ৰাজনীতিৰ পথাৰত মোৰ যুঁজ কঠিন যদিও মই এজন সৈনিকৰ কন্যাঃ ছাইৰা শ্বাহ হালিম

Story by  atv | Posted by  Munni Begum • 2 Months ago
ছাইৰা শ্বাহ হালিম
ছাইৰা শ্বাহ হালিম
 
ৰীতা ফাৰহাট মুকান্দ
 
বংগত প্ৰচণ্ড গৰম আৰু ধূলিৰ মাজত যুঁজি আছে ছাইৰা শ্বাহ হালিম নামৰ এগৰাকী সক্ৰিয় মহিলাই। তেওঁ হৈছে এগৰাকী ৰাজনীতিবিদ, সমাজকৰ্মী, প্ৰাক্তন শিক্ষাবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য, প্ৰবীণ লেফটেনেণ্ট জেনেৰেল জমীৰ উদ্দিন শ্বাহৰ কন্যা আৰু বিখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহৰ ভতিজা। তেওঁ এইবাৰৰ লোকসভা নিৰ্বাচনত দক্ষিণ কলকাতা লোকসভা আসনৰ পৰা চি পি আই (এম)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে।
 
২০২২ চনৰ বিধানসভা নিৰ্বাচনত পশ্চিম বংগৰ বালিগুংগ বিধানসভাৰ আসনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ ভাগ্য ঘূৰাই অনাৰ ক্ষেত্ৰত ছাইৰাক কৃতিত্ব দিয়া হয়। তেওঁৰ প্ৰচাৰ অভিযানে দলটোৰ ভোটৰ অংশ ৫ শতাংশৰ পৰা ৩০ শতাংশতকৈ বৃদ্ধি কৰিছে।  
 
নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিল যদিও ৰাজ্যখনত টিএমচিৰ উত্থাপনৰ ফলত বুদ্ধদেৱ ভট্টাচাৰ্যৰ চৰকাৰৰ পতনৰ পিছত ছাইৰাক চিপিআই (এম)ৰ অন্যতম আগৰণুৱা হিচাপে দেখা গৈছে। ২০২৪ চনত উৎসাহী প্ৰচাৰৰ ঢৌত উঠি ১০ মে’ৰ নিশা ঘৰলৈ উভতি আহিছিল ছাইৰা শ্বাহ হালিমে, আৰু ব্যস্ততাৰ মাজতো আৱাজ-দ্য ভইচ'ৰ সৈতে তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰু ২০২৪ চনৰ প্ৰচাৰৰ বিষয়ে কথা পাতিছিল। তেওঁৰ সৈতে হোৱা কথা-বতৰাৰ কিয়দাংশ ইয়াত উল্লেখ কৰা হ'লঃ
 
প্ৰশ্নঃ এতিয়ালৈকে আপোনাৰ জীৱনৰ বিষয়ে জনাওঁক.....
 
উত্তৰঃ মোৰ জন্ম কলকাতাত যদিও দেউতা লেফটেনেণ্ট জেনেৰেল জমিৰ উদ্দিন শ্বাহ সেনাবাহিনীত থকাৰ বাবে সমগ্ৰ দেশতে ঘূৰি-ফুৰি ডাঙৰ-দীঘল হৈছিলোঁ। দুই-তিনি বছৰৰ মূৰে মূৰে আমি নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ, টাৱাং ভেলী আদি বিভিন্ন ঠাইলৈ গৈছিলো। 
 
ছাইৰা শ্বাহ হালিমৰ নিৰ্বাচনী প্ৰচাৰৰ পোষ্টাৰ
 
সঘনাই স্কুল সলনি হৈ থকাৰ বাবে মোৰ শিক্ষাত প্ৰভাৱ পৰিছিল আৰু মা-দেউতাই মোক তামিলনাডুৰ উটাকামুণ্ডৰ লাভডেলৰ লৰেন্স স্কুলত নামভৰ্তি কৰাইছিল। তাত মই দশম শ্ৰেণীলৈকে পঢ়িছিলো আৰু হোষ্টেলত আছিলো। পিছলৈ মোৰ দেউতা ছৌদি আৰবৰ য়েমেন আৰু কুৱেইটত তিনি বছৰৰ বাবে নিযুক্তি দিয়া হৈছিল। মই তাত থকা ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰিছিলো।  
 
মই আজমেৰৰ ছফিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ ভাৰতলৈ উভতি আহিছিলো। তাৰ পিছত মই ইণ্ডিয়া টুডেৰ সৈতে কাম কৰিছিলো। মই কম বয়য়তে মানে ২১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিলো। মোৰ কোনো ঠাই নিজৰ বুলি অনুভৱ হোৱা নাছিল, কাৰণ সেনা বাহিনীৰ ল’ৰা-ছোৱালীবোৰ সাধাৰণতে প্ৰত্যাহ্বানমূলক ভূ-খণ্ডত ডাঙৰ-দীঘল হয়।  
 
মোৰ স্বামী ডাঃ ফুৱাদ হালিম এজন ডাক্তৰ আৰু মোৰ শহুৰ হাছিম আব্দুল হালিম পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন সদস্য। ১৯৮২ চনৰ পৰা ২০১১ চনলৈকে (পশ্চিমবংগ বিধানসভাৰ) আটাইতকৈ দীৰ্ঘদিনীয়া অধ্যক্ষ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক দীৰ্ঘদিনীয়া অধ্যক্ষ আছিল। 
 
প্ৰশ্নঃ কিয় আপুনি ৰাজনীতিত প্ৰৱেশ কৰিলে?
 
উত্তৰঃ মোৰ স্বামী এজন যুৱ এছ এফ আই (ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া)ৰ সদস্য আছিল বাবে তেওঁ নিৰন্তৰভাৱে প্ৰচাৰকাৰ্য চলাই আছিল। সেই হিচাপে মই মোৰ চৌদিশে নিৰ্বাচন আৰু উপ-নিৰ্বাচন দেখি আছিলোঁ। ৰাজনীতিৰ জগতখন মোৰ বাবে অলপ ৰহস্যময় আৰু কঠিন আছিল কাৰণ মই স্বামীৰ সৈতে এটা স্বাভাৱিক জীৱন কটোৱাব বিচাৰিছিলো। মই এটা ডাঙৰ যৌথ পৰিয়ালৰ আছিলো, য’ত ডাইনিং টেবুলত ৰাজনীতিৰ আলোচনা হৈছিল। বিয়াৰ পিছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ আৰু বিভিন্ন কোম্পানীত ছিনিয়ৰ ট্ৰেইনাৰ হিচাপে কাম কৰিছিলোঁ।
 
দক্ষিণ কলকাতাত নিৰ্বাচনী প্ৰচাৰৰ বাবে লিফলেট বিতৰণ কৰি থকা ছাইৰা শ্বাহ হালিম
 
স্বামীৰ বাবে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰাৰ লগে লগে আৰু ৰাজনৈতিক সাহিত্য পঢ়াৰ লগে লগে ৰাজনীতিৰ ক্ষেত্ৰত মোৰ সক্ৰিয়তা বৃদ্ধি পাইছিল। মই 'কা' বিৰোধী, এন আৰ চি, হিজাব নিষেধাজ্ঞা আদি আন্দোলনত জড়িত হৈ পৰিছিলোঁ। লগতে বিজেপিয়ে জনবিৰোধী আৰু সংখ্যালঘু বিৰোধী কিছুমান আইন আৰু নিয়ম আনিলে। গতিকে মই অনুভৱ কৰিছিলোঁ যে মই ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব। তেতিয়াৰ পৰাই মই সামাজিক মাধ্যমতো সক্ৰিয় হৈ পৰিলোঁ। ইয়াৰ পিছত মোক টেলিভিছনৰলৈ নিমন্ত্ৰণ কৰা হ’ল আৰু স্তম্ভ লিখিবলৈ কোৱা হ’ল। সাহিত্য মহোৎসৱলৈ মোক আমন্ত্ৰণ জনোৱা হৈছিল, য’ত আমি গণতন্ত্ৰক কেনেকৈ ৰক্ষ পাৰো আৰু পিছপৰা শ্ৰেণীৰ লোকৰ পক্ষত থিয় দিব পাৰো, সেই বিষয়ে ক’লোঁ। ইয়াৰ মাজতে ২০২২ চনত বালিগুঙত বিধানসভাৰ উপ-নিৰ্বাচন আহে।
 
ৰাজনৈতিকভাৱে সদায় সক্ৰিয় হোৱাৰ বাবে মই অনভিজ্ঞ নাছিলোঁ। অৱশ্যে ২০২২ চনত মোৰ প্ৰথম নিৰ্বাচনী আগ্ৰাসন আছিল যেতিয়া টিএমচিৰ বাবুল চুপ্ৰিয়ো মোৰ প্ৰতিদ্বন্দ্বী আছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে টিএমচি আৰু বিজেপিৰ বাইনাৰী প্ৰক্ষেপ কৰিছিল; মই যে এজন শক্তিশালী প্ৰতিদ্বন্দ্বী হ’ব পাৰো, সেইটো হিচাপ কৰা হোৱা নাছিল। উপ-নিৰ্বাচনত সেই বাইনাৰীটো ভাঙিবলৈ সক্ষম হ’লোঁ৷
 
এবছৰৰ ভিতৰতে বাওঁপন্থী ভোটৰ অংশ ৫ৰ পৰা ৩০ শতাংশতকৈও অধিকলৈ বৃদ্ধি কৰি বিজেপি আৰু কংগ্ৰেছক পৰাস্ত কৰিলোঁ। মই বিজেপিক থাম্পিং মেজৰিটিৰে পৰাস্ত কৰিলোঁ, ভদ্ৰমহিলাগৰাকীয়ে ১২ হাজাৰ ভোট পালে, আৰু মই ৩১ৰ পৰা ৩২ হাজাৰতকৈ অধিক ভোট পালোঁ,  যিটো একেবাৰেই সহজ নাছিল।  
 
প্ৰশ্নঃ ইমান ডাঙৰ জয়  লাভ কৰিবলৈ আপুনি ব্যতিক্ৰম কি কৰিছিল? 
 
উত্তৰঃ মই পৰাস্ত হ’ব বিচৰা নাছিলো; সেই বিষয়ে মই বহুত স্পষ্ট আছিলোঁ। মই বহুত কষ্ট কৰিলোঁ; মোৰ সমষ্টিত মোৰ আউটৰিচ আছিল। কৰ্পৰেট জগতত মোৰ চহকী অভিজ্ঞতা আছে, সামাজিকভাৱে সক্ৰিয় হৈছো, কিতাপ উন্মোচন কৰিছো, সাহিত্য উৎসৱৰ অংশ হৈছো। মানুহে বিচাৰিছিল অৰাজনৈতিক এনে এখন মুখ, যি নাগৰিক সমাজৰ সৈতে মিলিব পাৰে। সেয়ে হয়তো দলে মোক মনোনীত কৰিছিল। প্ৰথমতে দ্বিধাবোধ কৰিছিলোঁ, যদিও তাৰ পিছত প্ৰত্যাহ্বান গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে পৰিয়াল, স্বামী, শহুৰৰ জৰিয়তে মই পাৰ্টিৰ সৈতে জড়িত হৈ পৰিছিলো।
 
কলকাতাত ছাইৰা শ্বাহ হালিম
 
সকলোৰে মাজত ইয়াক গ্ৰহণ কৰাৰ ক্ষমতা নাথাকে, কাৰণ ই এক গধুৰ দায়িত্ব। বিশেষকৈ এগৰাকী মহিলাৰ বাবে ৰাজনীতি অতি কঠিন। যোৱা নিৰ্বাচনত মই বহু নাৰীবিদ্বেষ আৰু সমালোচনাৰ সন্মুখীন হৈছিলো। এজন প্ৰাৰ্থীয়ে ক’বলৈ চেষ্টা কৰিছিল যে, মই তেওঁতকৈ কম মুছলমান। সেয়া আছিল অতি দুৰ্ভাগ্যজনক। তেওঁ কয়, "মই বংগৰ ল’ৰা আৰু তেওঁ বাহিৰৰ মানুহ।" মই তেওঁক কৈছিলো মোৰ জন্ম কলকাতাত। মোৰ দেউতাই ইয়াত ১৯৭৮ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ইষ্টাৰ্ণ কমাণ্ডত কাম কৰিছিল আৰু তেতিয়াই আমাৰ দুয়োৰে (ভাই মেজৰ মহম্মদ আলী শ্বাহ) জন্ম হৈছিল। 
 
প্ৰশ্নঃ প্ৰথমবাৰৰ বাবে প্ৰতিযোগী হিচাপে আপোনাৰ কৌশল কি আছিল?

উত্তৰঃ ২০২২ চনত যি ঘটিছিল সেয়া আছিল মোৰ প্ৰচাৰ অভিযানৰ ফল। মই অঞ্চলে-অঞ্চলে, দুৱাৰে-দুৱাৰে গৈ মানুহৰ সৈতে কথা পাতিছিলোঁ। সামাজিক মাধ্যমত মই বহুত সক্ৰিয় আছিলো। মোৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচাৰ দলৰ প্ৰতীকতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল। মানুহে মোক কৈছিল, “আমি আপোনাক ভোট দিলোঁ, যদিও বৰ্তমান চিপিআই (এম) এটা সূৰ্যাস্ত যোৱা দল।" মানুহৰ এই কথাক মই প্ৰশংসা হিচাপে গ্ৰহণ কৰিছিলো। বহুতে মোক ভোট দিছিল কাৰণ মই সামাজিক আৰু সাহিত্যিকভাৱে সক্ৰিয় আছিলো। 
 
একে সময়তে মমতা বেনাৰ্জীৰ সংখ্যালঘু সমৰ্থকৰ এটা টেগ আছে, গতিকে এনে নহয় যে প্ৰতিজন সংখ্যালঘুলোকে মোক ভোট দিছিল। বাল্লীগুংগেত চিনাকি বুদ্ধিজীৱী আৰু বগা কলাৰৰ মানুহেও মোক ভোট দিছিল। ২০২২ চনত মোৰ কিছুমান ৱাৰ্ডত ৰিগ কৰা হৈছিল কাৰণ পৰামৰ্শদাতাসকলে দেখুৱাইছিল যে, য’ত মোৰ ভোটগ্ৰহণ এজেণ্টসকলক খেদি পঠিওৱা হৈছিল কাৰন তাত ভীতি প্ৰদৰ্শনৰ উপাদান এটা আছে। নৈতিকভাৱে মই জানো যে মই জয়ী হৈছিলো। কাৰণ টিএমচিৰ সংখ্যাগৰিষ্ঠতা অতিশয় বেছি আৰু তেওঁলোকৰ হাতত কামবোৰ পৰিচালনা কৰাৰ সামৰ্থ্য আছে। প্ৰথম অৱস্থাত আমি দুটা ৱাৰ্ডত নেতৃত্ব দিছিলোঁ বুলি খবৰ পাইছিলোঁ যদিও সকলো ঠাইৰ পৰাই আমি ৰিগিঙৰ বিষয়ে বেছিকৈ জানিব পাৰিলোঁ।
দুটা কথা ভুল হ’ল: তেওঁলোকে (টিএমচি) মোৰ দুটামান ৱাৰ্ডত ৰিগিং কৰি মোক দুহাজাৰ ভোটত পৰাস্ত কৰিছিল আৰু দ্বিতীয়তে মোৰ বুথবোৰত আমাৰ এজেণ্টসকলে সঠিকভাৱে কাম কৰা নাছিল; সেই অঞ্চলত আমি অলপ দুৰ্বল হৈ পৰিছিলো। কিন্তু চিপিআই (এম)ৰ সকলো আসন হেৰুৱাই পেলোৱাৰ সময়ত প্ৰথম নিৰ্বাচনী যুঁজত মই ই এক বৃহৎ সফলতা লাভ কৰিছিল, গতিকে ই আশাৰ ৰেঙনি হিচাপে চিহ্নিত হৈছিল আৰু সকলোৱে সজীৱ হৈ উঠিছিল।
 
প্ৰশ্নঃ এইবাৰৰ প্ৰত্যাহ্বানক আপুনি কেনেকৈ চাব বিচাৰে ?
 
উত্তৰঃ ইয়াৰ আগতে মই এটা (বিধানসভা) সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলো; এইবাৰ সাতটা বিধানসভা সমষ্টিৰ প্ৰতিনিধি হিচাপে মই লোকসভা প্ৰাৰ্থী হৈছো। মই প্ৰতিদ্বন্দ্বিতা কৰিছো দুগৰাকী সাংসদ ক্ৰমে মালা ৰায় আৰু দেবশ্ৰী চৌধুৰীৰ বিৰুদ্ধে। পিছৰগৰাকীক তেওঁৰ সমষ্টিৰ পৰা কলকাতা দক্ষিণলৈ সলনি কৰা হৈছে। মই সাতজন বিধায়কৰ বিৰুদ্ধে যুঁজিছো। তেওঁলোক সকলোৱে টিএমচিৰ হয়। গতিকে এই যুদ্ধখন বৰ কঠিন যদিও মইও এজন সৈনিকৰে ছোৱালী, সেয়ে এই যুঁজখন মানসিক যুঁজ হ’লেও, মইও খেলখন সৱলভাৱে খেলি আছো। মই যথেষ্ট জনসমৰ্থন পাইছো, আৰু জনমতেৰে কলকাতা দক্ষিণ সমষ্টি জয় কৰাৰ আশা কৰিছো। কাৰণ মোৰ দুয়োজন প্ৰতিদ্বন্দ্বীৰে সংসদত কোনো উপস্থিতি নাছিল।
 
লগতে, টিএমচিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে দ্বিতীয় সৰ্বাধিক ধন লাভ কৰাৰ বাবে গুৰুতৰ দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হৈছে; শিক্ষক নিযুক্তি কেলেংকাৰীৰ বাবে জেলত আছে ইয়াৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী। টিএমচিৰ ছিণ্ডিকেট, গুণ্ডা ৰাজ, নিযুক্তি কেলেংকাৰী, কয়লা কেলেংকাৰী আৰু গৰুৰ চোৰাং বেপাৰ আদি প্ৰতিষ্ঠান বিৰোধী কাৰক হৈ উঠিছে।  

প্ৰশ্নঃ আপোনাক ষ্টীৰিঅ’টাইপিকেল বাওঁপন্থী ৰাজনীতিবিদসকলৰ দৰে দেখা নাযায়। আপুনি যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰচাৰ অভিযানত নামিছিল তেতিয়া মানুহে কেনেকৈ আপোনাৰ কাঁষ চাপিছিল?
 
উত্তৰঃ মই সেনাবাহিনীৰ পৰপিয়ালৰ পৰা আহিছো আৰু কৰ্পৰেট অভিজ্ঞতাৰ বাবে মানুহে বাওঁপন্থীক যি বুলি কল্পনা কৰে তাৰ পৰা মোক বহুত বেলেগ দেখা যায়। এই ভাবমূর্তিৰ সৈতে মোৰ পৰা মানুহৰ আকাংক্ষা অধিক৷ বাওঁপন্থীসকলৰ প্ৰতি মানুহৰ যি পুৰণি ধাৰণা আছে, সেয়া মই বেয়া বুলি ক'ব নাযাওঁ, কিন্তু আমি এতিয়া প্ৰগতি বিচাৰোঁ।  
 
ছাইৰা শ্বাহ হালিমে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ৰ এক দৃশ্য 
 
প্ৰশ্নঃ এই নিৰ্বাচনৰ পৰা আপোনাৰ কি আশা?
 
উত্তৰঃ এই সমগ্ৰ ধৰ্মৰ ৰাজনীতিৰ সৈতে মানুহে অলপ বিৰক্ত হৈ পৰিছে কিয়নো চোদিশে কেৱল হিন্দু, মুছলমান, মন্দিৰ, মছজিদ, মঙ্গলসূত্ৰ, সেয়েহে মই ভাবো এতিয়া মানুহে উত্তৰ বিচাৰে, তেওঁলোকে বিকাশ আৰু নিযুক্তি বিচাৰে। ধৰ্মীয় ৰাজনীতিক যুৱ প্ৰজন্মক কেনেদৰে লয়, সেয়া এইবাৰ গম পোৱা যাব। মই ভাবো ধৰ্মীয় কথাত বিৰক্ত হোৱা যুৱ ভোটাৰসকলেই হ’ব গেম চেঞ্জাৰ। দেশত ঐক্য আৰু শান্তি বিচাৰিছে মানুহে। এইবাৰ কংগ্ৰেছে মোক সমৰ্থন কৰিছে যিহেতু মই INDIA মিত্ৰজোটত আছোঁ। কংগ্ৰেছে মোক মোৰ প্ৰচাৰত সহায় কৰি আছে। গতিকে সেই সকলোবোৰ ভোট যোগ হৈ ফলাফল ভাল হোৱাৰ আশা কৰিছো। 
 
(ৰীতা ফাৰহাট মুকান্দ এগৰাকী স্বতন্ত্ৰ লেখিকা)