ভাৰতত অনুপ্ৰেৱশৰ চেষ্টা কৰা জয়ছ-ই-মহম্মদৰ সন্দেহযুক্ত সাতজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা

Story by  atv | Posted by  [email protected] • 7 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
শ্ৰীনগৰ

জম্মু-কাশ্মীৰৰ ছাম্বা জিলাত আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (BSF)য়ে বৃহৎ সাফল্য অৰ্জন কৰিছে। ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা জয়ছ-ই-মহম্মদৰ সন্দেহযুক্ত সাতজন সন্ত্ৰাসবাদীক বিএছএফ-এ গুলীয়াই হত্যা কৰে। 
 
৮ মে’ৰ নিশা প্ৰায় ১১ বজাত বি এছ এফয়ে ছাম্বা সীমান্তৰ সমীপত সন্দেহজনক গতিবিধি ধৰা পেলাই এই অভিযান আৰম্ভ কৰে। বি এছ এফে এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে ২০২৫ চনৰ ৮ মে’ৰ নিশা প্ৰায় ১১ বজাত বি এছ এফে জম্মু-কাশ্মীৰৰ ছাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সন্ত্ৰাসবাদীৰ এক বৃহৎ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰে।
এটা ভিডিঅ’ত দেখা গৈছে যে বিএছএফৰ সৈন্যই পাকিস্তানৰ প’ষ্ট ধানধৰত ব্যাপক ক্ষতিসাধন কৰাৰ বিপৰীতে কমেও ৭টা সন্ত্ৰাসবাদীক হত্যা কৰি বৃহৎ অনুপ্ৰৱেশৰ অভিযান বিফল কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত দ্ৰুতগতিত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হৈছে।
 
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতে জম্মু, পাঠানকোট, উধামপুৰত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন ব্যৱহাৰ কৰি পাকিস্তানে ভাৰতৰ একাধিক সামৰিক ঘাটিক লক্ষ্য কৰি লোৱাৰ প্ৰচেষ্টা বিফল কৰে। ইয়াৰ লগে লগে দেশ দুখনৰ শত্ৰুতা বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ সংকেত দেখা গৈছে।
 
যোৱা ৭ মে’ত পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰত অপাৰেচন সেন্দুৰৰ অধীনত ভাৰতে আক্ৰমণ চলাই প্ৰায় ১০০ সন্ত্ৰাসবাদীক নিধন কৰাৰ এদিন পিছতে পাকিস্তানে ভাৰতক লক্ষ্য কৰি মিছাইল আৰু ড্ৰ'নেৰে এই আক্ৰমণ সংঘটিত কৰে।