অপাৰেচন সেন্দুৰৰ পিছত ভাৰতৰ ১৫ খন চহৰত আক্ৰমণৰ চেষ্টা; ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ ৰাডাৰ ব্যৱস্থা

Story by  atv | Posted by  [email protected] • 4 h ago
ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ ৰাডাৰ ব্যৱস্থা
ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ ৰাডাৰ ব্যৱস্থা
 
নতুন দিল্লী
 
অপাৰেচন সেন্দুৰৰ পিছত পাকিস্তানে ভাৰতীয় সেনাৰ একাধিক চকী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু পাকিস্তানৰ এই পৰিকল্পনা বিফল হ’ল৷ ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ কেইবাঠাইতো ‘এয়াৰ ডিফেন্স ৰাডাৰ চিষ্টেম’ ধ্বংস কৰিছে। বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত এই কথা ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।
 
চৰকাৰী বিবৃতি অনুসৰি পাকিস্তানে বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে পুৱা ভাৰতৰ ১৫খন চহৰৰ সামৰিক সংস্থাপনত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইয়াৰ ভিতৰত শ্ৰীনগৰ, পাঠানকোট, অমৃতসৰ, লুধিয়ানা আৰু চণ্ডীগড় অন্যতম। কিন্তু পাকিস্তান সেনাৰ পৰিকল্পনা ব্যৰ্থ হয়। বৃহস্পতিবাৰে পুৱা ভাৰতীয় সেনাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পাকিস্তানৰ লাহোৰকে ধৰি কেইবাঠাইতো এয়াৰ ডিফেন্স ৰাডাৰ চিষ্টেম ধ্বংস হয়। ইয়াৰ বাবে ভাৰতে ‘ইণ্টিগ্ৰেটেড কাউণ্টাৰ ইউ এ এছ গ্ৰীড’ ব্যৱস্থা ব্যৱহাৰ কৰিছে।
 
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পাছত মঙলবাৰে নিশা ভাৰতে উগ্ৰপন্থীক প্ৰত্যুত্তৰ দিবলৈ ‘অপাৰেচন সেন্দুৰ’ আৰম্ভ কৰে। মাত্ৰ ২৫ মিনিটৰ অভিযানত ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰ আৰু মূল ভূখণ্ড পাকিস্তানৰ মুঠ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। ইয়াৰ ভিতৰত পাকিস্তানৰ মূল ভূখণ্ডৰ বাহাৱালপুৰৰ জৈছ-ই-মহম্মদৰ মূল ঘাটি আৰু মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ মূল ঘাটি। সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী মাছুদ আজহাৰৰ ভাতৃ, ভগ্নী আৰু ভতিজাকে ধৰি পৰিয়ালৰ দহজন সদস্য নিহত হয়। মুঠতে কমেও ১০০ জন উগ্ৰপন্থী নিহত হোৱাৰ খবৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৱগত কৰে।
 
ঘটনাৰ পিছতে বুধবাৰে নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতক সকীয়াই দিয়ে। তেওঁ কয় যে এই আক্ৰমণৰ বাবে ভাৰতে হিচাপ দিব লাগিব। ভাৰতীয় আকাশমাৰ্গত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ "আত্মৰক্ষাৰ অধিকাৰ" আছে বুলিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে। পাকিস্তানে নিজৰ পছন্দৰ সময়, স্থান আৰু পদ্ধতিত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ভাৰতে নিৰীহ পাকিস্তানী নাগৰিকক লক্ষ্য কৰি ‘নগ্ন আগ্ৰাসন’ সংঘটিত কৰা বুলিও দাবী কৰা হৈছিল। শ্বাহবাজে কয় যে, "পাকিস্তানৰ ওপৰত কৰা এই জঘন্য আক্ৰমণৰ বাবে ভাৰতক শাস্তি দিয়া হ'ব। ভাৰতে একপক্ষীয়ভাৱে আক্ৰমণ কৰিছে। প্ৰতিৰোধৰ অধিকাৰৰ লগত খাপ খুৱাই প্ৰতিশোধ লোৱাৰ প্ৰস্তুতি পাকিস্তানত চলি আছে।" প্ৰসংগক্ৰমে তাৰ পিছত ভাৰতক আক্ৰমণৰ পৰিকল্পনা কৰা হ’ল, যিটোও বিফল হ’ল।


শেহতীয়া খবৰ