নতুন দিল্লী
'অপাৰেচন সেন্দুৰ'ৰ অধীনত ভাৰতীয় সেনাই গ্ৰহণ কৰা নিৰ্ণায়ক আৰু সাহসী পদক্ষেপক প্ৰশংসা কৰিছে মুছলিম ৰাষ্ট্ৰীয় মঞ্চই। মঞ্চই কেন্দ্ৰীয় চৰকাৰ আৰু সশস্ত্ৰ বাহিনীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। পাকিস্তান আৰু সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মঞ্চই। মঞ্চই লগতে উল্লেখ কৰিছে যে, শত্ৰুপক্ষই এনে সঁহাৰি পোৱাৰ সময় আহি পৰিছে, যাতে তেওঁলোকে পুনৰ ভাৰতৰ ফালে চোৱাৰ সাহস নকৰে।
মঞ্চই জাৰি কৰা এক বিবৃতিত উল্লেখ কৰিছে, ভাৰত চৰকাৰ আৰু আমাৰ সশস্ত্ৰ বাহিনীয়ে যি ধৈৰ্য্য, কৌশল আৰু বীৰত্বৰে 'অপাৰেচন সেন্দুৰ' সম্পন্ন কৰিলে, সেইটোৱে প্ৰতিজন ভাৰতীয়ৰ হৃদয় গৌৰৱান্বিত কৰি তুলিছে। ভাৰতৰ প্ৰতিজন মুছলমান আৰু প্ৰতিজন দেশপ্ৰেমিক নাগৰিক আমাৰ সশস্ত্ৰ বাহিনী আৰু চৰকাৰৰ লগত শিলৰ দৰে কঠিন হৈ থিয় দিছে। আমি প্ৰাণ আঁহুতি দিবলৈ সাজু, কিন্তু আমাৰ মাতৃভূমিৰ ঐক্য আৰু মৰ্যাদাৰ কোনো লোককে ক্ষতি কৰিবলৈ নিদিওঁ।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা নিৰ্মম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে শত্ৰুৰ ভূমিত প্ৰত্যুত্তৰ দিছে। মঙলবাৰে মাজনিশা ভাৰতীয় বায়ুসেনাই পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰ (PoK)ত অৱস্থিত ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত কৰে। স্বামীয়ে দেশৰ বাবে প্ৰাণ আঁহুতি দিয়া সাহসী মহিলাসকলৰ স্মৃতিত এই সামৰিক অভিযানক ‘অপাৰেচন সেন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানক নিউ ইণ্ডিয়াৰ প্ৰতীক বুলি অভিহিত কৰিছে। তেওঁ তিনিওটা সশস্ত্ৰ বাহিনীৰ কৌশল, সংযম আৰু দৃঢ়তাক প্ৰশংসা কৰি ভাৰতৰ নিৰাপত্তা মতবাদৰ এক নতুন অধ্যায় বুলি অভিহিত কৰে।
সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাই নহয়, দেশৰ ভিতৰত আত্মগোপন কৰি থকা দেশদ্ৰোহীসকলকো প্ৰত্যক্ষ সতৰ্কবাণী জাৰি কৰিছে মঞ্চই। মঞ্চই ঘোষণা কৰিছে যে, যিসকল লোকে এই দেশত বাস কৰি দেশৰ বিৰোধী শক্তিক সমৰ্থন কৰে তেওঁলোকেও সাৱধান হওক। এইটোৱেই চূড়ান্ত সতৰ্কবাণী হয়, নিজকে সংস্কাৰ কৰক, নহয় নিশেষ হবলৈ সাজু থাকক। ভাৰতে এই কথা আৰু সহ্য নকৰে।
মুছলিম ৰাষ্ট্ৰীয় মঞ্চই সমগ্ৰ দেশৰ নাগৰিকসকলক ৰাজনৈতিক মতানৈক্যৰ ওপৰত চৰকাৰ আৰু সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা নিৰ্ণায়ক পদক্ষেপক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। ই বিশেষকৈ ভাৰতীয় মুছলমানসকলক আহ্বান জনাইছে যে, সৰ্বপ্ৰথমে আপোনালোকৰ ৰাষ্ট্ৰ, সেয়েহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰথমে থিয় দিয়ক, যিটো ইছলামৰ প্ৰকৃত কৰ্তব্য। অনাগত দিনত "ঐক্য আৰু নিৰাপত্তা"ৰ বাবে দেশজোৰা অভিযান আৰম্ভ কৰা হ'ব বুলিও মঞ্চই ইংগিত দিয়ে।
মঞ্চই লগতে কয়, আমি বছৰ বছৰ ধৰি সহ্য কৰি আহিছিলোঁ, কিন্তু এতিয়া এইখন নতুন ভাৰত। আৰু শব্দৰে নহয় উত্তৰটো মিছাইলৰ জৰিয়তে দিয়া হব। ভাৰতৰ সীমান্ত সুৰক্ষিত আৰু সন্মানিত কৰি ৰখা প্ৰতিটো সিদ্ধান্তক মঞ্চই সমৰ্থন কৰে।
আগন্তুক সময়ৰ অনিশ্চয়তাৰ মাজত আমি সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে, আমাৰ সাহসী সৈনিকসকল সেনাবাহিনী, বায়ুসেনা বা নৌসেনাৰ পৰাই হওক, সদায় নিৰাপদ, সুস্থ আৰু সংকল্পবদ্ধ হৈ থাকক। আপোনালোকৰ অদম্য সাহস, অনুশাসন আৰু ত্যাগৰ বাবেই আমি এই ৰাষ্ট্ৰৰ নাগৰিকে সংকটৰ সময়তো শান্তিৰে শুবলৈ সক্ষম হৈছো।
আপোনালোকৰ সাহস আৰু নিষ্ঠাক কেৱল শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ, কিন্তু আমি আপোনালোকৰ ওচৰত চিৰ ঋণী। আমি আপোনাক সন্মান জনাইছো, আমি আপোনাক সমৰ্থন কৰিছো আৰু আমি সদায় আপোনাৰ লগত আছো।