অপৰাধৰ ৰম্যভূমি ছিৱানত হিজাব পৰিধান কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে হিনা চাহাব

Story by  atv | Posted by  Munni Begum • 14 d ago
 লোকসভা নিৰ্বাচনৰ এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত হিনা চাহাবে ভাষণ দি থকা এক মূহুৰ্ত
লোকসভা নিৰ্বাচনৰ এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত হিনা চাহাবে ভাষণ দি থকা এক মূহুৰ্ত
 
সেৰাজ আনোৱাৰ / পাটনা
 
বিহাৰৰ ৰাজধানী পাটনাৰ পৰা ১৩১ কিলোমিটাৰ নিলগত অৱস্থিত অপৰাধৰ ৰম্যভূমি বুলি পৰিচিত ছিৱানৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে হিনা চাহাবে। তেওঁ হৈছে কথিত মাফিয়া ডন মহম্মদ ছাহাবুদ্দিনৰ পত্নী। এসময়ত নক্সালবাদৰ সৈতে যুঁজি থকা ছিৱানৰ এজন কথিত 'ৰবিন হুড' হিচাপে উন্মেষ ঘটিছিল এই গৰাকী মাফিয়া ডনৰ। প্ৰয়াত মহম্মদ চাহাবুদ্দিন দীৰ্ঘদিন ধৰি ছিৱান লোকসভা সমষ্টিৰ সাংসদ হৈ আছিল। তেওঁ এই সমষ্টিৰ পৰা চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।   
 
মহম্মদ চাহাবুদ্দিনক লালু প্ৰসাদৰ দল ৰাষ্ট্ৰীয় জনতা দলৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হৈছিল, সেয়েহে তেওঁৰ পৰিয়ালৰ লোকসকল আশাবাদী আছিল যে, মহম্মদ চাহাবুদ্দিনৰ পত্নী হিনা চাহাবক এই দলৰ পৰাই টিকট দিয়া হ'ব। কিন্তু এনেকুৱা নোহোৱাৰ বাবে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। বিহাৰৰ ৪০খন আসনৰ ভিতৰত সকলোৱে ছিৱানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।
 
হিজাব পৰিধান কৰি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী মুছলমান মহিলা হৈছে হিনা চাহাব। ছিৱানৰ পৰা প্ৰতিদ্বন্দিতা কৰা প্ৰথমগৰাকী মুছলমান সাংসদ আছিল মহম্মদ ইউছুফ। বিহাৰৰ প্ৰথমজন মুছলমান মুখ্যমন্ত্ৰী আব্দুল গাফুৰেও এই সমষ্টিৰ পৰা এবাৰ লোকসভাত উপস্থিত হৈছে। ১৯৯৬ চনৰ পৰা ২০০৯ চনলৈ হিনা চাহাবৰ প্ৰয়াত স্বামী মহম্মদ চাহাবুদ্দিন একেৰাহে চাৰিবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
 
ভোটাৰসকলৰ সৈতে হিনা চাহাব
 
হিনা চাহাবেও লালু প্ৰসাদৰ দলৰ পৰা লোকসভা নিৰ্বাচনত তিনিবাৰকৈ নিজৰ ভাগ্য পৰীক্ষা কৰিছিল। এইটো বেলেগ কথা যে তেওঁ এবাৰো জয় লাভ কৰা নাছিল। ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে তেওঁৰ সম্পৰ্ক মধুৰ নাছিল বাবেই এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হিনা চাহাবে। ২৫ মে'ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব।  
 
মাফিয়া ডন হিচাপে খ্যাত মহম্মদ চাহাবুদ্দিনে চাৰিবাৰ সাংসদ আৰু দুবাৰকৈ বিধায়ক হৈছিল। চি পি আই (এম এল)ৰ কৰ্মী ছোটে লাল গুপ্তাক অপহৰণ কৰি নিৰুদ্দেশ কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে চাহাবুদ্দিনক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল। 
 
তাৰ পাছত ২০০৯ চনৰ লোকসভা নির্বাচনত প্রথমবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতা দলে তেওঁৰ পত্নী হিনা চাহাবক ছিৱানৰ পৰা নিজৰ প্রার্থী হিচাপে মনোনীত কৰিছিল৷ ২০১৪ আৰু ২০১৯ চনত হিনা চাহাবেও লালু প্ৰসাদৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, যদিও ফলাফলত কোনো ধৰনৰ সলনি হোৱা নাছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিহাৰৰ ৪০টা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা একমাত্ৰ মুছলমান মহিলা হৈছে হিনা চাহাব।     
 
হিনা চাহাবৰ এটা ভিডিঅ' ভাইৰেল হৈছে। যাৰ বাবে লালু প্ৰসাদৰ উদ্বিগ্নতাও কিছু বৃদ্ধি পাইছে। এই ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে তেওঁ স্বামী মহম্মদ চাহাবুদ্দিন আৰু আৰজেডিৰ কথা উল্লেখ কৰিছে। ভিডিঅ'টোত লালু পৰিয়ালে তেওঁক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। বৰ্তমান হিনা চাহাবৰ নিৰ্বাচনী প্ৰচাৰ পূৰ্ণগতিত চলি আছে। 
 
ছিৱান জংচন
 
হিনা চাহাবে কৈছে, চাহেবে (মহম্মদ চাহাবুদ্দিন) যিটো দল (আৰ জে ডি)ক শূণ্যৰ পৰা ওপৰলৈ উঠাইছিল, তেওঁৰ মৃত্যুৰ পিছত তেওঁলোকে (লালু পৰিয়ালে) আমাক অৱহেলা কৰিছে। হিনা চাহাব আৰু আৰজেডিৰ মাজৰ দূৰত্ব ইমানেই বাঢ়ি গ’ল যে তেওঁ নিজৰ পথ সলনি কৰি লবলৈ বাধ্য হয়। মহম্মদ চাহাবুদ্দিনৰ মৃত্যুৰ পিছতো এই পৰিয়ালটোৱে ছিৱানৰ ৰাজনীতিত নিজৰ দখল অটুট ৰাখিছে।   
 
মিত্ৰজোঁটৰ ২৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰজেডিয়ে। হিনা চাহাবৰ পৰা কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাৰ বাবে লালু প্ৰসাদে আৱধ বিহাৰী চৌধাৰীক দলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। ছিৱানত জেডিইউৰ কোটাৰ পৰা যুঁজত নামিছে এনডিএৰ প্ৰাৰ্থী বিজয়লক্ষ্মী কুশৱাহা। এইবাৰ ছিৱান লোকসভা সমষ্টিত তিনিটা বৃহৎ দল আৰজেডি, কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী আবদ্ধ হৈ ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাত নামিছে। 
 
ছিৱানত মুছলিম ৰাজনীতিয়ে নিৰ্বাচনত প্ৰভাৱ পেলাব নোৱাৰে। উচ্চ হিন্দু জাতিয়েহে নিৰ্বাচনী ৰাজনীতিত প্ৰভাৱ পেলায়। নব্বৈৰ দশকত বিহাৰৰ ৰাজনীতিত পৰিৱৰ্তনৰ সময় আছিল। সেই সময়ত ছিৱানত বিধায়ক সক্ৰিয় হৈ উঠিছিল। ছিৱানেও নক্সালবাদৰ সৈতে যুঁজি আছিল। এই সময়ছোৱাত ছিৱানত  মহম্মদ চাহাবুদ্দিনে ৰাজনীতিৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল।  
 
১৯৯০ চনত মহম্মদ চাহাবুদ্দিনে জিৰাদৈ বিধানসভাৰ আসনৰ বাবে ছিৱান জেলৰ পৰা প্ৰথম নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জয় লাভ কৰিছিল। ৫ বছৰ বিধায়ক হোৱাৰ পিছত চাহাবুদ্দিনে লালু প্ৰসাদৰ সমৰ্থন লাভ কৰিছিল। ১৯৯৫ চনৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় জনতা দলৰ টিকটত দ্বিতীয়বাৰৰ বাবে জিৰাদৈৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় চাহাবুদ্দিন। ইয়াৰ এবছৰৰ পাছত ১৯৯৬ চনৰ লোকসভা নিৰ্বাচনত আৰজেডিয়ে ছিৱানৰ পৰা চাহাবুদ্দিনক টিকট প্ৰদান কৰিছিল আৰু তেওঁ বিজয় সাব্যস্ত কৰি লোকসভাত উপস্থিত হৈছিল। 
 
ছিৱানৰ মহিলা ভোটাৰৰ সৈতে হিনা চাহাব
 
লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত হিনা ছাহাবে কয়, "যিদৰে হাতৰ পাঁচোটা অঙুলি সমান নহয়, তেনেদৰে সকলো মানুহৰে ধাৰণা আৰু অনুভূতিও একে নহয়।" হিনা শ্বাহবে মহিলাসকলৰ বিশ্বাস জয়ী কৰিবলৈ কয় যে, মই এনে এটা পৰিয়ালৰ পৰা আহিছোঁ, যিটো পৰিয়ালে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি বাস্তৱায়তো কৰে।  
 
উল্লেখ্য যে, ছিৱান হৈছে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু মৌলানা মজহাৰুল হকৰ জন্মভূমি। এই জিলাখন স্বাধীনতা সংগ্ৰামত হিন্দু আৰু মুছলমানসকলৰ এক উমৈহতীয়া ঐতিহ্য হিচাপে পৰিগণিত হৈছে। এই জিলাখনে দেশক প্ৰথমগৰাকী ৰাষ্ট্ৰপতি প্ৰদান কৰিছিল।  ৰাজেন্দ্ৰ বাবুৰ জন্ম ১৮৮৪ চনৰ ৩ ডিচেম্বৰত বিহাৰৰ তদানীন্তন সাৰণ জিলা (বৰ্তমান ছিৱান)ৰ জিৰাদেই নামৰ গাঁৱত হৈছিল । 
 
তেওঁৰ পিতৃ মহাদেৱ সংস্কৃত আৰু পাৰ্চী ভাষাৰ পণ্ডিত আছিল। মাতা কমলেশ্বৰী দেৱী আছিল এগৰাকী ভকত নাৰী। ছিৱানৰ মহান স্বাধীনতা সংগ্ৰামী মৌলানা মজহাৰুল হকৰ এই স্থানৰ সৈতেও গভীৰ সম্পৰ্ক আছে। ১৮৬৬ চনৰ ২২ ডিচেম্বৰত মৌলানা মজহাৰুল হকৰ জন্ম পাটনা জিলাৰ মানেৰ থানা এলেকাৰ ব্ৰহ্মপুৰৰ এটা জমিদাৰৰ পৰিয়ালত হৈছিল।