নতুন প্ৰজন্মক কিদৰে মানসিক শান্তিৰ পথ দেখুৱাইছে জুলেখা শকুৰ ৰজনিয়ে?

Story by  atv | Posted by  Munni Begum • 37 m ago
জুলেখা শকুৰ ৰজনি
জুলেখা শকুৰ ৰজনি
 
ছানিয়া আঞ্জুম
 
সাধাৰণতে এটা 'স্ক্ৰল’ মাত্ৰ কেইছেকেণ্ডমানৰ বাবেহে থাকে। আমাৰ মনৰ সাধাৰণ হেঁপাহে লগে লগে উত্তৰ বিচাৰে। আমি তাৎক্ষণিক সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি এক সংস্কৃতি গঢ়ি তুলিছোঁ আৰু তাৰ পিছত ভাবি আচৰিত হওঁ যে ধৈৰ্য্য, আত্ম-উপলব্ধি আৰু আৱেগ নিয়ন্ত্ৰণ কৰাটো কিয় ইমান কঠিন যেন লাগে। জুলেখা শুকুৰ ৰজানীয়ে এই প্ৰক্ৰিয়াটো কিছু মন্থৰ কৰিব বিচাৰে।
 
বেংগালুৰুৰ 'উম্মীদ কাউন্সেলিং চেণ্টাৰ'ৰ পৰামৰ্শদাতা তথা আধ্যাত্মিক মনোবিজ্ঞানী, ক্লিনিকেল ডিৰেক্টৰ আৰু ইছলামিক চাইক'লজী বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত ৰজনিয়ে এক ব্যতিক্ৰমী অথচ বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক দিশত কাম কৰে। সেয়া হ'ল- মনোবিজ্ঞান আৰু বিশ্বাসৰ সমন্বয়। 
 
 
৮,০০০ ঘণ্টাতকৈও অধিক সময়ৰ ক্লিনিকেল প্ৰেকটিছৰ অভিজ্ঞতাৰে সমৃদ্ধ ৰজনিয়ে পৰামৰ্শদান, মনো-শিক্ষা, মেণ্টৰিং আৰু পেছাদাৰী প্ৰশিক্ষণৰ লগতে ইছলামিক মনোবিজ্ঞানৰ আধাৰত মানৱ সত্তাক বুজি পোৱাৰ প্ৰয়াস কৰি আহিছে।
 
যুৱপ্ৰজন্মৰ প্ৰতি তেওঁৰ বাৰ্তা অতি সৰলঃ নিজৰ জীৱনটো সলনি কৰিবলৈ যোৱাৰ আগতে, প্ৰথমে নিজকে বুজিবলৈ চেষ্টা কৰা। ৰজনিৰ বাবে মনোবিজ্ঞান আৰু ইছলামিক মনোবিজ্ঞানৰ এই যাত্ৰা কোনো এটা নিৰ্দিষ্ট মুহূৰ্তৰ সিদ্ধান্ত নাছিল। শৈশৱৰ পৰাই তেওঁৰ মনত থকা দুটা বিশেষ আগ্ৰহৰ পৰাই ই গঢ় লৈ উঠিছিল।
 
"আল্লাহে মোৰ প্ৰতি ৰহম কৰিছে। মই আল্লাহৰ ওচৰত কৃতজ্ঞ," তেওঁ কয়। এক ইছলামিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা আৰু পৰিয়ালৰ জৰিয়তে বিদ্বান লোকসকলৰ সান্নিধ্য লাভ কৰা ৰজনিয়ে ইছলামৰ সমান্তৰালকৈ মনোবিজ্ঞানৰ প্ৰতিও আকৰ্ষিত হৈছিল। তেওঁ নিজৰ সামৰ্থ্য আৰু সুযোগবোৰক 'চলাহিয়াহ' অৰ্থাৎ আল্লাহে মানুহক প্ৰদান কৰা ক্ষমতাৰ ধাৰণাৰে বৰ্ণনা কৰে আৰু বিশ্বাস কৰে যে পৰৱৰ্তী সময়ত লাভ কৰা সুযোগবোৰেই তেওঁৰ এই পথ নিৰ্ধাৰণ কৰিছিল।
 
এই সুযোগবোৰে পৰৱৰ্তী সময়ত তেওঁক ভাৰতৰ বাহিৰলৈ লৈ গৈছিল। কেমব্ৰিজ মুছলিম কলেজত তেওঁ ইছলামিক মনোবিজ্ঞান অধ্যয়ন কৰিছিল আৰু এক নিৰ্বাচিত আন্তঃৰাষ্ট্ৰীয় গোটৰ সৈতে লগ হৈ তত্ত্ব আৰু ব্যৱহাৰিক দুয়োটা দিশৰ অভিজ্ঞতা লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ 'খলিল চেণ্টাৰ'ৰ জৰিয়তে প্ৰশিক্ষণ লয়, য'ত চিকাগো আৰু ইস্তানবুলত ক্লিনিকেল ইছলামিক চাইক'লজীৰ অভিজ্ঞতাও অন্তৰ্ভুক্ত আছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ তাজকিয়াহ থেৰাপী, ইছলামিক মনোবিজ্ঞান আৰু বৈবাহিক পৰামৰ্শদানৰ বিশেষ প্ৰশিক্ষণো গ্ৰহণ কৰে। তেওঁৰ শৈক্ষিক অৰ্হতাৰ ভিতৰত আছে মাউণ্ট কাৰ্মেল কলেজৰ পৰা মনোবিজ্ঞান, সাংবাদিকতা আৰু ইংৰাজী সাহিত্যত BA আৰু বেংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত M.Sc. ডিগ্ৰী।
 
প্ৰায় পাঁচ-ছবছৰ মানৰ আগৰ পৰা ইছলামিক মনোবিজ্ঞানৰ ক্ষেত্ৰখনত তেওঁৰ পেছাদাৰী যাত্ৰাই এক নিৰ্দিষ্ট ৰূপ ল'বলৈ আৰম্ভ কৰে। বৰ্তমান তেওঁৰ কামৰ পৰিসৰ ক্লিনিকেল প্ৰেকটিছ, গৱেষণা, তত্ত্বাৱধান আৰু প্ৰশিক্ষণলৈকে বিস্তৃত। তেওঁ 'আল বালাঘ একাডেমী'ত এগৰাকী ফেচিলিটেটৰ আৰু শিক্ষয়িত্ৰী হিচাপে কাম কৰাৰ লগতে 'ইণ্টাৰনেচনেল ষ্টুডেণ্টছ অৱ ইছলামিক চাইক'লজী ইণ্ডিয়া'ৰ কাৰ্যবাহী উপদেষ্টা সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। ৰজনিৰ মতে, এই ক্ষেত্ৰখনৰ ক্ৰমৱৰ্ধমান প্ৰয়োজনীয়তা ভাৰতৰ মানসিক স্বাস্থ্যৰ সজাগতাৰ অৱস্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। "ভাৰতত মানসিক স্বাস্থ্যৰ ধাৰণাটো বৰ দুৰ্বল," তেওঁ কয়।
 
এক অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত জুলেখা শকুৰ ৰজনি
 
যদিও মনোবিজ্ঞানৰ চৰ্চা যথেষ্ট বৃদ্ধি পাইছে, তেওঁ বিশ্বাস কৰে যে মানসিক স্বাস্থ্যৰ যতনক স্বীকৃতি, গ্ৰহণযোগ্যতা আৰু বুজি পোৱাৰ ক্ষেত্ৰত ভাৰতে এতিয়াও বহুদূৰ আগবাঢ়িবলৈ বাকী আছে। মুছলমান সমাজৰ মাজত, মনোবিজ্ঞান আৰু ঈমানৰ মাজৰ সম্পৰ্কক সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে অৰ্থপূৰ্ণ ধৰণে অন্বেষণ কৰাৰ এক বিশেষ সুযোগ তেওঁ দেখা পায়। "মনোবিজ্ঞান আৰু ঈমানক লৈ বহু কথা জানিবলগীয়া আছে," মুছলমান সমাজৰ বাস্তৱ জীৱনৰ লগত খাপ খোৱা পদ্ধতি বিকাশৰ সুযোগৰ কথা আঙুলিয়াই দি তেওঁ এইদৰে কয়।
 
তথাপি সজাগতা সহজেই বিকৃত হ'ব পাৰে। ৰজনিয়ে বিশ্বাস কৰে যে সমাজত মানসিক স্বাস্থ্যৰ ধাৰণা গঢ়ি তোলাত আৰু কেতিয়াবা ইয়াৰ ওপৰত ভ্ৰান্ত ধাৰণা সৃষ্টি কৰাত সংবাদ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। "মানসিক স্বাস্থ্য সম্পৰ্কীয় ভ্ৰান্ত ধাৰণাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে," তেওঁ কয়।
 
তেওঁৰ মতে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল, মানুহে পেছাদাৰী সহায় বিচৰাৰ ক্ষেত্ৰত বহুত বেছি পলম কৰে। জীৱনত এনে কিছুমান পৰ্যায় আহে যেতিয়া সহায় বিচাৰিলে কোনো সমস্যা অধিক গুৰুতৰ হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি, কিন্তু সেই প্ৰয়োজনীয়তা উপলব্ধি কৰাটো এতিয়াও সাধাৰণ কথা হৈ উঠা নাই।
 
তেওঁৰ ক্লিনিকেল কৰ্মজীৱনত তেওঁ দেখিছে যে অৰ্থপূৰ্ণ পৰিৱৰ্তন কেনেকুৱা হ'ব পাৰে। তেওঁৰ বাবে আটাইতকৈ সন্তুষ্টিদায়ক মুহূৰ্তবোৰ হৈছে গভীৰভাৱে মানৱীয়- যেনে, মতানৈক্য দূৰ কৰি এহাল দম্পতীৰ পুনৰ মিলন হোৱা দেখা বা কোনো ব্যক্তিয়ে অতীতৰ মানসিক অৱদমনৰ পৰা ওলাই আহি সুস্থভাৱে জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰা দেখা।
 
অৱশ্যে ভাৰতত এক তুলনামূলকভাৱে নতুন ক্ষেত্ৰ হোৱাৰ বাবে ইয়াৰ আন এটা বাধা আছেঃ পৰ্যাপ্ত প্ৰশিক্ষণপ্ৰাপ্ত পেছাদাৰী লোকৰ অভাৱ। ৰজনিয়ে বিশ্বাস কৰে যে ক্লিনিকেল কৰ্ম আৰু গৱেষণা দুয়োটাৰ জৰিয়তে দায়িত্বসহকাৰে এই ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। "যিমান বেছি মানুহ ওলাই আহিব, সিমানেই ভাল," তেওঁ কয়। যুৱপ্ৰজন্মৰ কথা কওঁতে তেওঁৰ চিন্তা অধিক গভীৰ হৈ পৰে। 
 
জেন-জি (Gen Z) প্ৰজন্ম এনে এটা পৰিৱেশত ডাঙৰ হৈছে য'ত সকলো বস্তুৱেই তৎক্ষণাৎ পাবলৈ আশা কৰা হয়। ছ’চিয়েল মিডিয়াই অহৰহ আনৰ সৈতে নিজৰ তুলনা কৰিবলৈ বাধ্য কৰে; মনোৰঞ্জন বিচৰা মাত্ৰকে উপলব্ধ; খাদ্য, বজাৰ-সমাৰ আৰু যোগাযোগ ব্যৱস্থা ক্ৰমান্বয়ে আমাৰ সুবিধা অনুসৰি গঢ়ি উঠিছে। ইয়াৰ মনস্তাত্ত্বিক পৰিণামস্বৰূপে যুৱপ্ৰজন্মৰ মাজত এক বৰ্ধিত "অস্থিৰতা বা খৰধৰ" দেখা গৈছে বুলি ৰজনিয়ে উল্লেখ কৰে।
 
এক অনঅনুষ্ঠানত জুলেখা শকুৰ ৰজনি
 
"এই প্ৰজন্মৰ মাজত বহুত খৰধৰ দেখা যায়," ধৈৰ্যৰ অভাৱ আৰু 'ড'পামিন হাইজেক'ৰ (dopamine hijack - মগজুৰ ৰাসায়নিক পৰিৱৰ্তন) সৈতে ইয়াক সাঙুৰি তেওঁ এইদৰে পৰ্যবেক্ষণ কৰে। ইয়াৰ সমাধানস্বৰূপে প্ৰযুক্তি বা আধুনিক জীৱনক অস্বীকাৰ কৰাটো তেওঁৰ উত্তৰ নহয়, নিজৰ সত্তাক (self) অধিক গভীৰভাৱে বুজি পোৱাটোহে তেওঁ বিচাৰে। তেওঁ বিশ্বাস কৰে যে যুৱপ্ৰজন্মই নিজৰ নিৰাপত্তাহীনতা, মোহ আৰু তেওঁলোকৰ 'নফছ' (nafs) অৰ্থাৎ অন্তৰ্নিহিত প্ৰৱণতাসমূহে কেনেকৈ তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰে, সেয়া বুজাটো অতি প্ৰয়োজন।
 
সামাজিক তুলনা আন এক গুৰুতৰ চিন্তাৰ বিষয়। আনৰ সজাই তোলা অনলাইন জীৱনৰ সৈতে অহৰহ নিজৰ ৰূপ, কৃতিত্ব, সম্পৰ্ক বা জীৱনশৈলীক তুলনা কৰাৰ প্ৰৱণতাই মানুহৰ আত্মসন্মান আৰু আত্মসন্তুষ্টি নীৰৱে ধ্বংস কৰিব পাৰে।
 
বৰ্তমান সম্পৰ্কবোৰো সলনি হৈছে। স্বামী-স্ত্ৰী আৰু সন্তানৰ মাজৰ আৱেগিক মোহ সম্পৰ্কীয় সমস্যা, সন্তান প্ৰতিপালনৰ চিন্তা, পৰিয়ালৰ সলনি হোৱা ভূমিকা আৰু সীমাৱদ্ধতাক লৈ হোৱা সংঘাতৰ বিষয়ে ৰজনিয়ে আঙুলিয়াই দিছে। এই পৰিৱৰ্তনবোৰে পৰিচয় আৰু সমাজত মহিলাৰ স্থানক লৈ কঠিন প্ৰশ্নৰ সৃষ্টি কৰিছে বুলি তেওঁ কয়।
 
ইয়াতেই তেওঁৰ ইছলামিক মনোবিজ্ঞানৰ ধাৰণাটোৱে পৰম্পৰাগত থেৰাপীত কেৱল ধৰ্মীয় ভাষা সংযোগ কৰাতেই সীমাবদ্ধ নাথাকি এক বহল ৰূপ লয়। তেওঁৰ কামে মানৱ সত্তাক এক বহল জৈৱ-মনস্তাত্ত্বিক-সামাজিক-আধ্যাত্মিক দৃষ্টিকোণেৰে বিশ্লেষণ কৰে, য'ত মনস্তাত্ত্বিক বুজাবুজি, শাৰীৰিক আৰু সামাজিক বাস্তৱতা আৰু আধ্যাত্মিক দিশবোৰৰ একত্ৰীকৰণ ঘটে।
 
এই দৰ্শনে ক্লিনিকৰ বাহিৰতো তেওঁৰ বিস্তৃত কৰ্মৰাজিক প্ৰভাৱিত কৰে। যুৱ বিকাশ, সন্তান প্ৰতিপালন, বৈবাহিক জীৱনৰ উৎকৰ্ষ সাধন, নিচা, আৱেগ নিয়ন্ত্ৰণ, মহিলাৰ মনোবিজ্ঞান, স্থিতিস্থাপকতা আৰু 'নফছ' আদি বিষয় সামৰি ৰজনিয়ে ১০০ৰো অধিক কৰ্মশালা, ৰিট্ৰিট আৰু চেমিনাৰ পৰিচালনা কৰিছে। আধ্যাত্মিকতা, মনোবিজ্ঞান, পৰামৰ্শদান আৰু মনোসামাজিক পুনৰ্সংস্থাপনৰ ওপৰত তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বক্তৃতা প্ৰদান কৰিছে। তেওঁৰ কামত ক্ৰমান্বয়ে মানসিক স্বাস্থ্যৰ বাবে সাংস্কৃতিকভাৱে শিপাই থকা পদ্ধতিৰ বিকাশ আৰু ইছলামিক মনোবিজ্ঞানৰ গৱেষণাৰ ভিত্তি শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে।
 
জুলেখা শকুৰ ৰজনি
 
তেওঁৰ সাম্প্ৰতিক শৈক্ষিক কাম-কাজতো এই দিশটো প্ৰতিফলিত হৈছে। ২০২৬ চনত তেওঁ মুছলমান যুৱপ্ৰজন্মৰ ওপৰত প্ৰযুক্তিৰ প্ৰভাৱ সম্পৰ্কীয় ক্লিনিকেল শিক্ষা, তত্ত্বাৱধান আৰু প্ৰশ্নসমূহ একত্ৰিত কৰি "স্ক্ৰীনৰ যুগত নফছক পুনৰ প্ৰশিক্ষণ: মুছলমান যুৱক-যুৱতীৰ আচৰণগত নিচাৰ বাবে এক TIIP ফ্ৰেমৱৰ্ক" (Retraining the Nafs in the Age of the Screen: A TIIP Framework for Behavioural Addiction in Muslim Youth) শীৰ্ষক গৱেষণা পত্ৰ উপস্থাপন কৰে।
 
২০২৫ চনত 'সৰ্বভাৰতীয় মুছলিম উন্নয়ন পৰিষদ'ৰ দ্বাৰা তেওঁক "৪০ অনূৰ্ধ্বৰ ৪০ জন শীৰ্ষ নেতা"ৰ মাজৰ এজন হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ই তেওঁৰ কেৰিয়াৰত আন এক মাইলৰ খুঁটি সংযোজন কৰে, যি মানসিক স্বাস্থ্যৰ আলোচনাক অধিক সহজলভ্য আৰু সাংস্কৃতিকভাৱে গ্ৰহণযোগ্য কৰি তোলাত কেন্দ্ৰীভূত।
 
ৰজনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপদেশটোৱেই হয়তো আটাইতকৈ সৰল। "পৰিস্থিতি একেবাৰে বেয়া হোৱালৈকে অপেক্ষা নকৰিব," তেওঁ কয়। "এবাৰ পৰামৰ্শ ল'লে সেয়া যথেষ্ট সহায়ক হ'ব পাৰে।" ৰজনিৰ মতে, সহায় বিচৰা মানেই এজন মানুহ বিফল হোৱা নহয়। ই কেৱল নিজৰ ভিতৰত কি ঘটি আছে সেয়া বুজি পোৱাৰ এক সুন্দৰ আৰম্ভণিহে হ'ব পাৰে।
 
বৰ্তমানৰ এই যান্ত্ৰিক যুগত, য'ত প্ৰতিটো ক্ষণতে আমাক নিজৰ কৰ্মদক্ষতা, বাহ্যিক ৰূপ বা সম্পৰ্কবোৰক সৰ্বোত্তম কৰিবলৈ উৎসাহিত কৰা হয়, তাত ৰজনিৰ আটাইতকৈ ব্যতিক্ৰমী পৰামৰ্শটোৱেই হৈছে- অলপ ৰৈ নিজৰ অন্তৰাত্মাৰ ফালে ঘূৰি চোৱা। কাৰণ, তেওঁৰ দৃষ্টিত মানসিক স্বাস্থ্য মানে কেৱল সমস্যাৰ সৈতে যুঁজিবলৈ শিকাটোৱেই নহয়। ই হৈছে বৌদ্ধিক বিকাশ, ব্যক্তিগত উন্নতি, নিজৰ 'নফছ'ক বুজি পোৱা, জীৱনৰ গভীৰ উদ্দেশ্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰা আৰু নিজকে এনে এটা প্ৰশ্ন কৰা যাৰ উত্তৰ কোনো কম্পিউটাৰ এলগৰিথমে আমাক দিব নোৱাৰেঃ "আচলতে আমি কি হৈ গৈ আছোঁ?"