ভাৰতৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা মল্লযুঁজাৰু হামিদা বানুক গুগলৰ বিৰল সন্মান

Story by  atv | Posted by  [email protected] • 13 d ago
ভাৰতৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা মল্লযুঁজাৰু হামিদা বানু
ভাৰতৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা মল্লযুঁজাৰু হামিদা বানু
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

গুগলে আজি ভাৰতৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা মল্লযুঁজাৰু হামিদা বানুৰ সফলতাক উদযাপন কৰিছে। বাংগালুৰুৰ শিল্পী দিব্যা নেগীয়ে চিত্ৰিত কৰা গুগলৰ ডুডলত স্থানীয় উদ্ভিদ আৰু প্ৰাণীৰে আগুৰি থকা হামিদা বানুক চিত্ৰিত কৰা হৈছে। ইয়াৰ উপৰিও ১৯৪০ আৰু ৫০ চনত পুৰুষৰ আধিপত্য থকা খেল এখনত এগৰাকী মহিলাৰ প্ৰৱেশকো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।
 
গুগল ডুডলৰ বিৱৰণীত লিখা আছে যে এই ডুডলে ভাৰতৰ মল্লযুঁজাৰু হামিদা বানুৰ কেৰিয়াৰ আৰু সফলতাক উদযাপন কৰে, যিগৰাকীক বহুলভাৱে ভাৰতৰ প্ৰথম পেছাদাৰী মহিলা মল্লযুঁজাৰু হিচাপে গণ্য কৰা হয়।
 
উল্লেখ্য যে, ভাৰতৰ প্ৰথম মহিলা মল্লযুঁজাৰু হিচাপে বহুলভাৱে গণ্য কৰা হামিদা বানুৰ জন্ম হৈছিল ১৯০০ চনৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ আলিগড়ৰ ওচৰত। ১৯৪০ আৰু ১৯৫০ চনলৈ তেওঁ মল্লযুঁজৰ কেৰিয়াৰত ৩০০ৰো অধিক প্ৰতিযোগিতাত জয়লাভ কৰিছিল। ৪ মে’ক শ্ৰীমতী বানুক সন্মান জনোৱাৰ দিন হিচাপে বাছি লোৱা হৈছিল, কাৰণ ১৯৫৪ চনৰ আজিৰ দিনটোতে তেওঁ বিখ্যাত মল্লযুঁজাৰু বাবা পাহলৱানক প্ৰত্যাহ্বান জনাই পৰাস্ত কৰিছিল। ইয়াৰ পিছত তেওঁ পেছাদাৰী মল্লযুঁজৰ পৰা অৱসৰ লয়।
গুগলে লিখিছে যে, “১৯৫৪ চনৰ আজিৰ দিনটোতে বানুয়ে চমকপ্ৰদ জয়েৰে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিছিল। তেওঁ বিখ্যাত মল্লযুঁজাৰু বাবা পহলৱানক মাত্ৰ ১ মিনিট ৩৪ ছেকেণ্ডত পৰাস্ত কৰিছিল।”
 
হামিদা বানুৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ আলিগড়ৰ সমীপৰ এটা মল্লযুঁজাৰু পৰিয়ালত। সেয়া আছিল ১৯০০ চনৰ আৰম্ভণিৰ কথা। প্ৰচলিত সামাজিক নীতি-নিয়ম অনুসৰি এথলেটিকছত মহিলাৰ অংশগ্ৰহণ নিষিদ্ধ থকাৰ সময়ত তেওঁ মল্লযুঁজৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। খেলক লৈ তেওঁ অত্যন্ত আবেগিক আছিল আৰু পুৰুষৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। হামিদা বানুৱে সকলো পুৰুষ মল্লযুঁজাৰুৰ সন্মুখত মুকলি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। সেই সময়ত বানুৱে পুৰুষ মল্লযুঁজাৰুসকলক প্ৰত্যাহ্বান দিছিল যে তেওঁক যিয়ে পৰাস্ত কৰিব, তেওঁ সেইজনৰ সৈতেই বিবাহপাঁশত আৱদ্ধ হ'ব।”
তেওঁৰ কেৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনলৈও বিস্তৃত হৈছিল, আৰু তেওঁ ৰাছিয়াৰ এগৰাকী মহিলা মল্লযুঁজাৰু ভেৰা চিষ্টিলিনৰ বিৰুদ্ধে দুই মিনিটতকৈও কম সময়ত জয়লাভ কৰিছিল। গুগলে লিখিছে, "বছৰ বছৰ ধৰি তেওঁৰ নাম বাতৰি কাকতৰ শিৰোনামত প্ৰকাশ পাইছিল, আৰু তেওঁ "আলিগড়ৰ আমাজন" নামেৰে পৰিচিত হৈছিল।
 
ইয়াত লগতে কোৱা হৈছে যে, "হামিদা বানু তেওঁৰ সময়ৰ এগৰাকী পথ প্ৰদৰ্শক আছিল, আৰু তেওঁৰ নিৰ্ভীকতাক সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্বতে স্মৰণ কৰা হয়"। ইফালে, গুগলৰ ডুডলৰ বিষয়ে শিল্পী দিব্য নেগীয়ে কয় যে তেওঁ সেই সময়ৰ ৰক্ষণশীল নীতি-নিয়মৰ বিৰুদ্ধে হামিদা বানুৰ যুঁজৰ পৰা অনুপ্ৰাণিত হৈছিল।