দূৰ্ঘটনাত এখন হাত হেৰুওৱা মুম্বাইৰ অনমতা আহমেদে দশম শ্ৰেণীৰ পৰীক্ষাত ৯২ % নম্বৰেৰে উজলিল

Story by  atv | Posted by  [email protected] • 10 d ago
অনমতা আহমেদ
অনমতা আহমেদ
 
মীৰাট

প্ৰায় দুবছৰ পূৰ্বে মুম্বাইৰ প্ৰতিভাৱান কিশোৰী অনমতা আহমেদে (Anamta Ahmed) এটা ভয়ংকৰ দূৰ্ঘটনাৰ সন্মুখীন হৈছিল। আলিগড় ভ্ৰমণৰ সময়ত সমনীয়াৰ সৈতে খেলি থাকোঁতে ১৩ বছৰীয়া কিশোৰীগৰাকীৰ শৰীৰত ১১ কেভিৰ এক বৃহৎ বৈদ্যুতিক শ্বক লাগে আৰু তেওঁৰ শৰীৰৰ বহু অংশ পুৰি গৈছিল। এই দূৰ্ঘটনাত ছোৱালীজনীৰ সোঁহাতখন কাটিবলগীয়া হয় আৰু বাওঁহাতখনৰ প্ৰায় ২০ শতাংশহে কাৰ্যক্ষম হৈ থাকে। 
 
৫০ দিনতকৈও অধিক সময় তেওঁ বিচনাত পৰি থকাৰ পিছত অৱশেষত তেওঁ সুস্থ হৈ উঠিল আৰু সোমবাৰে ঘোষণা কৰা দশম শ্ৰেণীৰ পৰীক্ষাত অনমতা আহমেদে ৯২ শতাংশ নম্বৰ লাভ কৰি সকলোকে আচৰিত কৰি তুলে। 
 
হিন্দীত তেওঁ ৯৮% নম্বৰ লাভ কৰি নিজৰ স্কুলৰ ভিতৰত সৰ্বাধিক নম্বৰো লাভ কৰিবলৈ সক্ষম হয়। চিআইএছচিইৰ ফলাফলৰ খবৰ অহাৰ লগে লগে অনমতাই পঢ়া মুম্বাইৰ আন্ধেৰীৰ চিটি ইণ্টাৰনেশ্যনেল স্কুলত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। “অনমতা সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্ৰী আছিল যদিও তাইৰ জীৱনলৈ বহুত ঘাত-প্ৰতিঘাত আহিছিল। তেনে পৰিস্থিতিত যিকোনো ব্যক্তিয়েই তীব্ৰ হতাশাত ভুগিব। শৰীৰৰ যন্ত্ৰণাৰ মাজতো তাই কিন্তু ইতিবাচক হৈ আছিল।"-এইদৰে কয় অধ্যক্ষ মানসী দীপক গুপ্তাই।
 
পৰীক্ষাৰ ফলাফলত উল্লসিত হৈ পৰা মেধাৱী ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, “চিকিৎসকে মোৰ পিতৃ-মাতৃক পৰামৰ্শ দিছিল যে মই পঢ়াৰ পৰা এবছৰ বা দুবছৰৰ বাবে বিৰতি ল’ব লাগে। কিন্তু মই ঘৰত বহিব নিবিচৰাৰ বাবে তেনে কৰিবলৈ ইচ্ছুক নাছিলো, আৰু স্কুলখনেও মোক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল।” 
পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত কিধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেই বিষয়ে সোধাত তেওঁ কয়, “হস্পিতালৰ পৰা উভতি অহাৰ পিছত মোৰ মনলৈ প্ৰথমে আহিছিল যে মোৰ বাওঁহাতখন যিকোনো প্ৰকাৰে সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিব লাগিব।"
 
ছাত্ৰীগৰাকীয়ে পুনৰ কয়, "মোক চিকিৎসকে কিছু ব্যায়ামৰ পৰামৰ্শ দিছিল আৰু মই ছ’চিয়েল মিডিয়াৰ ক্লিপবোৰো চাইছিলো। অৱশ্যে মই অভ্যস্ত নোহোৱাৰ বাবে বাওঁহাতেৰে লিখাটো মোৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিছিল। মোৰ কেইমাহমান সময় লাগিল আৰু মই মেনেজ কৰিবলৈ সক্ষম হ’লোঁ, যদিও মোৰ শিক্ষকসকলে জোৰ দি ক’লে যে পৰীক্ষাৰ সময়ত মোৰ সৈতে এজন লেখক থাকিব লাগে আৰু পৰীক্ষাৰ সময়ত গতিৰ লগত আপোচ কৰিব নালাগে। গতিকে, মোৰ বাবে এগৰাকী লেখিকৰ ব্যৱস্থা কৰা হৈছিল।"
অনমতা আহমেদে কয়, “মই মা-দেউতাৰ একমাত্ৰ সন্তান আছিলো বাবে আঘাতৰ পৰা সোনকালে মুক্ত হোৱাটো মোৰ বাবে অতি প্ৰয়োজন আছিল। এই ট্ৰেজেডীয়ে মোক যাতে আগুৰি ধৰিব নোৱাৰে, তাৰ বাবে মোৰ মনতো দৃঢ় কৰিছিলো।"
 
উল্লেখ্য যে, মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ আকীল আহমেদ হৈছে এগৰাকী এড ফিল্ম নিৰ্মাতা। তেওঁ কয়, “অনমতা হৈছে মোৰ জীৱন আৰু তাইৰ যন্ত্ৰণা দেখি মই কি কষ্টৰ সন্মুখীন হৈছো, সেয়া বৰ্ণনা কৰিব নোৱাৰিম। সেয়া কোনেও কল্পনা কৰিব নোৱাৰে, চিকিৎসালয়ৰ বিচনাত মোৰ একমাত্ৰ সন্তানে বিষত চটফটাই থকা দেখিছিলো। চিকিৎসকে সুস্থ হোৱাৰ আশা এৰি দিছিল। কিন্তু তাই মনৰ দৃঢ়তা আৰু সাহসেৰে নিজকে পুনৰ জীৱন দিছে।”