প্ৰধানমন্ত্ৰী মোদীৰ সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপৰ প্ৰতি পূৰ্ণ সমৰ্থন প্ৰকাশ গ্ৰেণ্ড মুফতি শ্বেখ আবুবকাৰ আহমেদৰ

Story by  atv | Posted by  [email protected] • 6 h ago
প্ৰখ্যাত ইছলামিক ধৰ্মগুৰু তথা গ্ৰেণ্ড মুফতি শ্বেখ আবুবকাৰ আহমেদ
প্ৰখ্যাত ইছলামিক ধৰ্মগুৰু তথা গ্ৰেণ্ড মুফতি শ্বেখ আবুবকাৰ আহমেদ

নতুন দিল্লী

ভাৰতৰ প্ৰখ্যাত ইছলামিক ধৰ্মগুৰু তথা গ্ৰেণ্ড মুফতি শ্বেখ আবুবকাৰ আহমেদে দেশত সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক মুকলিকৈ প্ৰশংসা কৰিছে। এই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আনুষ্ঠানিক পত্ৰ লিখি চৰকাৰৰ সাহসী আৰু নীতিভিত্তিক স্থিতিৰ প্ৰশংসা কৰাই নহয়, দেশৰ নাগৰিকসকলক একত্ৰিত হৈ এই জাতীয় প্ৰচেষ্টাসমূহক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে।
 
ভাৰতৰ চিৰস্থায়ী শান্তি, প্ৰগতি আৰু ঐক্যৰ প্ৰাৰ্থনাৰে গ্ৰেণ্ড মুফতিয়ে তেওঁৰ পত্ৰৰ আৰম্ভণি কৰে। তেওঁ কয়, “আমাৰ প্ৰিয় দেশৰ অবিৰত শান্তি, প্ৰগতি আৰু ঐক্যৰ বাবে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু প্ৰাৰ্থনা জনাইছো।”
 
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰেক্ষাপটত শ্বেখ আবুবকাৰ আহমেদে তেওঁৰ পত্ৰত লিখিছে যে এয়া এক টাৰ্নিং পইণ্ট য’ত সমগ্ৰ দেশ একত্ৰিত হ’ব লাগিব আৰু সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ সন্মুখীন হ’ব লাগিব। তেওঁ লিখিছে, “এই জটিল সন্ধিক্ষণত যেতিয়া আমাৰ দেশখনে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ ভাবুকিৰ সন্মুখীন হৈছে, তেতিয়া ভাৰত চৰকাৰে গ্ৰহণ কৰা শক্তিশালী আৰু নীতিগত স্থিতি আৰু দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত আমাৰ সশস্ত্ৰ বাহিনীৰ সাহসী প্ৰচেষ্টাৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছো।”
বিশেষকৈ কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ অঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰশংসা কৰে গ্ৰেণ্ড মুফতিয়ে। তেওঁ কয় যে ভাৰত চৰকাৰৰ এই স্থিতি কেৱল ৰাষ্ট্ৰীয় অখণ্ডতাৰ বাবেই প্ৰয়োজনীয় নহয়, বিশ্ব শান্তি আৰু মানৱ মৰ্যাদাৰ বাবেও ই অত্যন্ত গুৰুত্বপূৰ্ণ। “নিৰীহ লোকক সুৰক্ষা দিয়া আৰু ন্যায় আৰু মানৱতাৰ মূল্যবোধ ৰক্ষা কৰাটোৱে চৰকাৰৰ গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।”-তেওঁ কয়। 
 
ভাৰতৰ কৌশলগত হস্তক্ষেপ আৰু কূটনৈতিক নেতৃত্বই উগ্ৰ মতাদৰ্শক প্ৰত্যাহ্বান জনোৱা আৰু দক্ষিণ এছিয়াত শান্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল ভূমিকা ল’ব পাৰে বুলিও তেওঁ আস্থা প্ৰকাশ কৰে। “নীতিগত কূটনীতি, দৃঢ়তা আৰু সৰ্বাংগীন প্ৰচেষ্টাৰ জৰিয়তে আমাৰ দেশে এই অশান্ত পৃথিৱীত সুস্থিৰতাৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে।”-তেওঁ কয়।
শ্বেখ আবুবকাৰ আহমেদে দেশবাসীক জাতি, ধৰ্ম নিৰ্বিশেষে জাতীয় মূল্যবোধ ৰক্ষাৰ বাবে একত্ৰিত হ’বলৈ আহ্বান জনায়। “জাতি-ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে এখন বৈচিত্ৰময় আৰু সুস্থিৰ দেশ হিচাপে আমাক বান্ধি ৰখা মূল্যবোধৰ ৰক্ষক হিচাপে কাম কৰিব লাগিব।”-শ্বেখ আবুবকাৰ আহমেদে কয়। 
 
উল্লেখযোগ্য যে, ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগাম অঞ্চলত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰিছিল। এই নৃশংস আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই ‘অপাৰেচন সেন্দুৰ’ৰ অধীনত সীমান্ত পাৰ হৈ পাকিস্তানত অৱস্থিত ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। ইয়াৰ পিছত বিগত ৪৮ ঘণ্টা ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰচণ্ড উত্তেজনা অব্যাহত আছে। 
 
গ্ৰেণ্ড মুফতি শ্বেখ আবুবকাৰ আহমেদৰ এই পত্ৰখন ভাৰতীয় নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰাই নহয়, ভাৰতৰ উগ্ৰ শক্তিৰ বিৰুদ্ধে সমাজৰ সকলো শ্ৰেণীৰ ঐক্য আৰু উমৈহতীয়া দৃষ্টিভংগীকো আলোকিত কৰি তুলিছে। কোনো ধৰ্মগুৰু যেতিয়া দেশৰ নিৰাপত্তা আৰু শান্তিৰ পক্ষত থিয় দিয়ে, তেতিয়া দেশৰ আত্মা আৰু ইয়াৰ বৈচিত্ৰ্যতাৰ শক্তিৰ প্ৰতিফলন ঘটে।