পাকিস্তানৰ গুলীচালনাত শ্বহীদ দীনেশ কুমাৰ; আজি ৰাজ্যিক মৰ্যদাৰে হ’ব শেষকৃত্য

Story by  atv | Posted by  [email protected] • 4 h ago
শ্বহীদ দীনেশ কুমাৰ
শ্বহীদ দীনেশ কুমাৰ
 
নতুন দিল্লী
 
শত্ৰু দেশ পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰতে চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পিছত পাকিস্তানত আতংকৰ সৃষ্টি হোৱা স্পষ্টকৈ দেখা গৈছে। ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পাছৰে পৰা পাকিস্তানে ধাৰাবাহিকভাৱে গুলীচালনা অব্যাহত ৰাখে। জম্মু-কাশ্মীৰৰ বাৰামুল্লা ছেক্টৰত পাক সেনাৰ এই গুলীচালনাত হাৰিয়ানাৰ পালৱাল জিলাৰ জোৱান দীনেশ শৰ্মা শ্বহীদ হয়।
 
জানিব পৰা মতে, শ্বহীদ দিনেশ শৰ্মা বাৰামুল্লাত নিযুক্ত কৰা হৈছিল। পাকিস্তানৰ ফালৰ পৰা গুলীচালনা আৰম্ভ হোৱাৰ লগে লগে সতীৰ্থসহ দীনেশে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে। তেনে সময়তে পাকিস্তানৰ পৰা নিক্ষেপ কৰা এটা মৰ্টাৰ তেওঁলোকৰ ওচৰত পৰে আৰু মৰ্টাৰৰ বিস্ফোৰণৰ ফলত দীনেশ আৰু তেওঁৰ পাঁচজন সহযোগী জোৱান গুৰুতৰভাৱে আহত হয়। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসাৰ সময়তে দীনেশে শ্বহীদ হয়।
 
দীনেশ শৰ্মা পৰিয়ালক সেনাই বুধবাৰে পুৱা এই ঘটনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পাছত আজি অৰ্থাৎ বৃহস্পতিবাৰে তেওঁৰ মৃতদেহ জন্ম গাঁও পালৱাললৈ অনা হ’ব, য’ত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
 
দীনেশৰ পিতৃয়ে জনাইছিল যে তেওঁৰ পুত্ৰই ২০১৪ চনত ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰিছিল। যোৱা ১১ বছৰত দিনেশে দেশৰ বহু ঠাইত নিযুক্তি লাভ কৰিছিল। এইকেইদিন তেওঁ জম্মুৰ বাৰামুল্লা ছেক্টৰত নিযুক্ত হৈ আছিল। ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তানে অহৰহ যুদ্ধবিৰতি উলংঘা কৰি গুলীচালনা কৰি আহিছে। দীনেশে তেওঁৰ দলৰ সৈতে শত্ৰুক উপযুক্ত উত্তৰ দিবলৈ সন্মুখত থিয় হৈ আছিল।
 
দীনেশৰ শ্বহীদ হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে সমগ্ৰ গাঁৱতে শোকাকুল পৰিবেশৰ সৃষ্টি হয়। পুত্ৰ শ্বহীদ হোৱাৰ বাবে গাঁওবাসী আৰু পৰিয়ালৰ লোকে গৌৰৱ অনুভৱ কৰিছে যদিও সকলোৰে চকুৰ চকুলো আৰু হৃদয়ৰ যন্ত্ৰণা স্পষ্টকৈ দেখা গৈছে। পালৱাল জিলা প্ৰশাসনেও দীনেশৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতিৰ বিশেষ ব্যৱস্থা কৰিছে।


শেহতীয়া খবৰ