মুকলি হ’ল অৰুণোদয় ৩.০ আঁচনি; লাভম্বিত হ'ব ৰাজ্যৰ ৩০ লাখ মহিলা

Story by  atv | Posted by  [email protected] • 1 Months ago
মুকলি হ’ল অৰুণোদয় ৩.০ আঁচনি; লাভম্বিত হ'ব ৰাজ্যৰ ৩০ লাখ মহিলা
মুকলি হ’ল অৰুণোদয় ৩.০ আঁচনি; লাভম্বিত হ'ব ৰাজ্যৰ ৩০ লাখ মহিলা
 
গুৱাহাটী
 
মুকলি হ’ল ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় ৩.০। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মুকলি কৰে অৰুণোদয় ৩.০ আঁচনি। ৰাজ্যৰ ৩০ লাখ হিতাধিকাৰীয়ে প্ৰতিমাহে পাব ১,২৫০ টকাকৈ।
 
অৰুণোদয় আঁচনি প্ৰায় ৩৮ লাখ পৰিয়ালক অন্তৰ্ভূক্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। এই আঁচনিৰ বাবদ প্ৰতিমাহে ব্যয় হ’ব ৪১০ কোটি টকা।
 
ডিবিটিৰ মাধ্যমেৰে হিতাধিকাৰীয়ে লাভ কৰিব ধন। অবশ্যে BTRৰ ৪খন জিলা অন্তৰ্ভুক্ত নহয় অৰুণোদয় ৩.০ আচনিত। ৪ খন জিলাৰ বাহিৰে সকলো জিলা সামৰি ল’ব।
 
এই বৰ্ষৰ অক্টোবৰ মাহৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন। একে সময়তে একাধিক স্থানত মুকলি হ’ব অৰুণোদয় ৩.০ আঁচনি। ১০,১৮৬ গৰাকী কমিউনিটী কেডাৰক অৰুণোদয়ত অন্তৰ্ভুক্ত। ইয়াৰ বাবে অতিৰিক্ত ব্যয় কৰিব প্ৰতিমাহে ১.২৭ কোটি টকা।