আৱাজ দ্য ভইচ অসম ব্যুৰ'
মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জাই শেহতীয়াকৈ তেওঁৰ মাতৃত্ব, গৰ্ভাৱস্থা, সন্তানক স্তনপান কৰোৱা যাত্ৰা আৰু অৱসৰৰ আঁৰৰ কাৰণসমূহৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে। ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ মাছুম মিনাৱালাৰ সৈতে হোৱা এক কথা-বতৰাত টেনিছ তাৰকাগৰাকীয়ে কয় যে, শৰীৰে খেলিবলৈ অনুমতি নিদিয়াৰ বাহিৰেও তেওঁৰ অৱসৰৰ আন এটা প্ৰধান কাৰণ হৈছে তেওঁ পুত্ৰৰ সৈতে অধিক সময় কটাব বিচাৰে।
"অৱসৰ লোৱাৰ এটা প্ৰধান কাৰণ আছিল মোৰ ল'ৰাৰ সৈতে অধিক সময় কটোৱা। কাৰণ মই অনুভৱ কৰোঁ যে স্কুলীয়া যাত্ৰা আৰম্ভ কৰাৰ সময়ত সন্তানৰ লগত থাকিবলৈ অভিভাৱকৰ প্ৰয়োজন, আৰু মই তাক সেই নিৰাপত্তা অনুভৱ কৰাব বিচাৰিছিলো। মই সেইটো হেৰুৱাব বিচৰা নাছিলো। মই অনুভৱ কৰিছিলো যে, কেৰিয়াত মই যথেষ্ট কৰিলোঁ আৰু অধিকাংশ সপোন মই পূৰণ কৰিছো। এইটোও মোৰ সপোনৰ অংশ আছিল।"-মিৰ্জাই কয়।
ছানিয়া মিৰ্জা তেওঁৰ পুত্ৰৰ সৈতে
চাৰিবাৰৰ অলিম্পিয়ান গৰাকীয়ে প্ৰথমবাৰৰ বাবে ছয় সপ্তাহৰ কেঁচুৱাটোক এৰি থৈ যোৱাৰ কথা মনত পেলাই কয়, “প্ৰথমবাৰৰ বাবে মই ইঝানক এৰি যোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ছয় সপ্তাহ। এয়া আছিল মই ভ্ৰমণ কৰা আটাইতকৈ কঠিন বিমান যাত্ৰা। এটা ইভেণ্টৰ বাবে দিল্লীলৈ যাবলগীয়া হৈছিল। আৰম্ভণিতে মই যাব নোৱাৰিম বুলি কৈছিলো। কিন্তু পিছত অনুভৱ কৰিলো যে, মোৰ এই সিদ্ধান্তটো অধিক নাটকীয় হ'ব। সেয়ে, মই এক শক্তিশালী সিদ্ধান্ত লৈ পুৱাৰ বিমানত যাত্ৰা কৰিলো। সেই সময়ত ইঝানে মোৰ স্তনপান কৰি আছিল। ঘৰত সি অলপ আমনি কৰিছিল। কিন্তু সেই বিমানখনত নুঠা হ’লে মই হয়তো কেতিয়াও সন্তানক এৰি ক'তো কাম কৰিব যাব নোৱাৰিলোহেঁতেন। হায়দৰাবাদৰ পৰা দিল্লীলৈ পুৱা গৈ মই সন্ধিয়া উভতি আহিছিলোঁ। ইঝান একেবাৰে ভালেই আছিল। মইও একেবাৰে ভালে আছিলো।"
মাতৃৰ সহায় আৰু সাহসৰ কথা উল্লেখ কৰি ছানিয়াই মাকক ভূয়সী প্ৰশংসা কৰে। “মায়ে মোক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছিল। ইঝানৰ বয়ৰ ৬ সপ্তাহ থাকোতে মই তাক এৰি গৈছিলো। সেই সময়ত মায়ে মোক কৈছিল যে, ল'ৰাক আমি শুৱাই ৰাখিম, মাক নথকা বুলি গমে নাপাব।” মিৰ্জাই কয়। তেওঁ লগতে স্বীকাৰ কৰে যে, নাৰী হিচাপে গৰ্ভাৱস্থা তেওঁৰ সপোন হ’লেও স্তনপান কৰাটোৱেই আটাইতকৈ কঠিন বুলি বিবেচনা কৰে।
ছানিয়া মিৰ্জা তেওঁৰ পুত্ৰৰ সৈতে
"মই প্ৰায় ৩ মাহ স্তনপান কৰাইছিলো। মোৰ বাবে সেইটোৱেই আছিল মাতৃত্বৰ আটাইতকৈ কঠিন কাম। মই আৰু তিনিবাৰ গৰ্ভৱতী হ’ম, কিন্তু স্তনপান কৰাৰ কামটো মই কৰিব পাৰিম নে নাই নাজানো। কৰ্মৰত মহিলাৰ বাবে এয়া যথেষ্ট কঠিন কাম।"-ছানিয়াই কয়।
উল্লেখ্য যে, ২০১৮ চনৰ ৩০ অক্টোবৰত প্ৰসৱৰ আগৰ নিশাও টেনিছ খেলি শাৰীৰিকভাৱে ফিট হৈ থকা বুলিও স্মৰণ কৰে ছানিয়া মিৰ্জাই। প্ৰসৱৰ তিনি সপ্তাহৰ পিছত তেওঁ পুনৰ ৱৰ্কআউট আৰু ট্ৰেইনিংলৈ যোৱা তাৰকাগৰাকীয়ে কয়, ‘(প্ৰসৱৰ) পূৰ্বে এৰাতি মই টেনিছ খেলিছিলো কাৰণ মোৰ গৰ্ভাৱস্থা তেতিয়া ৪০ সপ্তাহ আছিল আৰু একো সমস্যাৰ সন্মুখীন হোৱা নাছিল।