ইছলাম ধৰ্মত মাতৃৰ মৰ্যাদা

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
  মৌলানা নুৰুল আমিন কাছিমী 
 
পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পৰ্কটোৱেই হৈছে মাতৃ। মাতৃ অবিহনে জীৱন অসাৰ। এটি সন্তানক মাক গৰাকীয়ে দহ মাহ দহ দিন গৰ্ভত বহু কষ্টেৰে লালন পালন কৰি প্ৰসৱ কৰে। কিন্তু সন্তান জন্ম হোৱাৰ লগে লগে সকলো দুখ কষ্ট পাহৰি যায়। মাতৃয়ে কেতিয়াও অনুগ্ৰহ  বা স্নেহৰ প্ৰতিদান বিচৰা নাই, বৰঞ্চ সন্তানক  নিজৰ প্ৰাণতকৈও অধিক স্নেহ কৰে । মাতৃৰ মৰম যে অন্তহীন সাগৰৰ দৰে সেয়া এক সৰ্বজনবিদিত। 
 
International Mother's Day
 
এগৰাকী মাতৃৰ সীমাহীন প্ৰেমক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। এই স্নেহ আৰু নিস্বাৰ্থতাৰ সাগৰৰ পৰিসীমা অনুমান কৰা সম্ভৱ নহয়, প্ৰতিটো ধৰ্ম আৰু প্ৰতিটো সভ্যতাই মাতৃক মহান আৰু পবিত্ৰ বুলি ঘোষণা কৰিছে। এগৰাকী মাতৃ হ’ল এক দুৱা যিয়ে সদায় পৰম কৃপাময়ৰ সন্মুখত হাত তুলি ৰাখে আৰু প্ৰতিটো খোজতে সন্তানক ৰক্ষা কৰে। আল্লাহ তাআলাই তেওঁৰ মহত্ব এনেদৰে ৰাখিলে যে নবী হজৰত মহম্মদ ছ: ৰ দ্বাৰা ঘোষণা কৰালে যে, "মাতৃৰ ভৰিৰ তলত সন্তানৰ জন্নাত।" 
 
প্ৰতিনিধিত্বমুলক ছবি
 
ইছলাম ধৰ্মত পিতৃ মাতৃৰ প্ৰতি সদ্ভাৱ আৰু সদয় হবলৈ নিৰ্দেশ কৰা হৈছে। ছুৰা  ইচৰা আয়াত ৪৩ ত কোৱা হৈছে, আল্লাহে নিৰ্দেশ দিয়ে যে তোমালোকে আল্লাহৰ অবিহনে কাৰো ইবাদত নকৰিবা আৰু পিতৃ মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা । যদি তেওঁলোকৰ এজন বা দুয়োজনেই তোমালোকৰ  সন্মুখত বাৰ্ধক্যৰ পৰ্যায়ত উপনীত হয় তেন্তে তেওঁলোকক উফ বুলিও নক'বা আৰু তেওঁলোকক বকাবকি নকৰিবা, কিন্তু তেওঁলোকৰ লগত সৌজন্যতাৰে কথা পাতিবা।" 
 
পবিত্ৰ কোৰাণৰ এই নিৰ্দেশ প্ৰতিজন মুছলমানৰ বাবে বাধ্যতামূলক, সৰ্বশক্তিমান আল্লাহে পিতৃ-মাতৃৰ এই মহানতা আৰু মৰ্যাদা  ৰাখিছে যে যদিও তেওঁলোক কঠোৰ আৰু যন্ত্ৰণাদায়ক হয়, তথাপিও তেওঁলোকক সন্তানে উফ শব্দ কোৱাটোও তেওঁলোকৰ মৰ্যাদাৰ পৰিপন্থী বুলি কোৱা হৈছে।
 
প্ৰতিনিধিত্বমুলক ছবি
 
হাদীছ শ্বৰীফতো মাতৃৰ মৰ্যাদা যথেষ্ট সবলভাৱে বৰ্ণনা কৰা হৈছে। এটি হদীছত আহিছে, এবাৰ এজন ব্যক্তিয়ে নবীজনাক সুধিলে, হে আল্লাহৰ ৰছুল! মই কাৰ সেৱা কৰিম? তেওঁ ক'লে _ মাতৃৰ। মানুজনে সুধিলে, তাৰ পাছত কাৰ? ক'লে, মাতৃৰ। মানুহজনে আকৌ সুধিলে _ তাৰ পাছত কাৰ? ক'লে মাতৃৰ। তেওঁ পুনৰ সুধিলে তাৰ পাছত কাৰ? ক'লে, পিতৃৰ। ইয়াত মন কৰিবলগীয়া বিষয়টো হল, ৰছুলুল্লাহ ছ: এ মাতৃৰ সেৱাৰ কথা তিনিবাৰ ক'লে। ইয়াৰ দ্বাৰাই মাতৃৰ মৰ্যদা বুজি পোৱা যায়।  ইয়াৰ ওপৰিও আৰু কেবাটাও হাদীছ বৰ্ণিত হৈছে যাৰ দ্বাৰা মাতৃৰ সীমাহীন মহত্বৰ কথা বুজিব পৰা যায়। 
 
আজি আন্তৰ্জাতিক মাতৃ দিৱস। কিন্তু বিড়ম্বনাৰ কথাটো হল ধৰ্ম গ্ৰন্থৰ লগতে মহৎ লোকসকলৰ উক্তিৰ লগতে শিক্ষা দীক্ষাৰ উন্নতি হৈছে, যদিও আজি বহুতে মাতৃক অৱজ্ঞা কৰে। নহ'লেনো বৃদ্ধাশ্ৰমবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ কাৰণ কি? মানুহ যিমান সম্ভ্ৰান্ত নহওকঁ, শিক্ষা দীক্ষাত যিমান উন্নত নহওঁক কিয়, সেই শিক্ষাই যদি পিতৃ মাতৃক অৱজ্ঞাৰ কাৰণ হয়, সেয়া অসাৰ। সেয়ে বাহ্যিক শিক্ষাৰ লগত নৈতিকতাৰ শিক্ষা আজি অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। সকোলোকে মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ।
 
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)