আৱাজ দ্য ভইচ অসম ব্যুৰ'
শেহতীয়াকৈ ছ'চিয়েল মিডিয়াৰ এটা পোষ্টত, প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডঃ আলোক চোপ্ৰাই আমাৰ স্বাস্থ্যৰ বাবে কলেষ্টেৰল ক্ষতিকাৰক বুলি প্ৰচলিত জনপ্ৰিয় ধাৰণাক নাকচ কৰিছে। তেওঁ কয় যে কলেষ্টেৰলে শৰীৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াক অন্ধভাৱে ভয় কৰিব নালাগে।
ডাঃ চোপ্ৰাই লিখিছে যে "এই প্ৰচলিত ধাৰণা সলনি কৰাৰ সময় আহিছে। আপোনাৰ শৰীৰক কলেষ্টেৰলৰ প্ৰয়োজন আছে, ই কেনেকৈ কাম কৰে, সেয়া আমি বুজিব লাগিব, কলেষ্টেৰলক ভয় কৰাৰ কাৰণ নাই।"
ডাঃ চোপ্ৰাই ব্যাখ্যা কৰে যে মগজুৰ কাৰ্য্য, হৰম'ন উৎপাদন আৰু কোষৰ মেৰামতিৰ বাবে কলেষ্টেৰল অপৰিহাৰ্য। শৰীৰৰ আটাইতকৈ মোটা অংগ মগজু কোলেষ্টেৰলৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে যাতে ই তীক্ষ্ণ হৈ থাকে আৰু সঠিকভাৱে কাম কৰে। অৱশ্যে, তেওঁ এটা সমস্যাৰ কথা উল্লেখ কৰে যে যেতিয়া কোনো লোকে কলেষ্টেৰলৰ পৰিমাণ ১৯০ৰ ওপৰত দেখা পায়, তেতিয়া তেওঁ আতংকিত হৈ পৰে আৰু প্ৰায়েই কাৰনটো সম্পূৰ্ণকৈ বুজি নোপোৱাকৈ ষ্টেটিন ঔষধ (statin drugs) প্ৰদান কৰা হয়।
সাধাৰণতে "বেয়া" কলেষ্টেৰল বা এল ডি এলৰ মাত্ৰা হ্ৰাস কৰিবলৈ ষ্টেটিন ব্যৱহাৰ কৰা হয়। কিছুমান উচ্চ বিপদজনক ক্ষেত্ৰত এই দৰৱে সহায় কৰিব পাৰে যদিও ডাঃ চোপ্ৰাই উচ্চ কলেষ্টেৰলৰ মূল কাৰণ প্ৰদাহ (inflammation) আৰু দূৰ্বল জীৱনশৈলীৰ (poor lifestyle)ৰ বিষয়ে আলোচনা নকৰাকৈ দীৰ্ঘদিনৰ বাবে ষ্টেটিন ব্যৱহাৰৰ বিৰুদ্ধে সকীয়াই দিয়ে। তেওঁ ষ্টেটিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়েও উল্লেখ কৰে, যেনে-মগজুৰ কাৰ্য্যক্ষমতা হ্ৰাস পোৱা, স্মৃতিশক্তিৰ সমস্যা, পেশী ভাঙি যোৱা, ডিমেনচিয়াৰ প্ৰাৰম্ভিক লক্ষণ দেখা দিয়া আদি।
তেওঁ স্পষ্ট কৰি দিয়ে যে "মই কোৱা নাই যে ষ্টেটিন কেতিয়াও উপযোগী নহয়। গুৰুতৰ প্ৰদাহ (inflammation) বা উচ্চ বিপদৰ ক্ষেত্ৰত এইবোৰে হ্ৰস্বম্যাদী সহায় কৰিব পাৰে। কিন্তু বহুতে বছৰ বছৰ ধৰি সেইবোৰ ব্যৱহাৰ কৰি থাকে আৰু তেওঁলোকে কেতিয়াও ডক্টৰক নুসুধে যে তেওঁৰ শৰীৰত এতিয়াও ষ্টেটিনৰ প্ৰয়োজন আছে নেকি।”
প্ৰতিনিধিত্বমূলক ফটো
ডাঃ চোপ্ৰাই কলেষ্টেৰলক অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে তুলনা কৰি কয় যে যেতিয়া ৰক্তবাহী নলীত ক্ষতি বা প্ৰদাহ (damage or inflammation) হয়, তেতিয়া কলেষ্টেৰলে লৰালৰিকৈ সোমাই আহি সেই অংশটো ভাল কৰাত সহায় কৰে। কিন্তু যদি মানসিক চাপ বা অস্বাস্থ্যকৰ খাদ্যৰ বাবে ক্ষতি হৈ থাকে, তেন্তে শৰীৰত কলেষ্টেৰল জমা হ’বলৈ আৰম্ভ কৰে। তেওঁ কয়, ‘আমি কলেষ্টেৰলক দোষ দিওঁ, কিন্তু আমি আচল বিষয়টোক আওকাণ কৰোঁ, সেইটো হৈছে প্ৰদাহ (inflammation)।
ডাঃ চোপ্ৰাই মানুহক নিজৰ স্বাস্থ্যৰ দায়িত্ব ল’বলৈ, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন ভালদৰে বুজিবলৈ আৰু কলেষ্টেৰলক অন্ধভাৱে ভয় নকৰিবলৈ উৎসাহিত কৰে। তেওঁ কয়, “ডক্টৰক প্ৰশ্ন সোধক আৰু মনত ৰাখিব যে কলেষ্টেৰল হয়তো আপোনাৰ বাবে সমস্যা নহ'বও পাৰে। ই হয়তো আপোনাক সহায় কৰিবলৈ চেষ্টা কৰি আছে।"
উল্লেখ্য যে, কলেষ্টেৰল বা Cholesterol এক জৈৱ অণু। ই ষ্টেৰল (বা পৰিৱৰ্তিত ষ্টেৰইড) নামৰ একপ্ৰকাৰৰ চৰ্বি। সকলো প্ৰাণী কোষে কলেষ্টেৰল উৎপন্ন কৰে আৰু ই প্ৰাণীৰ কোষ আৱৰণীৰ এক অত্যাৱশ্যকীয় উপাদান।
প্ৰতিনিধিত্বমূলক ফটো
কলেষ্টেৰলে ষ্টেৰইড হৰম'ন, পিত্তৰস আৰু ভিটামিন ডিৰ জৈৱীয় উৎপাদনত পূৰ্বৰূপ হিচাপে ভাগ লয়। কলেষ্টেৰল সকলো প্ৰাণীয়ে উৎপন্ন কৰা মুখ্য ষ্টেৰল। মেৰুদণ্ডী প্ৰাণীৰ দেহত যকৃতৰ কোষে আটাইতকৈ বেছি কলেষ্টেৰল উৎপন্ন কৰে। প্ৰকোষকেন্দ্ৰীয় (বেক্টেৰিয়া আৰু আৰ্কিয়া) জীৱত ই অনুপস্থিত। মাইক'প্লাজমা বেক্টেৰিয়াই বৃদ্ধিৰ বাবে কলেষ্টেৰল ব্যৱহাৰ কৰাৰ দৰে দুই-এটা ব্যতিক্ৰমো দেখা যায়।
François Poulletier de la Salle নামৰ বিজ্ঞানীজনে ১৭৬৯ চনত প্ৰথমবাৰ পিত্ত পাথৰত কঠিন ৰূপৰ কলেষ্টেৰল আৱিষ্কাৰ কৰে। ইয়াৰ পাছত ১৮১৫ চনত Michel Eugène Chevreul নামৰ ৰসায়নবিদজনে যৌগবিধৰ নাম "cholesterine" ৰাখে।