আৱাজ দ্য ভইচ / নতুন দিল্লী
বৃহস্পতিবাৰে সন্ধিয়া জম্মু চহৰত বিস্ফোৰণৰ শব্দই এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। সুৰক্ষা বাহিনীয়ে অতি সুৰক্ষিত বিমানবন্দৰটোৰ ওচৰৰ পৰা পাকিস্তানী ড্ৰ'ন ধৰা পেলোৱা বুলি বিষয়াসকলে জনায় বুলি সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।
ভাৰতীয় বায়ুসেনাৰ শিবিৰ থকা বিমানবন্দৰটোত আক্রমণ হৈছে নে নাই সেয়া এতিয়ালৈকৈ জানিব পৰা হোৱা নাই৷ বিমানবন্দৰৰ সমীপত দুটাকৈ শক্তিশালী বিস্ফোৰণৰ শব্দ শুনা পোৱাৰ লগে লগে বিদ্যুৎ বিচ্ছিন্ন হৈ সমগ্ৰ জম্মু চহৰ আন্ধাৰে আবৰি ধৰে।
বিষয়াসকলে কয় যে, প্রতিৰোধ ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু ভাৰতীয় এণ্টি ড্ৰ'ন ব্যৱস্থাৰ দ্বাৰা পাকিস্তানী দুই এখন ড্ৰ'ন নমাই আনিবলৈ সক্ষম হৈছে। একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে, ইয়াৰে এখন ড্ৰ'ন বিমানবন্দৰৰ বাহিৰত পৰি থকা দেখা গৈছে।
বিদ্যুৎ বিচ্ছিন্ন হৈ সমগ্ৰ জম্মু চহৰ আন্ধাৰে আবৰি ধৰা এক দৃশ্য
আনহাতে ভাৰতে পাকিস্তানী যুদ্ধ বিমান এফ-১৬ ধ্বংস কৰিছে। কিয়নো জম্মুৰ ওপৰেৰে পাকিস্তানে নিক্ষেপ কৰা বহু ক্ষেপণাস্ত্ৰ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বাধা দিছিল।
কিছুদিন পূৰ্বে পাকিস্তানে জম্মু, আৰ এছ পুৰা, চানি হিম্মতকে ধৰি অন্যন্য বহু অঞ্চলত সামৰিক আৰু অসামৰিক সংস্থাপনসমূহক লক্ষ্য কৰি কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছত উত্তেজনা বৃদ্ধি পাইছিল। অৱশ্যে ভাৰতৰ অত্যাধুনিক বায়ু প্ৰতিৰক্ষা পৰ্টফলিঅ’ত আছে এছ-৪০০ আৰু আকাশ ব্যৱস্থা, যিয়ে পাকিস্তানী ড্ৰ'ন আৰু মিছাইল সফলতাৰে ধ্বংস কৰিছিল।
প্ৰাৰম্ভিক খবৰ অনুসৰি ভাৰতে মুঠ ৮ টা ড্ৰোন বা মিছাইল ধ্বংস কৰিছে। ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমেও সাৰগোধাৰৰ পৰা জম্মু অভিমুখে উৰা মৰা পাকিস্তানী যুঁজাৰু বিমান এফ-১৬ বিমানখনে আকাশী অনুপ্ৰৱেশৰ প্ৰচেষ্টাক বাধা দিছিল।
জম্মু বিমানবন্দৰত আক্ৰমণৰ ব্যৰ্থ চেষ্টাৰ পিছতে জেট বিমানখন ধ্বংস কৰা হৈছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ক্ষিপ্ৰতাৰে প্ৰতিশোধ লয়। কেৱল জম্মুই নহয়, কিছুসময় পূৰ্বে ৰাজস্থানৰ জয়ছালমেৰৰ ওপৰত পাকিস্তানে ড্ৰ'ন নিক্ষেপ কৰিছিল, যদিও ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে নিষ্ক্ৰিয় কৰি পেলাইছিল।
ভাৰতীয় সীমান্তৰ ভিতৰত সামৰিক আৰু অসামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি পাকিস্তানে কৰা যিকোনো প্ৰচেষ্টাক বিফল কৰিবলৈ ভাৰতীয় সেনাই সম্পূৰ্ণ সষ্টম হৈ থকাৰ বাবে জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থানকে ধৰি সীমান্তৱৰ্তী ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতি দ্ৰুতগতিত সলনি হৈছে।