আৱাজ দ্য ভইচ অসম ব্যুৰ'
মানৱজাতিৰ বাবে আটাইতকৈ সহজ আৰু কাৰ্যকৰী ব্যায়ামৰ এটা ৰূপ হৈছে খোজকঢ়া। এই ব্যায়ামৰ বাবে বিশেষ সা-সৰঞ্জাম বা ছেটআপৰ প্ৰয়োজন নাই। কেৱল এযোৰ আৰামদায়ক জোতা আৰু খোজকঢ়াৰ ইচ্ছা থাকিলেই এয়া সম্ভৱ হৈ উঠে। যিসকলে ফিটনেছ বা সামগ্ৰিক সুস্থতাৰ বাবে খোজকাঢ়ে, তেওঁলোকৰ বাবে ১০,০০০ খোজৰ অভ্যাস এক সোণালী মানদণ্ড হিচাপে বিবেচিত হয়।
কিন্তু আপুনি যদি মাত্ৰ ৩০ মিনিটত ১০ ,০০০ খোজৰ বা তাতকৈ অধিক খোজৰ লাভালাভ অৰ্জন কৰিব পাৰে, তেতিয়া কেনেকুৱা লাগিব ? হয়, আমি জানো যে ই এটা সপোনৰ দৰে লগা কথা। কিন্তু আপুনি যদি এটা নিৰ্দিষ্ট পদ্ধতিৰে খোজ কাঢ়ে, তেন্তে সেয়া সম্ভৱপৰ বুলি নিউয়ৰ্কস্থিত ইণ্টাৰনেল মেডিচিন আৰু এলাৰ্জি/ইমিউন'ল'জিৰ বিশেষজ্ঞ ডাঃ টানিয়া এলিঅ'টে দাবী কৰিছে।
খোজকঢ়াৰ উপকাৰিতাঃ
খোজকঢ়া হৈছে এটা সহজ, কম প্ৰভাৱযুক্ত শাৰীৰিক ক্ৰিয়া, যি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত লাভজনক। গৱেষণাৰ পৰা দেখা গৈছে যে খোজকাঢ়ি অভ্যাসে হাড় আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। ই ওজন নিয়ন্ত্ৰণত আৰু জীৱনশৈলীৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাতো কাৰ্যকৰী। খোজকাঢ়ি যোৱাৰ উপকাৰিতাসমূহ প্ৰথম মিনিটৰ পৰাই দেখিবলৈ পোৱা যায়।
প্ৰতিনিধিত্বমূলক ফটো
কেনেকৈ ৩০ মিনিটৰ খোজকঢ়াই ১০,০০০ ষ্টেপতকৈ অধিক উপকাৰী বিবেচিত হয়?
ডাঃ টানিয়া এলিঅ'টে ব্যাখ্যা কৰিছে যে ৩০ মিনিটৰ খোজকাঢ় অভ্যাসে ৩০,০০০ ষ্টেপ খোজকঢ়াতকৈও স্বাস্থ্যৰ বাবে অধিক উপকাৰী। "এই ৩০ মিনিটৰ খোজকঢ়াই ১০,০০০ ষ্টেপ লোৱাতকৈ অধিক কাৰ্যকৰী", ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত ডাঃ টানিয়া এলিঅ'টে কয়।
"জাপানৰ এক গৱেষণাত দেখা গৈছে যে সপ্তাহত কমেও চাৰি দিনৰ অন্তৰালত খোজ কঢ়া প্ৰশিক্ষণে (ইণ্টাৰভেল ৱাকিং ট্ৰেইনিং) এৰ'বিক ক্ষমতা, CO2 ম'ক্স, ভৰিৰ মাংসপেশীৰ শক্তি উন্নত কৰে আৰু ৰক্তচাপ যথেষ্ট পৰিমাণে হ্ৰাস কৰে।"-তেওঁ কয়।
ইণ্টাৰভেল ৱাকিং ট্ৰেইনিং কি?
ইণ্টাৰভেল ৱাকিং ট্ৰেইনিং (IWT)ক সাধাৰণতে জাপানী ইণ্টাৰভেল ৱাকিং বুলিও জনা যায়। ই হৈছে জাপানৰ মাটছুমোতোৰ শ্বিনছু বিশ্ববিদ্যালয় (Shinshu University)ৰ অধ্যাপক হিৰোছি ন'ছ আৰু সহযোগী অধ্যাপক শিজুৱে মাসুকিয়ে বিকশিত কৰা এক সুসংগঠিত খোজকঢ়া কৌশল। এই খোজকঢ়াৰ প্ৰণালীত দ্ৰুত আৰু ধীৰে ধীৰে খোজকাঢ়াৰ সুসংগঠিত অন্তৰাল জড়িত থাকে।
৩ মিনিটৰ উচ্চ তীব্ৰতাৰ পদযাত্ৰা (যি গতিত কথা কোৱাটো সম্ভৱ কিন্তু প্ৰত্যাহ্বানজনক) আৰু ৩ মিনিটৰ নিম্ন তীব্ৰতাৰ পদযাত্ৰা (য'ত কথোপকথন আৰামদায়ক হৈ থাকে)। এই ছয় মিনিটৰ চক্রটো সপ্তাহত চাৰিবাৰ অন্ততঃ ৩০ মিনিটৰ বাবে পুনৰাবৃত্তি কৰা হয়।
ইণ্টাৰভেল ৱাকিং ট্ৰেইনিং কৰিব বিচাৰে নেকি?
ইণ্টাৰভেল ৱাকিং ট্ৰেইনিং কৰিব বিচৰাসকলক ডাঃ এলিঅ'টে পৰামৰ্শ দিয়ে যে, "তিন মিনিটৰ দ্ৰুত গতিৰ খোজকঢ়া আৰু তিনি মিনিটৰ কম গতিৰ খোজকঢ়া অভ্যাস ৩০ মিনিটৰ বাবে পুনৰাবৃত্তি কৰক।" গতিকে, যদি আপুনি এই খোজকাঢ়াৰ কৌশলটোৰ প্ৰতি সঁচাকৈয়ে আগ্ৰহী, তেন্তে এই ৩টা সহজ পদক্ষেপ অনুসৰণ কৰিব পাৰে।
প্ৰতিনিধিত্বমূলক ফটো
প্ৰথমঃ ৩ মিনিটৰ বাবে brisk walking কৰক। দ্ৰুত গতিত (Brisk walking) খোজ কঢ়াৰ অৰ্থ হ'ল সাধাৰণ গতিতকৈ দ্ৰুত গতিত খোজ কঢ়া, যাৰ ফলত আপোনাৰ হৃদস্পন্দন বাঢ়ে আৰু আপুনি শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পায়, কিন্তু আপুনি কথোপকথন কৰি থাকিব পাৰে।
দ্বিতীয়ঃ ৩ মিনিট কম গতিত খোজকাঢ়ক (slower walking)।
তৃতীয়ঃ ৩০ মিনিটৰ বাবে ইয়াৰ পুনৰাবৃত্তি কৰক।