেক্ষ তথা দৃষ্টিভংগীৰে আছিল বৈপ্লৱিক। প্রতিষ্ঠানটোৰ একমাত্র লক্ষ্য আছিল স্থানীয় বালিকা আৰু মহিলা সকলক শ্রেণী, ধর্ম বা জাতি নির্বিশেষে সমান সুযোগ প্ৰদান কৰা"। ইফালে 'অৱৰোধভাষিনী' বা 'দ্য কনফাইণ্ড উইমেন'ত (১৯৩১) পর্দাপ্রথাই নাৰীৰ জীৱন আৰু আত্মসন্মান কেনেদৰে ক্ষতিগ্রস্ত কৰে সেই বিষয়ে ৰোকেয়াই লিখিছিল। তেওঁৰ মতে শিক্ষা কেৱল অত্যাচাৰৰ পৰা ৰক্ষা পাব পৰা পথ নহয় ঔপনিৱেশিক শাসন, ধর্মীয় উগ্রবাদ আৰু জাতিবাদক মষিমূৰ কৰাৰ চাবিকাঠিও।
 
"যেতিয়াই কোনো মহিলাই মূৰ ওপৰলৈ তুলিবলৈ চেষ্টা কৰে, তেতিয়াই ধর্ম বা পবিত্র শাস্ত্ৰৰূপী অস্ত্র-শস্ত্রসমূহে তেওঁৰ মূৰত আঘাত কৰে... পুৰুষে সেই শাস্ত্ৰবোৰক আমাক আন্ধাৰলৈ ঠেলি বশ কৰিবলৈ ঈশ্বৰৰ বাণী হিচাপে প্ৰচাৰ কৰে...সেই শাস্ত্ৰবোৰ পুৰুষে নিৰ্মাণ কৰা ব্যৱস্থাৰ বাহিৰে আন একো নহয়। পুৰুষ সন্তৰ পৰা আমি শুনা বাণীবোৰ যদি মহিলা সন্তসকলে ক'লেহেঁতেন তেন্তে সেইসমূহ নিশ্চয় বেলেগ হ'লহেঁতেন। ... ধর্মই কেৱল নাৰীক চাৰিওফালে দাসত্বৰ শিকলিৰে চেপিব খোজে আৰু নাৰীৰ ওপৰত পুৰুষৰ আধিপত্যক ন্যায্যতা প্ৰদান কৰে"-- ৰোকেয়া হোছেইনে এই কথাফাঁকি উল্লেখ কৰিছিল। 
 
বাংলাদেশত উদযাপন কৰা 'ৰোকেয়া দিৱস'
 
পাকিস্তান আৰু বাংলাদেশ সৃষ্টিৰ বহু আগতেই ১৯৩২ চনত এই মহীয়সীগৰাকীৰ মৃত্যু হয়। প্ৰতি ডিচেম্বৰ মাহৰ ৯ তাৰিখ বাংলাদেশত 'ৰোকেয়া দিৱস' হিচাপে পালন কৰা হয় আৰু তেওঁক সকলোৱে অবিভক্ত বংগৰ নাৰীবাদী বিপ্লৱৰ জননী হিচাপে গণ্য কৰে। বিশ্ববিদ্যালয় সমূহৰ পৰাও তেওঁৰ নামত বিভিন্ন বঁটা ব্যতিক্রমী কৃতিত্ব প্ৰদৰ্শন কৰা মহিলাসকলক প্ৰদান কৰা হয়। ২০০৪ চনত বিবিচিয়ে কৰা সৰ্বকালৰ শ্ৰেষ্ঠ বাঙালীৰ সমীক্ষাত ৰোকেয়াই ৬ নম্বৰ স্থান লাভ কৰে। 
 
ইতিহাসবিদ অমলেন্দু দেৰ প্ৰচেষ্টাত কলকাতাৰ ওচৰৰ সোদপুৰত ৰোকেয়াৰ সমাধি পুনৰ আৱিষ্কাৰ হয়। ই সোদপুৰৰ পানীহাটী ছোৱালী হাইস্কুলৰ চৌহদৰ ভিতৰত অৱস্থিত। ঢাকা বিশ্ববিদ্যালয়ৰ 'ৰোকেয়া হল'ৰ চৌহদত বংগৰ অগ্ৰণী নাৰীবাদী হিচাপে তেওঁৰ প্ৰতিমূর্তি স্থাপন কৰাৰ লগতে বাংলাদেশত বিশ্ববিদ্যালয়, ৰাজহুৱা ভৱন আৰু এটা ৰাষ্ট্ৰীয় বঁটা তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। চুফিয়া কামাল, তাহমিমা আনম আৰু অন্যান্যকে ধৰি বহু পিছৰ প্ৰজন্মৰ মহিলা লেখিকাৰ বাবে ৰোকেয়া হোছেইন আছিল এক প্ৰেৰণাৰ উৎস।
 
একবিংশ শতিকাতো 'চুলতানাৰ সপোন' এতিয়াও বহু দূৰৈত থকা যেন অনুভৱ হয় -- বিশেষকৈ ভাৰতত মুছলমান মহিলাসকল কর্মসংস্থাপন, শিক্ষা আদি বহুত ক্ষেত্ৰত গুৰুতৰ বৰ্জনৰ সন্মুখীন হৈয়েই আছে। কিন্তু সূক্ষ্মভাৱে পর্যৱেক্ষণ কৰিলে দেখা যায় যে দেশৰ বিভিন্ন চুকে-কোণে অহর্নিশ মহিলাসকল শিক্ষা, বিজ্ঞান, আৰু ৰাজনীতিত নিজৰ উচিত স্থানৰ হকে নিৰন্তৰ যুঁজিব ধৰিছে। চুলতানাৰ সপোনৰ এই প্ৰকাশ অন্তঃসলীলা ফল্গুধাৰা। এই সৰু-সৰু যুঁজবোৰেই হয়তো আমাক এদিন এখন নতুন সংস্কৰণৰ 'লেডীলেণ্ড'লৈ আগুৱাই লৈ যাব। 
 
(লেখক পংকজ কুমাৰ নেওগ হৈছে ওমানৰ ৰাজধানী মাস্কাট নিৱাসী এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ তৈল অভিযন্তা আৰু ভাৰতৰ অ’এনজিচি আৰু অইলৰ প্ৰাক্তন তৈল অভিযন্তা। তেওঁ বৰ্তমান অসমৰ বিভিন্ন অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ এগৰাকী নিয়মীয়া স্তম্ভ লেখক)